য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী

য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী

Share with

“অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। “

জিতাদিত্য নাৰ্জাৰী

ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি “বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ” বুলি ভাবি ব্রেকফাষ্ট কৰি ওলাই আহিলো। আমি তিনিজন আৰু আমাৰ লগত আছে এজন ড্ৰাইভাৰ। আচলতে শীতকাল য়ুমথাং ভেলী (Yumthang Valley) চোৱাৰ ঠিক সময় নহয়। উত্তৰ চিকিম জিলাৰ (North Sikkim District) তিব্বতৰ সীমাৰ কাষৰ এই উপত্যকাখন বসন্ত কালত বনৰীয়া ফুলেৰে ভৰি পৰে কিন্তু জানুৱাৰীত বৰফৰ বাহিৰে একো আশা কৰিব নোৱাৰি। তথাপি, আহিছোঁ যেতিয়া নচোৱাকৈ যোৱাটো দুখৰ কথা হব। গতিকে ড্ৰাইভাৰ জনক আগবাঢ়ি যাবলৈ কলোঁ। আগৰাতি আমি আহি পাওঁতে বৰফ পৰি আছিল। কিন্তু ৰাতিপুৱা বতৰ ভাল থকাত আমি ৰিস্ক লৈ চাও বুলি সৰ্বসন্মিক্ৰমে ঠিক কৰিলো।

 

আমি লাহে লাহে হোটেলৰ পৰা য়ুমথাং অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আমি প্ৰায় ২৭০০ মিটাৰৰ পৰা ৩৫০০ মিটাৰ উচ্চতালৈ যাব লাগিব। ইতিমধ্যে ৰদ ওলাই আকাশখন পৰিষ্কাৰ হৈ  তুষাৰাবৃত শৃংগবোৰ জিলিকি উঠিছে।  ৰাস্তাৰ দুয়োফালে জাৰকালিৰ উকা পথাৰ আৰু মাজত গাড়ীৰ হৰ্ণ শুনিও গুৰুত্ব নিদিয়া য়াকবোৰ।

 

আমি কেবাঠাইতো ৰৈ ফটো তুলিলো আৰু এঘণ্টামান পিছত শিংবা ৰডোডেনড্রন ছেংছোৱাৰীৰ (Shingba Rhododendron Sanctuary) দুৱাৰমুখত উপনীত হলো। এইটো য়ুমথাং উপত্যকাক সামৰি ৰখা অঞ্চলটোৰ চৰকাৰী নাম যদিও বেছিভাগ মানুহে এই নামটো ব্যৱহাৰ নকৰে। এই সংৰক্ষিত বনাঞ্চলত ৪০ বিধ বিভিন্ন প্ৰজাতিৰ ৰডোডেনড্রন আছে। সেইবাবেই মই কৈছিলো ইয়ালৈ অহাৰ সঠিক সময় হল বসন্ত কাল, যেতিয়া এই বৰফৰ আস্তৰন গুচি যায় আৰু ৰডোডেনড্রনবোৰ ফুলি গোটেই উপট্যকাখন ৰঙচুৱা কৰি পেলায়।

 

যিকিনহওক আমি বৰফত ধাক খাই থকা ৰডোডেনড্রন বোৰৰ মাজেৰে গৈ অৱশেষত এঠাইত বহুত মানুহৰ ভিৰ দেখা পালোঁ। য়ুমথাঙৰ মূল অংশলৈ এতিয়াও অলপ দুৰ আছে কিন্তু এইখিনিতে অধিক বৰফৰ বাবে গাড়ীবোৰ ৰৈ আছে। অলপ সময়ৰ কাৰণে মনত নিৰাশাৰ ভাৱ এটা আহিল কিন্তু হঠাৎ এটা অলৌকিক দৃশ্যই আমাৰ বেজাৰ আঁতৰাই পেলালে। বেছিভাগ পৰ্য্যটকে গাড়ীৰ পৰা নামি এঠাইত ভিৰ কৰিছে। আমি চাহৰ দোকান বুলি ভাবিছিলো কিন্তু গৈ দেখিলোঁ যে সেইটো আচলতে এটা সুৰা বিপনী।

সাধাৰণতে ভাৰতৰ আন ঠাইত মৰেল পুলিচিঙৰ বাবে এনে দৃশ্য দেখা নাযায় কিন্তু চিকিমত এইবোৰ সমস্যা নাই। সকলোৱে এই সুবিধা গ্ৰহণ কৰি শৰীৰৰ উত্তাপ বঢ়াই লৈ বৰফাবৃত উপত্যকাটোৰ বাবে নিজকে সাজু কৰি তুলিছে। আমিও তাকেই কৰি থাকোঁতে খবৰ আহিল যে ৰাস্তা খুলি দিয়া হৈছে।  যিখিনি ঠাইত বৰফ জমা হৈ আছিল সেইখিনি গুচাই দিয়া হৈছে। গতিকে আমি আকৌ গাড়ীত উঠি ১৫-২০ মিনিট মান পিছত অৱশেষত য়ুমথাং পালোঁ!

এইখিনি ঠাইত উপত্যকাখন অলপ বহল হৈ পৰিছে। চৌদিশে পাহাৰ আছে যদিও মাজতে যথেষ্ট খোলা ঠাই আছে আৰু সেইবাবেই পৰ্য্যটকৰ বাবে এই ঠাইখিনি উপযুক্ত। মাজেৰে এখন সৰু নদী বৈ গৈছে। এই নদীখন গৈ তিস্তা নদীৰ লগত মিলিত হয়। নদীৰ ওপৰত আছে এখন ওলোমা দলং। গতিকে পাৰ হৈ আনফালে যাব পাৰি।

 

আমি ইয়াৰ পিছত তিনি চাৰি ঘণ্টা বৰফৰ মাজত ঘূৰি ফুৰি কটালোঁ। দলংখন পাৰ হৈ সিপাৰে গৰম পানীৰ উঁহ (hot water spring) এটাও বিচাৰি পালোঁ। অৱশ্য ইয়াৰ চাৰিওফালে বেৰ দি বাথৰুমৰ দৰে বনোৱা হৈছে। প্ৰাকৃতিক অৱস্থাত ৰাখিলে বেছি আকৰ্ষণীয় হলহেঁতেন।

ইয়াত কেবাখনো দোকান আছে যদিও বেছিভাগ বন্ধ আছিল। এইবোৰ গ্ৰীষ্মকালতহে সৰ পাই উঠে যেন লাগিল। তথাপি, অলপ বিচৰাৰ পিছত এখন দোকান পালোঁ। এগৰাকী লেপচা (Lepcha) মহিলাই জুহালত বৰফ গলাই পানী উলিয়াবলৈ চেষ্টা কৰি আছিল। বহু কষ্টৰ পিছত তেওঁ আমাক মেগী আৰু চাহ বনাই দিবলৈ সক্ষম হল।

 

আমাৰ য়ুমথাং যাত্ৰা এইখিনিতে শেষ হল আৰু আমি লচুঙৰ হোটেল লৈ ঘূৰি আহিলোঁ। এতিয়া, মোক যদি একেবাৰে পক্ষপাতহীন মতামত দিবলৈ কয়, মই পুষ্পাবৃত উপত্যকা হিচাপে নাগালেণ্ডৰ জুকৌ ভেলী (Dzukou Valley) আৰু উত্তৰাখণ্ডৰ ভেলী অফ ফ্লাৱৰ্ছক (Valley of Flowers) উপৰত ৰাখিম। সেই হিচাপে ইয়াক মহাৰাষ্ট্ৰৰ কাছ মালভূমিৰ (Kaas Plateau) লগত তুলনা কৰিব পাৰি। ইয়াৰ কাৰণ এটাই যে  য়ুমথাং ট্ৰেক নহয়। গতিকে গাড়ী আৰু মানুহেৰে অনবৰত ভৰি থাকে আৰু আচল এডভেঞ্চাৰৰ আমেজ পোৱা নাযায়। কিন্তু যদি আপুনি ট্ৰেক নকৰে তেনেহলে ইয়াতকৈ দৃষ্টিনন্দন স্থান বেছি নাপাব। অৱশ্যে মোৰ দৰে শীতকালি নগৈ মাৰ্চ-এপ্ৰিল মানত গলে বেছি ভাল অভিজ্ঞতা হব।

COMMENTS

Leave a Reply

Your email address will not be published. Required fields are marked *