অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Share This Article

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ পাথৰ। পেটৰ বিষ হোৱাত জিএমচিএইচত দেওবাৰে পৰীক্ষা কৰাৰ পিছতেই এই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কিডনী(যকৃত্)ত ষ্ট’ন ধৰা পৰে। মন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি, তেওঁ যথেষ্ট পেটৰ বিষত ভুগিছিল। তাৰপিছতে তেওঁ চিকিত্সালয়ত ভৰ্তি হয় আৰু চিকিত্সকে আল্ট্ৰাছ’ন’গ্ৰাফীৰ জৰিয়তে পৰীক্ষা কৰাৰ পিছত ৩.৭৬mm ষ্ট’নটোৰ কথা জনায়। পেটবিষৰ পৰা উপশম পাবলৈ মন্ত্ৰীগৰাকীক ছেলাইন আৰু ইনজেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছে চিকিত্সালয় কৰ্তৃপক্ষই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.