সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হাইৱেৰ বিনিময়ত ভোট লাগিব বিজেপিক !

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত নিৰ্বাচন অনুষ্ঠিত হ’ব।তাৰ আগে আগে দিল্লী -মুম্বাই এক্সপ্ৰেছ ৱে উদ্বোধন কৰি এক নিৰ্বাচনী টোপ দিব খুজিছে কেন্দ্ৰীয় চৰকাৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দিল্লী-মুম্বাই এক্সপ্ৰেছ হাইৱেৰ শুভাৰম্ভ কৰাৰ কথা।এই হাইৱে নিৰ্মাণৰ ফলত দিল্লী-মুম্বাইৰ মাজৰ দূৰত্ব বহু পৰিমাণে হ্ৰাস হ’ব।পাঁচ ঘণ্টাৰ দূৰত্ব এতিয়া প্ৰায় চাৰে তিনি ঘণ্টাতেই অতিক্ৰম কৰিব পাৰিব জনসাধাৰণে।এই এক্সপ্ৰেছ হাইৱেৰ ফলত সমগ্ৰ অঞ্চলতেই ব্যৱসায় -বাণিজ্যৰ সম্প্ৰসাৰণ হ’ব।ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাই দেশত কংগ্ৰেছৰ পক্ষত বতাহ বলাৰ পৰিৱেশ সৃষ্টি কৰাৰ পিছত শংকিত হৈ পৰিছে বিজেপি।সেয়ে এই বৃহৎ আন্তঃগাঁথনি প্ৰধানমন্ত্ৰী মোডীৰ জৰিয়তে শোভাৰম্ভ কৰি ৰাজস্থান নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে জনতাৰ মনত স্থান লোৱাৰ পাং পাতিছে।উল্লেখ্য যে ৰাজস্থানৰ জনসংখ্যাৰ মুঠ ৯ ৰ পৰা ১২% গুজ্জৰ সম্প্ৰদায়ৰ লোক।গুজ্জৰ সম্প্ৰদায়ে ৰাজ্যখনৰ মুঠ ৪০ ৰ পৰা ৫০ টা সমষ্টিৰ ফলাফলত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।শেহতীয়াকৈ এই গুজ্জৰ সকলেই ৰাহুল গান্ধীৰ ৰাজস্থানত প্ৰৱেশৰ ক্ষেত্ৰত বাধা দিব বুলি ভাবুকি প্ৰদান কৰিছে।বিগত নিৰ্বাচনত গুজ্জৰ সকলে কংগ্ৰেছ দলৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।তেওঁলোকে তেওঁলোকৰ নেতা শচীন পাইলটক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাব বুলি আশা কৰিয়েই কংগ্ৰেছ দলক
জয়ী কৰোৱাত আগভাগ লৈছিল।ৰাজস্থানৰ মুঠ জনসংখ্যাৰ ১৩.৪৮ % জনজাতীয় লোক৷মীনা সম্প্ৰদায়ৰ লোকৰ সংখ্যা আন জনজাতীয় লোকতকৈ অধিক । বিজেপিৰ কিৰোডী লাল মীনাই আগন্তুক নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷মীনা ৫ বাৰৰ বিধায়ক,দুবাৰৰ লোকসভাৰ সাংসদ আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ।এই জনজাতীয় লোক সকল ঘাইকৈ কংগ্ৰেছী ভোটাৰ ।কিন্তু এইবাৰ কিৰোডী লাল মীনাৰ তৎপৰতাৰ বাবে জনজাতীয় লোকসকলেও আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱনা বেছি।
ওপৰত হয়তো বিশ্বাস আছে৷’

Leave A Reply

Your email address will not be published.