সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সকলো ৰাজ্যই অনুসৰণ কৰক দিল্লী মডেল : ক’লে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ৰাজ্যই ‘ দিল্লী মডেল ‘ অনুসৰণ কৰা উচিত৷ – এই মন্তব্য আগবঢ়াইছে দেশৰ গৃহ ৰাজ্য মন্ত্ৰী কিশন ৰেড্ডীয়ে ৷ আজি সংবাদমাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল হোৱা বাবে তেওঁ নিজে দিল্লীৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ৷ দিল্লীত ক’ৰোনা ৰোগীৰ আৰোগ্যৰ হাৰ যথেষ্ট সন্তোষজনক ৷ সকলো ৰাজ্যই দিল্লী মডেল অনুসৰণ কৰা উচিত ৷ তেওঁ লগতে কয় যে ক’ৰোনাৰ লগত যুঁজিবলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক পৰ্যাপ্ত পিপিই কীট আৰু ভেন্টিলেটৰ যোগান ধৰিব ৷ একেসময়তে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰেড্ডীয়ে লক্ষণহীন ৰোগীসকলক ঘৰৰ ভিতৰত আছুতীয়াকৈ থাকিবলৈ আৰু ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনায় ৷ তেওঁ ৰোগীসকলক অনাহকত ব্যক্তিগত হাস্পতাললৈ নাযাবলৈও অনুৰোধ জনাইছে ৷ উল্লেখ্য যে ,অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰাম্বাৰ দিল্লী মডেল এক ব্যৰ্থ মডেল বুলি অভিহিত কৰি আহিছে ৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যক অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিদৰে গ্ৰহণ কৰে লক্ষ্যণীয় হ’ব ৷

Leave A Reply

Your email address will not be published.