কিয় ওজন হ্ৰাস পাইছে উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ?

Share This Article

উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনৰ কথা হয়তো আপোনাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু শেহতীয়াকৈ কিম জং চৰ্চালৈ আহিছে তেঁওৰ স্বাস্থ্যৰ বাবে। কিমৰ কিছুমান ছবি আকৌ এবাৰ ভাইৰেল হৈ পৰিছে য’ত কিমক যথেষ্ট ক্ষীণ দেখা গৈছে। কিন্তু আচৰিত ধৰণে কিছুদিনৰ আগতেও কিমৰ ওজন বৃদ্ধি হোৱা খবৰটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছিল। অৱশ্যে এইবাৰ কিমক আগতকৈ অধিক ক্ষীণ দেখা গৈছে। আনকি জুলাই মাহত অনুষ্ঠিত কোৰিয়ান আৰ্মীৰ এক অনুষ্ঠানত তেঁওৰ কপালৰ পিছফালে এটা বেণ্ডেজ দেখা গৈছিল আৰু মূৰতো আঘাতৰ চিন স্পষ্ট আছিল। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কিম জং উনে ক’ভিড মহামাৰী আৰু বিধ্বস্ত অৰ্থনীতিৰ সৈতে যুঁজি থকা উত্তৰ কোৰিয়াৰ যুৱ স্বেচ্ছাসেৱকসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে কাম কৰি আছিল।
ইয়াহু নিউজ অষ্ট্ৰেলিয়াৰ সৈতে বাৰ্তালাপ কৰি ডিকিন বিশ্ববিদ্যালয়ৰ সন্ত্ৰাসবাদ বিৰোধী বিশেষজ্ঞ গ্ৰেগ বাৰ্টনে কয় যে কিম জং উনৰ ওজন সম্পৰ্কে বহুতো উৰাবাতৰি ওলাইছে আৰু জুলাই মাহত ভাইৰেল হোৱা ফটোবোৰে উৰাবাতৰি বিয়পোৱাত অধিক ইন্ধন যোগাইছে। অৱশ্যে ইয়াত কোনো দ্বিমত নাই যে ফটো কেইখৱত তেওঁক অসুস্থ যেন লাগিছে। কিন্তু বহুতে কিমৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। এই বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰৰ উদ্দেশ্য যিকোনো হ’ব পাৰে। কিম তেওঁৰ বৰ্ধিত ওজনক চিন্তিত আৰু তেওঁ ওজন হ্ৰাসৰ বাবে চেষ্টা কৰি আছে। কোৱা হৈছে যে চিগাৰেট আৰু মদৰ প্ৰতিও কিমৰ আসক্ত বৃদ্ধি পাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.