কেৱল ভোটতেই সীমাবদ্ধ প্ৰধানমন্ত্ৰীৰ দেশপ্ৰেম !

Share This Article

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনলৈ চাৰি দিন থকা অৱস্থাত অৰ্থাৎ অহা ৬ মে’ত বিজেপিয়ে ৩৬ কিলোমিটাৰ জোৰা ৰ’ড শ্ব আৰম্ভ কৰিব।এই ৰ’ড শ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল’ব আৰু এই ৰ’ড শ্ব’ই মুঠ ১৮ টা বিধানসভা সমষ্টিক সামৰি ল’ব।বিজেপিৰ ল’মেকাৰ পি চি মোহনে কয় ‘ ৮ মে’ৰ পৰিবৰ্তে ৬ মে’ত ৰ’ড শ্ব’ অনুষ্ঠিত হ’ব।সোমবাৰে অনুষ্ঠিত হ’বলগীয়া এই ৰ’ড শ্ব’ই যানযঁটৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰী চিন্তিত হৈছে।আমি ইতিমধ্যে আৰক্ষী আৰু সংশ্লিষ্ট বিভাগক এই বিষয়ত সঠিক পদক্ষেপ গ্ৰহণৰ দাবী জনাইছোঁ।ৰ’ড শ্ব’ত প্ৰায় ১০ লাখ লোকে অংশ লোৱাৰ সম্ভাৱনা আছে। আমি আশাবাদী যে তেওঁলোকে প্ৰধানমন্ত্ৰীক হয়তো আশীৰ্বাদ দিব।’প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমটো ৰ’ড শ্ব’ পুৱা ১০ বজাৰ পৰা ১বজালৈ অনুষ্ঠিত হ’ব৷সুৰঞ্জন দাস ৰ’ডৰ পৰা এই ৰ’ড শ্ব’ আৰম্ভ হ’ব।দ্বিতীয় ৰ’ড শ্ব’দক্ষিণ বেংগালুৰু,বম্মানাহালি,জয়ানগৰ,পদ্মনাভা নগৰ,গান্ধীনগৰ,মহালক্ষ্মী লেআউট ,বিজয় নগৰ,গোবিন্দৰাজ নগৰ আদি অঞ্চল সাঙুৰি ল’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.