প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাব ২০ টকা পৰ্যন্ত মূল্য

Share This Article

দেশত মূল্যবৃদ্ধিৰ এক ধুমুহা আহিবলৈ গৈ আছে।ইয়াৰ বাবে সকলো সাজু হ’বৰ হ’ল।পেট্ৰল,ডিজেল,ৰন্ধন গেছ,বিজুলী সকলোতে ভয়ানকভাবে বৃদ্ধি পাব মূল্য।প্ৰতি লিটাৰ পেট্ৰ’ল,ডিজেলত ২০ টকা পৰ্যন্ত মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আহি পৰিছে।কিন্তু ইয়াৰ বাবে চৰকাৰৰ ওচৰত কোনো পৰিকল্পনা নাই।ই উচ্চ মধ্য নিম্ন সকলো বৰ্গৰ লোকৰ ওপৰতে প্ৰভাৱ পেলাব।আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯৭ ডলাৰ হৈছে।ই অতি সোনকালেই ১০০ ডলাৰ অতিক্ৰম কৰাৰ আশংকা কৰা হৈছে।ফলত পেট্ৰল,ডিজেলৰ পৰা লো-এলুমিনিয়ামৰলৈকে সামগ্ৰীৰ দ্ৰুত মূল্যবৃদ্ধিৰ আশংকা ক্ৰমাৎ তীব্ৰ হৈ পৰিছে।যেতিয়া আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম আছিল তেতিয়া ভাৰতৰ মানুহে তাৰ সুবিধা ভোগ কৰিবলৈ পোৱা নাছিল।ভাৰতত তেতিয়াও পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অত্যাধিক দাম ভৰি ক্ৰয় কৰিব লগা হৈছিল।এতিয়া যেতিয়া আন্তৰাষ্ট্ৰীয় বজাৰতেই ইয়াৰ মূল্য অকাশলঙঘী হৈ পৰিছে তাৰ কু প্ৰভাৱ ভাৰতৰ মামূহে ভোগ কৰাটো নিশ্চিত।৭ মাৰ্চত উত্তৰপ্ৰদেশকে ধৰি পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই ২০ টকা পৰ্যন্ত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত মূল্য বৃদ্ধি ঘটাব তৈল প্ৰতিষ্ঠানসমূহে।ফলত প্ৰতিটো সামগ্ৰীৰ ভয়াবহ মূল্য বৃদ্ধি হব।মনকৰিবলগীয়া যে যোৱা তিনিমাহ ধৰি দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ঘটোৱা নাই তেল বিপনন প্রতিষ্ঠানসমূহে।আনকি এই সময়খিনিত আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ পাছতো ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ঘটোৱা নাই।ইয়াৰ একমাত্ৰ কাৰণ আছিল উত্তৰ প্ৰদেশকে ধৰি পাঁচ ৰাজ্যত অনুষ্ঠিত হৈ থকা বিধানসভা নিৰ্বাচন।পূৰ্বে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত এক ডলাৰ বৃদ্ধি পালেই ভাৰতত প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য ৫০ ৰ পৰা ৬০ পইচা বৃদ্ধি ঘটোৱা হয়।এনেস্থলত একমাত্ৰ নিৰ্বাচনৰ স্বাৰ্থতেই আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ পিছতো ভাৰতত ইয়াৰ মূল্য বৃদ্ধি ঘটোৱা হোৱা নাই।আনহাতে ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতৰ ফলত কেৱল খাৰুৱা তেলৰ মূল্যই নহয়,প্ৰাকৃতিক গেছৰ মূল্যতো প্ৰতিকূল প্ৰভাৱ পেলাব।বিশ্বৰ ১৭ শতাংশ প্ৰাকৃতিক গেছ উৎপাদন কৰি আহিছে ৰাছিয়াই।বিশ্ব বজাৰত প্ৰাকৃতিক গেছৰ নাটনিৰ ফলত প্ৰতি কিলোঁ ৰন্ধন গেছ আৰু চি এন জিৰ মূল্য ১০ টকাৰ পৰা ১৫ টকা পৰ্যন্ত বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে।ফলত ভাত ৰন্ধাটোও এতিয়া হৈ পৰিব ব্যয়বহুল।কিন্তু চৰকাৰৰ ওচৰত আহিবলগীয়া এই ভয়ানক পৰিস্থিতি সম্পৰ্কত কি পৰিকল্পনা আছে?দেশত বৰ্তমানেও প্ৰতিলিটাৰ মিটাতেলৰ দাম আঢ়ৈশৰ পৰা তিনিশ টকা।ঠিক তেনেকৈ প্ৰতিটো সামগ্ৰীৰ মূল্যই বব্যবহুল।এবাৰ মূল্য বৃদ্ধি হোৱাৰ পিছত বৃদ্ধি হোৱাৰ দৰে কেতিয়াও সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই চৰকাৰক।চৰকাৰৰ ওচৰত এই প্ৰশ্নবিলাকৰ কোনো উত্তৰ নাই।মূল্যবৃদ্ধি,নিবনুৱা সমস্যা,কৃষকৰ আত্মহত্যা আদি প্ৰশ্নবিলাকৰ সন্দৰ্ভত কোনো উত্তৰ নাই।সংসদৰ মজিয়াত খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই ২০১৮ চনৰ পৰা ২০২০ বৰ্ষলৈ দেশত ১৭ হাজাৰৰো অধিক কৃষকে আত্মহননৰ পথ বাছি লৈছে। বিস্তৃত তথ্য মতে, দেশত ২০১৮ বৰ্ষত ৫,৭৬৩, ২০১৯ বৰ্ষত ৫,৯৫৭ আৰু ২০২০ বৰ্ষত ৫,৫৭১গৰাকী কৃষকে আত্মহত্যা কৰিছে।ইফালে কেৱল বিগত ২০২০ বৰ্ষতেই কৰনা মহামাৰীৰ বিভীষিকা আৰু লকভাউনৰ চৰম দুর্যোগত উপার্জন হেৰুৱাই পেলোৱা পৰিস্থিতিৰ সময়ত দেশজুৰি ৮,৭৬১জন লোকে আত্মহননৰ পথ বাছি লৈছে।শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ দপত্তৰৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে যোৱা ৯ ফেব্ৰুৱাৰীত ৰাজ্য সভাত প্ৰকাশ কৰা এই তথ্যই ভাৰতৰ অৰ্থনীতিৰ ভয়ানক ছবিখনকেই উন্মোচিত কৰিছে।অসমতো ৬১ মাহে দৰমহা নাপাই দৈনিক দীনতা আৰু অমানবিক যন্ত্ৰণাৰ জীৱন কটাই নগাঁও আৰু কাছাৰ কাগজ কলৰ এশ জন শ্ৰমিকৰ অকাল মৃত্যু হল।আৰু তাৰমাজতে খবৰ আহিল যে যোৱা চাৰি বছৰত কাগজকল দুটাৰ নামত মোকোলাই দিয়া ৪,১৪১ কোটি টকা আত্মস্যাৎৰ বাতৰি।কিন্তু চৰকাৰৰ ওচৰত ইয়াৰ কোনো উত্তৰ নাই,নাই কোনো পৰিকল্পনাও।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.