ফ্লপ হ’ল নেকি ‘যাত্ৰা’?

Share This Article

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাৰ বিগত ২৯ জানুৱাৰীত অন্ত পৰিল কাশ্মীৰত।বিগত ৭ ছেপ্তেম্বৰত কন্যাকুমাৰীত আৰম্ভ হৈছিল এই ভাৰত জোড়ো যাত্ৰাৰ।’ভাৰত জোড়ো’ৰ পিছত কংগ্ৰেছে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে ‘হাত চে হাত জোড়ো যাত্ৰা’।’ভাৰত জোড়ো’ৰ পিছত ‘হাত চে হাত জোড়ো’ আৰম্ভ কৰিলেও কংগ্ৰেছৰ নেতাসকল ইজন আনজনৰ লগ লাগিবলৈ যেন মান্তি নহয়।কংগ্ৰেছ নেতা সকল এজন যদি পূবে,আন এজন পশ্চিমে।দেশৰ জনতাক ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাই কিছু পৰিমাণে সজাগ আৰু বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ কৰিলেও নেতৃত্বত থকা সকলৰ মাজতেই মতবিৰোধ বেছি।ৰাজস্থান বিধানসভাৰ নিৰ্বাচন চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব।কিন্তু মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ মতবিৰোধক আঁতৰ কৰিব নোৱাৰিলে এই ভাৰত জোড়ো যাত্ৰাই।ঠিক সেইদৰে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশতো কংগ্ৰেছ দলৰ মাজত চলি আছে আভ্যন্তৰীণ কন্দল৷ঠিক সেইদৰে,মহাৰাষ্ট্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পাটলে আৰু দলৰ নেতা বালাচাহেব থৰাটৰ মাজৰ মতবিৰোধে এনে পৰ্যায় পাইছেগৈ যে থৰাটে পদত্যাগ পত্ৰও প্ৰেৰণ কৰে।মধ্য প্ৰদেশতো কংগ্ৰেছ দলত দেখা দিছে মতবিৰোধ।মধ্যপ্ৰদেশত চলিত বৰ্ষত নিৰ্বাচন অনুষ্ঠিত হ’ব।ইতিমধ্যে কংগ্ৰেছ দলে কমল নাথক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে যাক লৈ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ যুৱ নেতা অৰুণ যাদৱ৷অৰুণ যাদৱৰ মতে মুখ্যমন্ত্ৰী কোন হ’ব ,সেয়া নিৰ্বাচনৰ পিছতহে সিন্ধান্ত হোৱা উচিত।উল্লেখযোগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনত কমল নাথ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ মনোমালিন্যৰ বাবে বিজেপি দলে মধ্য প্ৰদেশত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।আনহাতে ,এইবাৰো এই বিতৰ্কৰ মাজত প্ৰবীন কমল নাথে অনাগত নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰাৰ সিন্ধান্তৰ কথা ঘোষণা কৰিছে।কমল নাথৰ এই সিন্ধান্তৰ পিছত কংগ্ৰেছ দলে এইবাৰো ভাল ফলাফল দেখুৱাব যে পাৰিব তাৰ আশা ক্ষীণ হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.