বিজেপিৰ দলপতি হ’লগৈ অসমৰ ৰাজ্যপাল

Share This Article

দেশৰ মুঠ ১৩ গৰাকী ৰাজ্যপালৰ সালসলনি।ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক নিৰ্দেশনাৰ জৰিয়তে দেওবাৰে মুঠ ১৩খন ৰাজ্যত নতুনকৈ ৰাজ্যপাল নিযুক্তিৰ লগতে সালসলনি কৰা হয়।দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰো ৰাজ্যপাল সলনিত অনুমোদন জনাই ৰাষ্ট্ৰপতিয়ে৷অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে ৰাজস্থানৰ বিজেপি দলৰ নেতা গুলাব চান্দ কাটাৰিয়াই।ৰাজস্থান বিধান সভাৰ ৮ বাৰৰ বিধায়ক আছিল কাটাৰিয়া৷৭৯ বছৰীয়া কাটাৰিয়া ১৯৭৭ চনত প্ৰথম বাৰৰ বাবে ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল৷১৯৯৩ চনৰ পৰা তেওঁ একলেঠাৰিয়ে প্ৰতিটো নিৰ্বাচনতেই জয়ী হৈ আহিছে।কাটাৰিয়া RSS ৰ এগৰাকী নিষ্ঠাবান কৰ্মী।ৰাজস্থানৰ পৰা অসমত ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা কাটাৰিয়া তৃতীয়গৰাকী ব্যক্তি৷ইয়াৰ আগতে অসমত হৰিদেউ যোশী,শিৱচৰণ মাথুৰেও ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।কাটাৰিয়াৰ এই নিযুক্তিয়ে বিজেপি কৰ্মী সকলক উল্লাসিত কৰা বুলি প্ৰকাশ কৰিছে ৰাজস্থানৰ ৰাজেন্দ্ৰ ৰাথোড় নামৰ বিজেপি নেতাগৰাকীয়ে।আনহাতে,প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থান বিজেপিৰ নেত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই কয় যে কাটাৰিয়াৰ এই নিযুক্তিয়ে অসমৰ উন্নয়নত যথেষ্ট পৰিমাণে সহায় কৰিব।আনহাতে,নৱনিযুক্ত কাটাৰিয়াই ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ‘ মই মেডিয়াৰ পৰাহে এই বিষয়ে জানিব পাৰিছোঁ।মই এই পদবী আশা কৰা নাছিলোঁ।মই কেতিয়াও কোনো পদৱী বিচৰা নাছিলোঁ।প্ৰধানমন্ত্ৰীয়ে দুদিন আগতে ফোন কৰি মোৰ খবৰ লৈছিল।প্ৰধানমন্ত্ৰী আৰু দলৰ হাইকামাণ্ডৰ মোৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ ওপৰত হয়তো বিশ্বাস আছে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.