ভোকত মৰাতকৈ ভোটেই নিদিয়ে বিজেপিক !

Share This Article

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই অনাগত নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই আনিছে বিজেপিলৈ।এডিনা নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষাত প্ৰকাশ যে কৰ্ণাটকৰ ভোটাৰক দুৰ্নীতি,মূল্যবৃদ্ধি,নিবনুৱা সমস্যাই ইমানেই জুৰুলা কৰিছে যে তেওঁলোকে এই তিনিটা বিষয়ৰ সমাধান দিব পৰা দলৰ প্ৰাৰ্থীকহে এইবাৰ বিজয়ী কৰাত অগ্ৰাধিকাৰ দিব।এডিনা নামৰ সংগঠনটোৱে চলোৱা সমীক্ষা অনুসৰি ৬৮% লোক ৰাজ্যখনৰ দুৰ্নীতিক লৈ যথেষ্ট চিন্তিত।তদুপৰি ৪৭% লোক মূল্য বৃদ্ধিক লৈ যথেষ্ট সমস্যাত পৰিছে৷তেওঁলোকৰ মতে বৰ্তমানৰ চৰকাৰখনে মূল্যবৃদ্ধিক অলপো নিয়ন্ত্ৰণ কৰিব পৰা নাই ।ৰাজ্যখনৰ ৩৪% লোকৰ বাবে নিবনুবা এক গুৰুতৰ সমস্যা।বৰ্তমানৰ চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ নোলোৱাৰ বাবে ৰাজ্যখনত ভয়ানকভাৱে নিবনুৱা সমস্যা বৃদ্ধি পালে।খোৱা পানী,বিদ্যুৎ,মহিলাৰ নিৰাপত্তা আদি বিষয়সমূহক সমস্যা হিচাপে উল্লেখ কৰিলে মাত্ৰ ১৩% লোকেহে।স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাক গুৰুত্ব প্ৰদান কৰিলে মাত্ৰ ১২% লোকে।অপৰাধ,হিংসাত্মক ঘটনা,অত্যাচাৰ আদিক লৈ গুৰুত্ব দিলে মাত্ৰ ১০% লোকে।এডিনা নামৰ সংস্থাটোৱে মুঠ ১৮৩ টা সমষ্টিৰ ৪০ হাজাৰ লোকৰ মাজত এই সমীক্ষা চলাইছিল।প্ৰতিটো সমষ্টিৰ প্ৰায় ৪০০ লোকৰ ঘৰলৈ গৈ এই তথ্য সংগ্ৰহ কৰিছিল।সংস্থাটোৱে বৰ্ণ আৰু সম্প্ৰদায়ৰ ভিত্তিতো ৰাজ্যখনৰ ভোটাৰৰ ওপৰত সমীক্ষা চলাইছিল।৫৭% উচ্চ বৰ্ণৰ লোকে বিজেপি চৰকাৰকে পুনৰ সমৰ্থন কৰাৰ বিপৰীতে অনুসূচিত জাতি,জনজাতি,মুছলমান,ভগালিগাচ আদি সম্প্ৰদায়ৰ লোকে বিজেপিৰ বিৰোধিতা কৰে।কংগ্ৰেছৰ ৭৩% সমৰ্থক,৬৬% জনতা দল ছেকুলাৰৰ সমৰ্থক,৬১% বিজেপিৰ সমৰ্থকে দুৰ্নীতিগ্ৰস্তক ভোটযুদ্ধত জয়ী হোৱাতো নিবিচাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.