সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দর্ভত ভাৰতৰ স্থিতিক লৈ কিয় চর্চা হৈছে বিশ্বত?

আমেৰিকাকো জগৰ লব নোৱাৰে ভাৰতে৷ৰাছিয়াকো কৰিব নোৱাৰে বিৰোধিতা৷পৰিণতিত বিশ্বগুৰু আকৌ এবাৰ চর্চিত হৈছে বিশ্বত৷চর্চাৰ কাৰণ,ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দর্ভত ভাৰতে গ্ৰহন কৰা স্থিতি৷কিন্তু ৰাছিয়া-ইউক্ৰেইন সন্দর্ভত এনে কি স্থিতি গ্ৰহন কৰিলে ভাৰতে,কিয় এনে স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হল ভাৰত,যাৰ বাবে ভাৰতৰ স্থিতিক লৈ এতিয়া ব্যাপক আলোচনা চলিছে আন্তৰাষ্ট্ৰী পর্যায়ত?
সোমবাৰে ইউক্ৰেইনৰ দুই প্ৰদেশ,ক্ৰমে ডনেটস্ক আৰু লোহান স্বাধীন ঘোষনা কৰে ৰাছিয়াই৷২০১৪ চনৰ পৰাই ইউক্ৰেইনৰ এই দুই প্ৰদেশত অব্যাহত আছিল বিদ্ৰোহ৷ৰাছিয়া সমর্থিত বিদ্ৰোহীয়ে এই দুই প্ৰদেশ স্বাধীন বুলি ঘোষনা কৰি আহিছিল৷অৱশেষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ডনেটস্ক আৰু লোহাঞ্চ স্বাধীন ঘোষনা কৰে সোমাবাৰে৷তাৰপিছতেই বিশ্বজুৰি সৃষ্টি হৈছে অস্থিৰতা৷ক্ৰমশ আন এখন বিশ্বযুদ্ধৰ বাবে যেন সাজু হৈ উঠিছে দুই বলয়৷ৰাছিয়াৰ ঘোষনাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জৰুৰীভাবে আহ্বান কৰে বৈঠক৷কিন্তু সেই বৈঠকতে ভাৰতে দিয়া বক্তব্য এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে৷প্ৰথমেই জানো আহক,ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতক লৈ ৰাষ্ট্ৰসংঘত কি কৈছিল ভাৰতে৷
ৰাষ্ট্ৰ সংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টিএছ ত্ৰিমূর্তীয়ে ডাঙি ধৰে ভাৰতৰ স্থিতি৷ত্ৰিমূর্টীয়ে কয়,ইউক্ৰেইনৰ পূব সীমান্তৰ পৰিস্থিতি আৰু ৰাছিয়াৰ ঘোষনাৰ প্ৰতি লক্ষ্য ৰাখিছে ভাৰতে৷ক্ৰমবর্ধমান ইউক্ৰেইন-ৰাছিয়াৰ সংঘাত এটা অতি উদ্বেগৰ বিষয়৷এই ঘটনাই শান্তি আৰু নিৰাপত্তাত ব্যাঘাত জন্মাব৷সংঘাতৰ অন্ত পেলাই দীর্ঘস্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয়৷
উল্লেখনীয় যে পশ্চিমীয়া দেশ সমূহে এই সংঘাত সন্দর্ভত দায়ী কৰ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক৷কিন্তু ভাৰত বিৰত আছে সেই স্থিতিৰ পৰা৷ভাৰতে ৰাছিয়াক জগৰীয়া কৰা নাই অথবা ইউক্ৰেইনৰ সার্বভৌমত্বক লৈও প্ৰশ্ন উত্থাপন কৰা নাই৷আৰু সেইবাবেই এতিয়া চর্চাৰ বিষয় হৈ পৰিছে ভাৰতৰ স্থিতি৷

- Donation -

কিন্তু কিয় ভাৰতে অন্যান্য পশ্চিমীয়া দেশৰ বিপৰীতে গ্ৰহণ কৰিব লগা হল নিৰপেক্ষ স্থিতি?ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাত সন্দর্ভত স্থিতি গ্ৰহন কৰাত এক প্ৰকাৰে বিমোৰত পৰিছে ভাৰত চৰকাৰ৷২২ ফেব্ৰুৱাৰীত আমেৰিকাৰ আলোনী ফৰেইন এফেৱার্চত এই সন্দর্ভত প্ৰকাশ পাইছিল এক গুৰুত্বপূর্ণ প্ৰতিবেদন৷এই প্ৰতিবেদনত তুলি ধৰা হৈছিল ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী কুলেইবাই ৩ ফেব্ৰুৱাৰীতেই ভাৰতক জনোৱা এটা আহ্বানৰ কথা৷কিন্তু ভাৰতৰ প্ৰতি কি আহ্বান জনাইছিল ইউক্ৰেইনে৷ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে কৈছিল,ভাৰত বিশ্বৰ এখন গুৰুত্বপূর্ণ ৰাষ্ট্ৰ৷ভাৰতে যদি ৰাছিয়াৰ কার্যক সমর্থন নকৰো বুলি কয়,তেন্তে সেইয়া হব ইউক্ৰেনৰ সমর্থনত এটা শক্তিশালী বার্তা আৰু ই এটা গুৰুত্বপূর্ণ প্ৰভাব পেলাব৷ভাৰতৰ আমেৰিতাকৈ ৰাছিয়াৰ লগত সম্পর্ক ভাল৷তেনে এক প্ৰেক্ষাপটত ভাৰতে যদি ৰাছিয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰে,তেন্তে গনতন্ত্ৰৰ সমর্থনত ই এটা শক্তিশালী বার্তা হভ আৰু আমেৰিকাৰ লগতো ভাৰতৰ সম্পর্ক অধিক গাঢ় হব৷
সেইয়া আছিল ইউক্ৰেইনৰ আহ্বান৷কিন্তু ইউক্ৰেইনৰ প্ৰতি মুকলি সমর্থন প্ৰদান এতিয়া একেবাৰে সম্ভবপৰ নহয় ভাৰতৰ বাবে৷ফৰেইন এফেৱার্চত এই সন্দর্ভত বাখ্যা আগবঢ়াই কোৱা হৈছে,যে ভাৰত এতিয়া দোধোৰ মোধোৰত৷কাৰণ,ৰাছিয়াক সমালোচনা কৰিলেই ভাৰতে হেৰুৱাব লাগিব ৰাছিয়াৰ লগত থকা ঐতিহাসিক বন্ধুত্ব৷আনহতে ভাৰতে ইুক্ৰেইনক সমর্থন দিলে,ৰাছিয়া অতি ঘনিষ্ঠ হৈ পৰিব চীনৰ৷এই কথা কোৱাৰ প্ৰয়োজন নাই,যে বর্তমান সময়ত চীন,ভাৰতৰ বাবে এটা বৃহৎ শংকা৷
আনহাতে ভাৰতে যদি ৰাছিয়াক মুকলি সমর্থন জনাই,তেতিয়াও আমেৰিকাৰ সৈতে সম্পর্ক বেয়া হব ভাৰতৰ৷ভাৰতৰ আমেৰিকাৰ লগত ঘনিষ্ঠতা যদিও পুৰণা নহয়,সমান্তৰালভাবে ই অতি গুৰুত্বপূর্ণ৷একে সময়তে ভাৰতে এই বিষয়টোত একো স্থিতি প্ৰকাশ নকৰাকৈও থাকিব নোৱাৰে৷কাৰণ,এই মৌনতাই বিতুষ্ট কৰিব পাৰে ৰাছিয়া আৰু আমেৰিকাক৷
আমেৰিকান আলোচনী ফৰেইন এফেৱার্চৰ এই বিশ্লেষণ সন্দর্ভত দক্ষিণ আফ্ৰিকাৰ দ্য হেৰিট্যেজ ফাউণ্ডেচনৰ গৱেষক জেফ এম স্মিথে আগবঢ়াইছে মন্তব্য৷তেখেতে এটা টুইটত লিখিছে,এই বাখ্যাৰ যুক্তি আছে৷কিন্তু ইয়াত ভাৰতৰ শক্তি অতিৰিক্ত ভাবে বাখ্যা কৰা হৈছে৷ভাৰতে কেতিয়াও ৰাছিয়াক প্ৰভাবিত কৰিব নোৱাৰে৷অন্তত ইউক্ৰেইনৰ দৰে প্ৰসংগ এটাত পুটিনে কাৰোৰে কথা নুশুনে৷আন এটা টুইটত স্মিথে লিখিছে,ইউক্ৰেইনৰ ওফৰত যদি ৰাছিয়াৰ ৰক্তাক্ত সংঘর্ষৰ সূত্ৰপাত হয়,তেন্তে ৰাছিয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ ভাৰতৰ ওপৰত হেচা বাঢ়িব৷কিন্তু ভাৰতৰ শেহতীয়া স্থিতিয়ে পশ্চিমীয়া দেশসমূহৰ লগত ভাৰতৰ সম্পর্ক বেয়া নকৰে৷কাৰণ,ভাৰতে ইয়াৰ বক্তব্যত কূটনৈতিক বুজাপৰাৰ কথাৰে সামৰিক আক্ৰমণ সমর্থন নকৰো বুলি প্ৰতিপন্ন কৰিছে৷
ৰাছিয়া ইউক্ৰেইন সংঘাত আৰু ভাৰতৰ স্থিতি সন্দর্ভত আন এক বিশ্লেষন আগবঢ়াইছে জেষ্ঠ্য বৈদেশিক নীতি বিশেষজ্ঞ তানভি মদনে৷তানভি মদনৰ বক্তব্য,ৰাছিয়াৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰি ভাৰতে সামৰিক পযুক্তিৰ ক্ষেত্ৰত সহায় লাভ কৰিব পাৰে৷আনহাতে চীনৰ ক্ষেত্ৰত ৰাছিয়া ভাৰতৰ বিপক্ষে গৈ ভাৰতক বিপদত পেলাব পাৰে৷ভাৰতৰ প্ৰায় ৫০ ৰ পৰা ৮০ শতাংশ সামৰিক অস্ত্ৰ শস্ত্ৰ ৰাছিয়াত নির্মাণ হয়৷এই সময় ভাৰতৰ বাবে কোনো কাৰনতেই সুস্থিৰ নহয়৷চীন ভাৰতৰ সংঘাত এতিয়াও শাম কটা নাই৷এই সময়ত ৰাছিয়াৰ সামৰিক অস্ত্ৰ সহযোগিতা অতি প্ৰয়োজন ভাৰতৰ বাবে৷তানভি মদনে এই কথাও কয়,যে যেতিয়া পুটিনে অপমানিত অনুভব কৰে,তেতিয়া পুটিনৰ মুখামুখী হোৱাটো দুৰুহ কাম৷
এনে এক দোধোৰ মোধোৰ পৰিস্থিতিত ৰাছিয়া ইউক্ৰেইনৰ সংঘাত সন্দর্ভত নিৰপেক্ষতা অৱলম্বন কৰিব লগীয়া হৈছে ভাৰতে৷আমেৰিকাক সুখী কৰি ৰাছিয়াৰ বিৰোধিতা কৰিব পৰা অৱস্থাত নাই ভাৰত৷আনফালে ৰাছিয়াক সমর্থন কৰি আমেৰিকাৰ লগতে পশ্চিমীয়া দেশৰ লগতো সম্পর্কৰ বিচ্ছেদ ঘটাব নোৱাৰে ভাৰতে৷সমান্তৰালভাবে বাইডেন আৰু পুটিনক ক্ষুন্ন কৰি মৌনতাও অবলম্বন কৰিব পৰা নাই ভাৰতে৷এনে পৰিস্থিতিত এতিয়া নিৰপেক্ষ আৰু শান্তিকামী স্থিতি প্ৰকাশৰ বাহিৰে গত্যন্তৰ নাই ভাৰতৰ৷যাৰবাবে বিশ্বগুৰুৰ দেশৰ স্থিতি এতিয়া চর্চাৰ বিষয় হৈ পৰিছে বিশ্বজুৰি৷

Leave A Reply

Your email address will not be published.