সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভিটামিন খাওঁতে সাৱধান !

সাৱধান!ঔষধৰ নামত বৰবিহ বিক্ৰী হৈ আছে বজাৰত!আজিয়েই পৰীক্ষা কৰক কি কি ঔষধ সেৱন কৰাটো বিপজ্জনক !
সততে ব্যৱহাৰ হোৱা কেইবাটাও ঔষধ সেৱনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে সতৰ্কবাণী। আইৰণ, ফলিক এচিড টেবলেট তথা প্ৰ’বায়’টিককে ধৰি মাল্টিভিটামিন টেবলেটলৈকে, ৪৮ টা ঔষধৰ ক্ষেত্ৰত জাৰি কৰা হৈছে সতৰ্কবাণী। ভিটামিন চি, ভিটামিন বি ১২, ফলিক এচিড আৰু নিয়াচিনামাইড বেজী লোৱাৰ আগতেও সতৰ্ক হওক। আপুনি ব্যৱহাৰ কৰা ঔষধো থাকিব পাৰে এই তালিকাত। Central Drugs Standard Control Organisation, চমুকৈ CDSCOএ জাৰি কৰিছে এই সতৰ্কতা বাণী। ড্ৰাগ ৰেগুলেটৰে মাৰ্চ মাহত প্ৰকাশ কৰা শেহতীয়া ড্ৰাগ ছেফটী এলাৰ্ট পূৰ কৰিবলৈ ব্যৰ্থ হোৱাত CDSCO এ জাৰি কৰিছে এই সতৰ্কতা। ড্ৰাগ ৰেগুলেটৰৰ ৱেবচাইটত প্ৰতিমাহে আপলোড কৰা তালিকাত ৪৮ বিধ ঔষধৰ নাম উল্লেখ কৰিছে। সৰ্বমুঠ ১৪৯৭ বিধ ঔষধৰ ভিতৰত এই  ৪৮ বিধ ঔষধ গুণগতমান দণ্ডৰ পৰীক্ষাত বিফল হৈছে। তালিকাখনত প্ৰতিবিধ ঔষধৰ বিপৰীতে সেইবিলাকৰ বেটচ নম্বৰ, প্ৰস্তুত কৰা তাৰিখ আৰু ম্যাদ ওকলাৰ তাৰিখ উল্লেখ আছে।কোনো গ্ৰাহকে যদি এই তালিকাত উল্লেখ কৰা বেটচ নম্বৰৰ ঔষধ ক্ৰয় কৰি ব্যৱহাৰ কৰে, তেনেহ’লে ইয়াৰ বাবে হ’ব পাৰে পাৰ্শ্বক্ৰিয়া। সেইবাবে ঔষধ ক্ৰয় কৰাৰ পূৰ্বে Central Drugs Standard Control Organisation, চমুকৈ CDSCOৰ ৱেবচাইটত গৈ পৰীক্ষা কৰক ঔষধৰ তালিকা।আনহাতে, এই তালিকা প্ৰকাশ হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গ্লেনমাৰ্কৰ তৰফৰ পৰা। সংবাদ মাধ্যমক ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া অনুসৰি Telma-AM Tabletsৰ বিপৰীতে যি বেটচ নম্বৰ CDSCOৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে, তেনে কোনো ঔষধ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা নাই।কোম্পানীটোৰ ভাষ্য অনুসৰি Glenmarkৰ নামত নকল ঔষধ বিক্ৰী বজাৰত” এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিষ্ঠানটোৱে। আনফালে, এবট ইণ্ডিয়া লিমিটেডে জাৰি কৰিছে ৰাজহুৱা জাননী। কোম্পানীয়ে জাননী যোগে থাইৰ’নৰ্ম টেবলেট (থাইৰ’ক্সিন ছডিয়াম)ৰ এটা বেচ স্বেচ্ছামূলকভাৱে পুনৰ আহ্বান কৰিছে। ৰাজহুৱা জাননী অনুসৰি ৰিকল কৰা বেচটো হৈছে AEJ0713; Mfg., Date: March 2023। Hypothyrodism ৰ চিকিৎসাৰ বাবে এই ঔষধ ব্যৱহাৰ কৰা হয়। যিসকল ৰোগীয়ে সংশ্লিষ্ট বেচ নম্বৰৰ ঔষধটো ক্ৰয় কৰিছে, তেওঁলোকক ক্ৰয় কৰা ফাৰ্মাছীত এই ঔষধটো ঘূৰাই দিবলৈ আহ্বান জনাইছে কোম্পানীটোৱে।

Leave A Reply

Your email address will not be published.