সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সৌভাগ্যৰ দুৱাৰ খোল খাব নেকি কংগ্ৰেছৰ?

২০১৪ চনৰ পৰা দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰভাৱে মুখ থেকেঁচা খোৱা কংগ্ৰেছলৈ কৰ্ণাটকৰ নিৰ্বাচনে পুনৰ সম্বিত ঘূৰাই অনাৰ সম্ভাৱনা দেখিছে দলটোৱে ।প্ৰায় প্ৰতিটো নিৰ্বাচনতে পৰাজয়ৰ সন্মুখীন হোৱা দলটোত শেহতীয়াকৈ কৰ্ণাটকৰ নিৰ্বাচনে কিছু পৰিমাণে আশাৰ সঞ্চাৰ কৰিছে।গুজৰাট,মেঘালয়,নাগালেণ্ড,ত্ৰিপুৰাত শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱা কংগ্ৰেছে মাত্ৰ হিমাচল প্ৰদেশৰ নিৰ্বাচনতহে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল।এটা সময়ত ক্ষমতাৰ গাদীত বহা কংগ্ৰেছে বিগত নিৰ্বাচনত মাত্ৰ ১৭ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল।আনহাতে,২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰে কোলাৰত এক নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে ২০২৩ চনৰ ২৩ মাৰ্চত সাংসদ পদ হেৰুৱাবলগীয়া হয়।উল্লেখ্য যে পূৰ্ণেশ মোডী নামৰ গুজৰাটৰ এগৰাকী বিধায়কে মোডী উপাধি সম্পৰ্কত ৰাহুল গান্ধীয়ে মানহানিকৰ মন্তব্য কৰা বুলি চুৰাটৰ আদালতত এক গোচৰ তৰিছিল।সেই গোচৰৰ ৰায়দান কৰে বিগত ২৩ মাৰ্চত।ৰায় অনুসৰি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহে চুৰাটৰ আদালতে।আনহাতে,লোকসভা সচিবালয়ৰ নিয়ম অনুসৰি যিকোনো নিৰ্বাচিত প্ৰতিনিধিয়ে এবছৰৰ ওপৰত যদি কাৰাবাস খাটিবলগীয়া হয় তেন্তে তেওঁৰ সাংসদ পদ খাৰিজ হয়।সেই অনুসৰি দুবছৰ কাৰাদণ্ডৰ নিৰ্দেশৰ পিছত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হ’ব লাগিছিল।কিন্তু দুৰ্ভাগ্যজনকভাৱে চুৰাটৰ আদালতৰ ৰায় ঘোষণাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আক্ৰোশমূলকভাৱে বিজেপিয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ লগতে ২৬ মাৰ্চত তেওঁক চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়া হয় ।নিৰ্বাচনত পৰাজয়,ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ,চৰকাৰী আবাস গৃহ খালী আদিৰ দৰে বিপৰ্যয়ে বিধ্বস্ত কৰা দলটোৱে কিন্তু ইয়াৰ পিছতেই ঘূৰাই পাইছে ইয়াৰ সঞ্জীৱনী শক্তি !ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুৱাটো দলৰ বাবে ক্ষতি যদিও সামগ্ৰিকভাৱে ভৰিৰ তলৰ মাটি হেৰুওৱা কংগ্ৰেছে ঘূৰাই পালে নিজৰ অস্তিত্ব।অৱশ্যে ৰাহুল গান্ধীৰ নেতৃত্বৰ ভাৰত জোড়ো যাত্ৰায়ো এইক্ষেত্ৰত যথেষ্ট সহায় কৰিলে কংগ্ৰেছক !সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ গৃহৰাজ্য কৰ্ণাটকে কংগ্ৰেছৰ হেৰুৱা গৌৰৱ যদি উদ্ধাৰ কৰিব পাৰে ,তেন্তে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত অভিশাপমুক্ত হ’ব কংগ্ৰেছ !অৱশ্যে ইয়াৰ বাবে ১৩ মে’লৈ অপেক্ষা কৰিব লাগিব ।সকলোৰে বাবে আনলাকী থাৰটিনে যদি কংগ্ৰেছলৈ সৌভাগ্য কঢ়িয়াই আনে,তেন্তে কংগ্ৰেছৰ শনি যে আঁতৰিব সেয়া নিশ্চিত !

Leave A Reply

Your email address will not be published.