Investigative reporting with dedication.
ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন
ম্যানমাৰলৈ ভাৰতে প্ৰেৰণ কৰিব ছাবমেৰিন। সাগৰ শীৰ্ষক পদক্ষেপৰ অংশৰূপে ভাৰতে ছাবমেৰিন প্ৰেৰণৰ কথা নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে প্ৰকাশ কৰা মতে ‘INS সিন্ধুবীৰ’ নামৰ কিলো শ্ৰেণীৰ ছাবমেৰিন খন প্ৰেৰণ কৰিব ভাৰতে। দুয়ো দেশৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰিছে এই সাগৰ শীৰ্ষক পদক্ষেপ। আৰু ইতিমধ্যে ম্যানমাৰ আৰু মিজোৰামৰ সীমান্তত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰতে ২ নিযুত ডলাৰৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ বাবে সন্মতি দিছে ভাৰতে।

