ধানৰ ভাপ,ঋষিৰ শাপ দুয়োটাতে দগ্ধ বিজেপি !

Share This Article

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনে জোলোকাজোলোকে পানী খুওৱাৰ সময়তে বিজেপি দলৰ বাবে অশনি সংকেত কঢ়িয়াইছে বিৰোধী ঐক্যই ।বিৰোধীৰ মাজত বিভাজন সৃষ্টিৰ বাবে নানান কূট কৌশল ৰচনা কৰিও ব্যৰ্থ হোৱা বিজেপিয়ে এতিয়া ভিতৰি ভিতৰি যেন ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত ভুগিছে৷ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত নিদ্ৰাহীনতাত ভোগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেয়ে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ এই ভৰপক সময়ত কেৰালাত ব্যস্ত আছে।যিমানেই বিৰোধী দলৰ নেতা সকলে ইজনে সিজনক সাক্ষাৎ কৰিছে,আলোচনাত বহিছে সিমানেই যেন মোডী-শ্বাহ যুটিৰ বিপদৰ আশাংকা ঘনীভূত হৈছে।শাসনত থাকি কেন্দ্ৰীয় সংস্থাসমূহক বিৰোধী নেতাসকলক দমনৰ বাবে ব্যৱহাৰ কৰি অহা মোডী -শ্বাহ যুটিয়ে বুজি উঠিছে যে ক্ষমতা হেৰুওৱা মানেই তেওঁলোকৰ ব্যক্তিগত জীৱন বিপদাপন্ন হোৱা ।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত শেহতীয়াকৈ ২০২৪ চনৰ নিৰ্বাচনী ৰূপৰেখা তৈয়াৰৰ বাবে বৈঠকত বহিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ ।এসময়ৰ সংগী নীতিশ কুমাৰে বিজেপিৰ লগত মিত্ৰতা এৰি RJD ৰ লগত একেলগে বিহাৰত চৰকাৰ গঠন কৰাৰ পৰাই বিজেপিৰ মূৰৰ কামোৰণি হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী৷বিহাৰত লোকসভাৰ আসন আছে ৪০ খন,ইয়াৰে নীতিশ কুমাৰৰ দলৰ অধীনত আছে ১৬ খন আসন৷বিজেপি দলে ২০১৯ চনৰ নিৰ্বাচনত বিহাৰত ১৬ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ১খন আসন।কিন্তু এইবাৰ ঐক্যবদ্ধভাৱে যুঁজ দিলে বিজেপিৰ যে বিহাৰত আসন কমিব সেয়া নিশ্চিত৷ঠিক সেইদৰে পশ্চিম বংগৰ মুঠ ৪২ খন লোকসভা আসনৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ দখলত আছে ২২খন,বিজেপিৰ ১৮ খন,কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ২খন।ঠিক সেইদৰে তেলেংগানাৰ ১৭ খন আসনৰ ভিতৰত ভাৰত ৰাষ্ট্ৰ সমিতিৰ হাতত আছে ৯ খন,বিজেপিৰ ৪ আৰু কংগ্ৰেছৰ দখলত ৩ খন আসন।ইফালে কৰ্ণাটকত লোকসভাৰ আসন আছে ২৮ খন আৰু তাৰে ২৫ খন আসনেই আছে বিজেপিৰ দখলত৷মাত্ৰ এখনকৈ আসন আছে কংগ্ৰেছ আৰু জনতা দল (এছ)ৰ দখলত।

২০২৪ চনৰ লোকসভা নিৰ্বাচনে বিজেপিলৈ কি বাৰ্তা আনিব -তাক লৈ ভয়ংকৰ শংকাত বিজেপিৰ মোডী-শ্বাহ যুটি !মুঠ ৫৪৩ খন আসনৰ ১২৭ খন আসনক লৈয়ে শংকিত দলটো৷পশ্চিম বংগ,তেলেংগানা,বিহাৰ,কৰ্ণাটকৰ লোকসভাৰ আসন কেইখনৰ সিংহভাগেই ঐক্যবদ্ধ বিৰোধীৰ দখললৈ যাব বুলি নিশ্চিত হৈছে বিজেপি !দক্ষিণ ভাৰতত বিজেপিৰ জাত-পাত,ধৰ্মৰ ৰাজনীতি নচলে৷ইফালে উত্তৰ পূৰ্বাঞ্চলত এনডিএৰ পক্ষতে হাৱা বলি আছে যদিও এই অঞ্চলত থকা লোকসভাৰ আসন ভাৰতৰ আন প্ৰান্তৰ এখন ৰাজ্যৰ সমানো নহয় !
মুঠ কথাত,বিজেপিৰ ধাৰণা কৰ্ণাটক হেৰুৱালে এখন ৰাজ্য হেৰুৱাব বিজেপিয়ে কিন্তু যদি লোকসভাত পৰাজিত হয়,ৰঙাঘৰত বগা ভাত যে গৰিষ্ঠসংখ্যক বিজেপি নেতাই বিচাৰিব লাগিব সেয়া নিশ্চিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.