বিহাৰতো পতন ঘটিব নেকি এন ডি এ চৰকাৰৰ?

Share This Article

অপেক্ষা ১০ মাৰ্চলৈ ৷ ১০ মাৰ্চত ঘোষণা হ’ব উত্তৰ প্ৰদেশসহ দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ উত্তৰ প্ৰদেশত যদিহে বিজেপি ক্ষমতাচ্যুত হয় , তেনেহ’লে নিশাটোৰ ভিতৰতে সলনি হৈ যাব পাৰে দেশৰ সকলো ৰাজনৈতিক সমীকৰণ ৷ এন ডি এৰ পুৰণি সহযোগী নীতিশ কুমাৰ আৰু প্ৰশান্ত কিশোৰৰ শেহতীয়া বৈঠকে এই সম্ভাৱনা অতি প্ৰবল কৰি তুলিছে ৷ সমান্তৰালভাৱে আৰম্ভ হৈছে বিৰোধী মুখ্যমন্ত্ৰীসকলৰ এক নতুন কুচকাৱাজ ৷

১০ মাৰ্চ , হয় ১০ মাৰ্চৰ ওপৰত নিবদ্ধ হৈ আছে সকলো ৰাজনৈতিক শিবিৰৰ দৃষ্টি ৷ সিদিনাই ঘোষণা হ’ব উত্তৰ প্ৰদেশসহ দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ যদিহে কেনেবাকৈ উত্তৰ প্ৰদেশত বিজেপি পৰাজিত হয় , তেনেহ’লে নিশাটোৰ ভিতৰতে দেশৰ ৰাজনীতি সলনি হৈ যাব পাৰে ৷ দিল্লীৰ ক্ষমতাৰ অলিন্দত এনেবোৰ কথাই এতিয়া সৰ্বাধিক চৰ্চিত হৈছে ৷ এই সন্দৰ্ভত আজি দেশৰ প্ৰায়বোৰ আগশাৰীৰ কাকতত বিস্তাৰিত বাতৰি প্ৰকাশ পাইছে ৷ দ্য হিন্দুত প্ৰকাশিত বাতৰি অনুসৰি , নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰ আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাষ্ট্ৰপতি পদত বহুওৱাৰ বাবে জোৰদাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ সেই অনুসৰিয়ে প্ৰশান্ত কিশোৰে ৰাজনীতিৰ পথাৰত নিজৰ ফিল্ডিঙ সজোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৷ বাতৰি অনুসৰি , যোৱা ২১ ফেব্ৰুৱাৰীত দিল্লীত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু প্ৰশান্ত কিশোৰৰ মাজত এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হৈ যায় ৷ দুয়োয়ে যদিও এই বৈঠকক শিষ্টাচাৰমূলক সাক্ষাৎ বুলি অভিহিত কৰিছে তাৰ পাছতো নীতিশ কুমাৰ – প্ৰশান্ত কিশোৰৰ বৈঠকক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে ৷ কাৰণ এই মাহতেই হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু প্ৰশান্ত কিশোৰৰ মাজত আন এখন গুৰুত্বপূৰ্ন বৈঠক অনুষ্ঠিত হৈছিল ৷ তাৰ পাছতেই হায়দৰাবাদৰ বৈঠকত বহিছিল আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আৰু কে চন্দ্ৰশেখৰ ৰাও ৷ ইয়াৰ বাহিৰেও কে চন্দ্ৰশেখৰ ৰাৱে উৰা মাৰিছিল মুম্বাইলৈ ৷ তাত তেও সাক্ষাৎ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক ৷ এনে কেবালানি বৈঠকৰ পাছত পৰ্যবেক্ষকসকলে ধাৰণা কৰিছে যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰৰাৱে সমভাৱাপন্ন দলসমূহক একত্ৰিত কৰাৰ চেষ্টা আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয় বিচাৰি কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰিছিল কে চন্দ্ৰশেখৰ ৰাৱে৷ এইদৰেই তেও কংগ্ৰেছৰো আস্থাভাজন হ’বলৈ চেষ্টা চলাইছে ৷ ইয়াৰ পাছতে প্ৰশ্ন উত্থাপণ হ’বলৈ ধৰে যে প্ৰশান্ত কিশোৰ আৰু কে চন্দ্ৰশেখৰ ৰাৱৰ শেহতীয়া তৎপৰতাৰ আচল উদ্দেশ্য কি ?
খবৰ ওলাইছে যে অহা জুলাই বা আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ তৰফৰ পৰা এন ডি এৰ সহযোগী মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ চেষ্টা চলাইছে ৷ দ্য হিন্দুৰ বাতৰি মতেই আৰ জে ডিয়ে যদি বিৰোধীৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰূপে নীতিশ কুমাৰক সমৰ্থন কৰে তেনেহ’লে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদত বহুৱাব লাগিব ৷ ইয়াৰ বাবে প্ৰথমতে নীতিশ কুমাৰে প্ৰথমতে বিজেপিৰ লগত মিত্ৰতা ছেদ কৰিব লাগিব আৰু এন ডি এৰ পৰা ওলাই আহিব লাগিব ৷ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে ইলেক্ট’ৰেল ভোটৰ জড়িয়তে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে ৷ বৰ্তমান বিৰোধীৰ ওচৰত ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব পৰাকৈ সংখ্যাৰ ক্ষমতা আছে ৷ কিন্তু ইয়াৰ বাবে বিৰোধী একজোঁট হ’ব লাগিব ৷ সেইবাবেই এন ডি এত এক ডাঙৰ আঘাত হানি নীতিশ কুমাৰক বিৰোধীৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ কুচকাৱাজ আৰম্ভ হৈছে ৷ কিন্তু সকলো চৰ্চা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে ৷ যদিহে ১০ মাৰ্চত উত্তৰ প্ৰদেশত ক্ষমতাৰ পৰিৱৰ্তন সম্ভৱ হয় , তেনেহ’লে বিহাৰতো এন ডি এ চৰকাৰৰ পতন সম্ভৱ হৈ উঠিব পাৰে ৷ সেয়ে এতিয়া অপেক্ষা কেৱল ১০ মাৰ্চলৈ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.