সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৮৫শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত খৰছ কৰিবলগীয়া হৈছিল নিজা ধন…

দেশৰ এটা স্বেচ্ছাসেৱী সংগঠন ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্ছ একশ্যন নেটৱৰ্কৰ মতে দেশৰ ৮৫শতাংশ শ্ৰমিকে স্ব-ৰাজ্যলৈ ঘুৰি যোৱাৰ বাবদ নিজা ধন খৰছ কৰিব লগা হৈছে। ২৮ মেত ছুপ্ৰীম কৰ্টে প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰৰ ধনেৰে ঘুৰাই অনাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছিল।এক সংবাদমাধ্যমত প্ৰকাশিত অনুসৰি, ‘Two Leave and Not to Leave: Lockdown, Migrant Workers and Their Journey Home’ নামৰ এটা ছাৰ্ভে ৰিপ’ৰ্ট প্ৰকাশ হৈছে। সেই ছাৰ্ভে মে’ মাহৰ শেষৰ সপ্তাহ আৰু জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত কৰা হৈছিল। ১৯৬৩গৰাকী শ্ৰমিকৰ এটা ৰিপ’ৰ্ট দিছে স্বেচ্ছাসেৱী সংগঠনটোৱে। তাৰে প্ৰায় ৩৫শতাংশ শ্ৰমিকহে ঘৰলৈ উভতি যোৱাত সফল হৈছিল। কিন্তু ৬৭শতাংশই বিফল হৈছিল এইক্ষেত্ৰত। ছাৰ্ভে ৰিপ’ৰ্টত তেওঁলোকে উল্লেখ কৰিছে যে ৮৫শতাংশ শ্ৰমিকে নিজা ধন খৰছ কৰি ঘৰলৈ উভতি যাবলগীয়া হৈছে। ৬২শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত ১৫শ টকাতকৈ অধিক ধন খৰছ কৰিবলগীয়া হৈছে। সংগঠনটোৰ এগৰাকী অধিকাৰীয়ে কয় যে শ্ৰমিকসকল কেৱল মহামাৰীৰ ভয়ত বা পৰিয়ালৰ সৈতে একেলগে দিন কটোৱাৰ ইচ্ছাৰ বাবে ঘৰলৈ উভতা নাই। বৰঞ্চ নগৰ-চহৰসমূহত কৰ্মৰত শ্ৰমিকসকলৰ কাম-কাজ বন্ধ হৈ নিবনুৱা হোৱাৰ ফলতহে ঘৰলৈ উভতিছে। ৰিপ’ৰ্টত উল্লেখ কৰা মতে ৪৪শতাংশ শ্ৰমিকে ঘৰলৈ উভতাৰ চেষ্টা কৰিছিল। তাৰে ৩৯শতাংশ শ্ৰমিক চৰকাৰে ব্যৱস্থা কৰা শ্ৰমিক ৰে’লৰ সুবিধা লাভ কৰিছিল। ১১শতাংশ শ্ৰমিক ট্ৰাক-লৰীৰে উভতাৰ বিপৰীতে ৬শতাংশ লোক খোজেৰেই উভতিছিল। আনহাতে চহৰত আৱদ্ধ হৈ থকা ৫৫শতাংশ শ্ৰমিকে তত্কালীনভাৱে ঘৰলৈ উভতাৰ চেষ্টা কৰিছিল। ৫,৯১১গৰাকী শ্ৰমিকৰ এটা পৰিসংখ্যাৰ ভিতৰত ৮২৫গৰাকী শ্ৰমিকে ১৫ মে’ৰ পৰা ১জুনলৈকে ডিছট্ৰেছ ফোনকল কৰিছিল। ইয়াৰোপৰি ছাৰ্ভেত উল্লেখ থকামতে ৮০শতাংশ লোকে চৰকাৰে ব্যৱস্থা কৰা বিনামূলীয়া ৰেছন লাভ কৰা নাছিল। ৬৩শতাংশ লোকৰ হাতত ১০০টকাতকৈ কম আছিল। ৫৭শতাংশ লোকে এছঅএছ পদ্ধতিৰে ফোন কল কৰি কৈছিল কেইবাদিনৰ পৰা অনাহাৰেই থকাৰ কথা।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.