শিক্ষানুষ্ঠান সমূহ কেতিয়া খুলিব?

Share This Article

যি সময়ত কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত আজি প্ৰায় ৪ মাহ দিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান কেতিয়া আৰম্ভ হ’ব, সেই প্ৰশ্নই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্ধিগ্ন কৰি ৰাখিছে, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি
সংবাদ মেলত এই বিষয়ত কোনো স্পষ্টতা দাঙি নধৰিলে।

১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় সমূহ খোলাৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে যদিও এয়া মন্ত্ৰীগৰাকীৰ মতে মানসিক প্ৰস্তুতিহে। চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰই।

লক্ষণীয় যে, ১৫ ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰাজ্যৰ শিক্ষানুস্থান সমূহত নয়মীয়া পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগৰ টাস্ক ফৰ্চএ অসম চৰকাৰক প্ৰস্তাৱ দিয়াৰ কথা চর্চা চলিছে।

কিন্তু ইমানৰ পিছতো শিক্ষামন্ত্ৰীয়ে এই বিষয়ত কোনো স্পষ্ট মন্তব্য নকৰাটো অতিশয় উদ্ধেগ জনক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.