সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পতঞ্জলীৰ ঔষধ খালে ভাল হ’ব ক’ৰোনাঃ দাবী বালকৃষ্ণৰ

ক’ৰোনা ভাইৰাছে ত্ৰস্ত কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে বিজ্ঞানীমহল। কিন্তু প্ৰতিষেধকৰ এই যুদ্ধখনৰ মাজতেই সৃষ্টি হৈছে বহু বিতৰ্কৰো। দেশৰ আয়ুৰ্বেদিক দ্ৰব্য প্ৰস্তুতকাৰী সংস্থা পতঞ্জলীৰ CEO আচাৰ্য বালকৃষ্ণৰ দাবী- পতঞ্জলীয়ে প্ৰস্তুত কৰা ঔষধ ব্যৱহাৰ কৰিলে ৫দিনৰ পৰা ১৪দিনৰ ভিতৰত সুস্থ হৈ উঠিব ৰোগী। বালকৃষ্ণ‌ই দেশৰ সংবাদ প্ৰতিষ্ঠান ANIৰ আগত কোৱা অনুসৰি- ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ মাজতেই এদল বিজ্ঞানীৰ দ্বাৰা গৱেষণা চলাইছিল। কোনবোৰ যৌগ‌ই ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিব পাৰি সেয়া প্ৰথমে চিনাক্ত কৰা হৈছিল। তাৰপিছতেই বহু ক’ৰোনা ৰোগীক সেইসমূহ যৌগৰে প্ৰস্তুত কৰা ঔষধ ক্লিনিকেল ট্ৰায়েল কৰা হয় আৰু এই পৰীক্ষণত তেওঁলোক ১০০শতাংশ‌ই সফল হৈছে বুলি জনাইছে আচাৰ্য বালকৃষ্ণ‌ই। লগতে তেওঁ কয় যে ক’ৰোনা ৰোগীক এই ঔষধৰ দ্বাৰা কৰা পৰীক্ষণৰ পিছত আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু ৫-১৪দিনৰ ভিতৰত ৰোগীৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে। পতঞ্জলীৰ CEOৰ দাবী আয়ুৰ্বেদিক ঔষধেৰ দ্বাৰা সুস্থ হ’ব ক’ৰোনা ৰোগী। এই সন্দৰ্ভত কৰা পৰীক্ষণৰ পৰিসংখ্যাৰ তথ্য-প্ৰমাণ অতি সোনকালেই প্ৰকাশ কৰিব বালকৃষ্ণ‌ই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.