চোৰ গ’লেহে বুদ্ধিৰ উদয় হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ!

Share This Article

বৰষুণ গ’লেহে জাপি বিচাৰি হাহাকাৰ লগায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে! এনেবোৰ ফকৰা-যোজনাৰেই যেন প্ৰকাশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰখনৰ ক্ষেত্ৰত। কাৰণ শিক্ষা বিভাগৰ এটা কাণ্ডত সকলো হতবাক হৈ পৰিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পাছত পাঠ্যক্ৰম সলনিৰ জাননী শিক্ষা সংসদৰ।হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শিক্ষা বিভাগৰ আজৱ ঘটনা।এখন মাথোঁ জাননী। যিখন জাননীয়ে সকলোকে সঁচা অৰ্থত কৰি তুলিছে হতবাক। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত ঘটিছে আজৱ ঘটনা। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাবর্ষ আৰম্ভ হোৱাৰ এমাহ পাৰ হ’ল।আৰু এই সম্পূৰ্ণ এটা মাহৰ অন্তত শিক্ষা সংসদৰ ঘোষণা-সলনি হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম-দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম। আৰু এই ঘটনাৰ পৰাই এটা কথাটো স্পষ্ট- যি মন যায় তাকেই কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে!মন গ’লেই শিক্ষানীতি সলনি হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ!মন গ’লেই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সৈতে ধেমালি কৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে! শিক্ষা সংসদৰ সচিৱে জাৰি কৰা এক জাননীৰ জৰিয়তে কোৱা হৈছে যে ১৪ টা বিষয়ৰ পাঠ্যক্ৰম সলনি কৰাৰ প্ৰচেষ্টা হাতত লৈছে উঃমা শিক্ষা সংসদে।পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, ব্যৱসায় অধ্যয়ন, ভূগোল, সমাজতত্ত্ব, অৰ্থনীতি বিজ্ঞান, একাউণ্টেন্সী, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, বিকল্প ইংৰাজী, ফাইনেন্স আৰু নৃতত্ত্বৰ পাঠ্যক্ৰম সলনি কৰিব শিক্ষা সংসদে।উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ ১১ টাকৈ বিষয়ৰ ক্ষেত্ৰত হ’ব সালসলনি। ইয়াৰে বিকল্প ইংৰাজী, ফাইনেন্স, আৰু নৃতত্বৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত কেৱল দ্বিতীয় বৰ্ষৰহে সালসলনি হ’ব। ইতিমধ্যে এই জাননী প্ৰেৰণ কৰা হৈছে সকলো বিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষানুষ্ঠানৰ পঞ্জীয়কসকললৈ। জাননীখন অনুযায়ী উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদৰ ৱেবচাইটত নিৰ্দিষ্ট সময়ত উপলব্ধ হ’ব সলনি হোৱা পাঠ্যক্ৰম। এতিয়া প্ৰশ্ন হৈছে এয়া বাৰু শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলা হোৱা নাইনে? ১ এপ্ৰিলত আৰম্ভ হোৱা শিক্ষাবর্ষ ৩১ মাৰ্চত শেষ হ’ব। এয়া মে’ মাহ। ১৪ টাকৈ বিষয়ৰ পাঠ্যক্ৰম সলনি কৰিবলৈ হ’লে এক দীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব।এতিয়া প্ৰশ্ন হৈছে ২০২৪ৰ মাৰ্চৰ ৩১ তাৰিখে অন্ত পৰিবলগীয়া শিক্ষাবর্ষৰ মাজভাগত কেতিয়া শিক্ষাৰ্থীৰ হাতত পৰিব নতুন পাঠ্যক্ৰম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.