সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিহাৰতো পতন ঘটিব নেকি এন ডি এ চৰকাৰৰ?

অপেক্ষা ১০ মাৰ্চলৈ ৷ ১০ মাৰ্চত ঘোষণা হ’ব উত্তৰ প্ৰদেশসহ দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ উত্তৰ প্ৰদেশত যদিহে বিজেপি ক্ষমতাচ্যুত হয় , তেনেহ’লে নিশাটোৰ ভিতৰতে সলনি হৈ যাব পাৰে দেশৰ সকলো ৰাজনৈতিক সমীকৰণ ৷ এন ডি এৰ পুৰণি সহযোগী নীতিশ কুমাৰ আৰু প্ৰশান্ত কিশোৰৰ শেহতীয়া বৈঠকে এই সম্ভাৱনা অতি প্ৰবল কৰি তুলিছে ৷ সমান্তৰালভাৱে আৰম্ভ হৈছে বিৰোধী মুখ্যমন্ত্ৰীসকলৰ এক নতুন কুচকাৱাজ ৷

- Donation -

১০ মাৰ্চ , হয় ১০ মাৰ্চৰ ওপৰত নিবদ্ধ হৈ আছে সকলো ৰাজনৈতিক শিবিৰৰ দৃষ্টি ৷ সিদিনাই ঘোষণা হ’ব উত্তৰ প্ৰদেশসহ দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ যদিহে কেনেবাকৈ উত্তৰ প্ৰদেশত বিজেপি পৰাজিত হয় , তেনেহ’লে নিশাটোৰ ভিতৰতে দেশৰ ৰাজনীতি সলনি হৈ যাব পাৰে ৷ দিল্লীৰ ক্ষমতাৰ অলিন্দত এনেবোৰ কথাই এতিয়া সৰ্বাধিক চৰ্চিত হৈছে ৷ এই সন্দৰ্ভত আজি দেশৰ প্ৰায়বোৰ আগশাৰীৰ কাকতত বিস্তাৰিত বাতৰি প্ৰকাশ পাইছে ৷ দ্য হিন্দুত প্ৰকাশিত বাতৰি অনুসৰি , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাষ্ট্ৰপতি পদত বহুওৱাৰ বাবে জোৰদাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ সেই অনুসৰিয়ে প্ৰশান্ত কিশোৰে ৰাজনীতিৰ পথাৰত নিজৰ ফিল্ডিঙ সজোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷ বাতৰি অনুসৰি , যোৱা ২১ ফেব্ৰুৱাৰীত দিল্লীত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰশান্ত কিশোৰৰ মাজত এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হৈ যায় ৷ দুয়োয়ে যদিও এই বৈঠকক শিষ্টাচাৰমূলক সাক্ষাৎ বুলি অভিহিত কৰিছে তাৰ পাছতো নীতিশ কুমাৰ – প্ৰশান্ত কিশোৰৰ বৈঠকক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে ৷ কাৰণ এই মাহতেই হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু প্ৰশান্ত কিশোৰৰ মাজত আন এখন গুৰুত্বপূৰ্ন বৈঠক অনুষ্ঠিত হৈছিল ৷ তাৰ পাছতেই হায়দৰাবাদৰ বৈঠকত বহিছিল আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আৰু কে চন্দ্ৰশেখৰ ৰাও ৷ ইয়াৰ বাহিৰেও কে চন্দ্ৰশেখৰ ৰাৱে উৰা মাৰিছিল মুম্বাইলৈ ৷ তাত তেও সাক্ষাৎ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক ৷ এনে কেবালানি বৈঠকৰ পাছত পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰৰাৱে সমভাৱাপন্ন দলসমূহক একত্ৰিত কৰাৰ চেষ্টা আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয় বিচাৰি কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰিছিল কে চন্দ্ৰশেখৰ ৰাৱে৷ এইদৰেই তেও কংগ্ৰেছৰো আস্থাভাজন হ’বলৈ চেষ্টা চলাইছে ৷ ইয়াৰ পাছতে প্ৰশ্ন উত্থাপণ হ’বলৈ ধৰে যে প্ৰশান্ত কিশোৰ আৰু কে চন্দ্ৰশেখৰ ৰাৱৰ শেহতীয়া তৎপৰতাৰ আচল উদ্দেশ্য কি ?
খবৰ ওলাইছে যে অহা জুলাই বা আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ তৰফৰ পৰা এন ডি এৰ সহযোগী মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ চেষ্টা চলাইছে ৷ দ্য হিন্দুৰ বাতৰি মতেই আৰ জে ডিয়ে যদি বিৰোধীৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰূপে নীতিশ কুমাৰক সমৰ্থন কৰে তেনেহ’লে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদত বহুৱাব লাগিব ৷ ইয়াৰ বাবে প্ৰথমতে নীতিশ কুমাৰে প্ৰথমতে বিজেপিৰ লগত মিত্ৰতা ছেদ কৰিব লাগিব আৰু এন ডি এৰ পৰা ওলাই আহিব লাগিব ৷ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে ইলেক্ট’ৰেল ভোটৰ জড়িয়তে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে ৷ বৰ্তমান বিৰোধীৰ ওচৰত ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব পৰাকৈ সংখ্যাৰ ক্ষমতা আছে ৷ কিন্তু ইয়াৰ বাবে বিৰোধী একজোঁট হ’ব লাগিব ৷ সেইবাবেই এন ডি এত এক ডাঙৰ আঘাত হানি নীতিশ কুমাৰক বিৰোধীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ কুচকাৱাজ আৰম্ভ হৈছে ৷ কিন্তু সকলো চৰ্চা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে ৷ যদিহে ১০ মাৰ্চত উত্তৰ প্ৰদেশত ক্ষমতাৰ পৰিৱৰ্তন সম্ভৱ হয় , তেনেহ’লে বিহাৰতো এন ডি এ চৰকাৰৰ পতন সম্ভৱ হৈ উঠিব পাৰে ৷ সেয়ে এতিয়া অপেক্ষা কেৱল ১০ মাৰ্চলৈ ৷

Leave A Reply

Your email address will not be published.