বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মঙলবাৰে উত্থাপণ কৰা বাজেটক লৈ এতিয়া উত্থাপণ হৈছে অনেক প্ৰশ্ন ৷এটা কথা সঠিক যে এইবাৰৰ বাজেটে কৃষক – শ্ৰমিক – মধ্যবিত্ত সকলোকে হতাশ কৰিছে ৷ ভাল খবৰ আছে যদি কেৱল পুজিপতিসকলৰ বাবে ৷ কিন্তু প্ৰশ্ন হৈছে সন্মুখত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে ৷ তাৰ পাছতো বাজেটত কিয় মনমোহিনী কোনো ঘোষণা নাই ? নে বাজেটতে ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰো ইংগিত আছে ? দিল্লীৰ ক্ষমতাৰ অলিন্দত এতিয়া এই প্ৰশ্নই সৰ্নাধিক চৰ্চিত হৈছে ৷ ৰাজনৈতিক মহলত হোৱা চৰ্চা অনুসৰি গোৱা , উত্তৰাখণ্ড আৰু পঞ্জাৱত চৰকাৰ গঠনত ব্যৰ্থ হ’ব বিজেপি ৷ সেইবাবেই নতুন ঘোষণাৰে ৰাজকোষত অধিক চাপ দিব বিচৰা নাই বিজেপিয়ে ৷ এইখিনিলৈ সকলো ঠিকেই আছিল ৷ কিন্তু উত্তৰ প্ৰদেশক লৈ কিয় কোনো বিশেষ ঘোষণা নাই , তাক লৈ আচৰিত সকলো ৷ দেশৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি সকলো সমীক্ষাই ইংগিত প্ৰদান কৰিছে ৷ এই সম্ভাৱনাক নিশ্চিত ফলাফললৈ ৰূপান্তৰ কৰিবৰ বাবে নিশ্চয় বাজেটত একগুচ্ছ উপহাৰ উত্তৰ প্ৰদেশৰ বাবে ঘোষনা কৰিব লাগিছিল বিজেপি চৰকাৰে ৷ কিন্তু কিয় তেনে কৰা নহ’ল ? বাজেটত উত্তৰ প্ৰদেশৰ বাবে বিশেষ একো উপহাৰ নথকাত যিমান হতাশ হ’ব উত্তৰ প্ৰদেশৰ ভোটাৰ , তাতকৈ অধিক হতাশাত নিশ্চয় ভুগিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ কাৰণ , উত্তৰ প্ৰদেশৰ পৰিস্থিতি এতিয়া বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম হৈছে ৷ ৰেলৱেৰ নিযুক্তি পৰীক্ষাক লৈ আৰম্ভ হৈছে ছাত্ৰ বিক্ষোভ ৷ কৃষক বিদ্ৰোহে জাট , দলিতক কৃষকৰ ৰূপত একত্ৰিত কৰি বিজেপি বিৰোধী স্থিতিত উপনীত কৰাইছে ৷ এনে পৰিস্থিতিত বাজেটত জনমুখী উপহাৰ সন্নিবিষ্ট কৰিলে বিজেপিয়ে তাৰ জোৰদাৰ প্ৰচাৰ চলাব পাৰিলেহেতেন ৷ কিন্তু যোগী আদিত্যনাথৰ সেই আশাত চেঁচাপানী ঢালিলে নিৰ্মলা সীতাৰমনৰ বাজেটে ৷ প্ৰশ্ন হৈছে – এয়া মোদীৰ ইচ্ছাকৃত সিদ্ধান্ত নহয়তো ? যোগী বীৰ বিক্ৰমেৰে আকৌ এবাৰ শাসনলৈ অহাটো বিচৰা নাই নেকি নৰেন্দ্ৰ মোদী – অমিত শ্বাহে ? কাৰণ , যোগী আদিত্যনাথ দ্বিতীয়বাৰ বিজেপিৰ মুখ্যমন্ত্ৰী হ’লে বিজেপিৰ ভিতৰত আৰু হিন্দুত্ববাদী মহলত সৰ্বাধিক জনপ্ৰিয় নেতাত পৰিণত হ’ব ৷ আৰু যোগী পৰাজিত হ’লে মোদীয়েই হৈ ৰ’ব সৰ্বাধিনায়ক ৷ সেইবাবেই উত্তৰ প্ৰদেশৰ প্ৰতি আওকনীয়া মনোভাৱ বাজেটত স্পষ্ট হৈ পৰিছে নেকি ? ৰাজনৈতিক মহলৰ মতে এনে প্ৰৱনতা বিজেপিত আগতে দেখা নগৈছিল ৷ কিন্তু যোগীৰ অভূতপূৰ্ব উত্থানে মোদীৰ সন্মুখত কিছু হ’লেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰাটো মুঠেই মিছা কথা নহয় ৷ সেইবাবেই আদিত্যনাথৰ প্ৰত্যাৱৰ্তনত হেঙাৰ হৈ থিয় দিছে নেকি কেন্দ্ৰীয় চৰকাৰ ? বাজেটত তাৰেই প্ৰতিফলন ঘটিছে নেকি ? এই প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰি সকলোতে চলিছে ব্যাপক চৰ্চা ৷ ৰাজনীতিৰ এনে জটিল অংকৰ সকলো হিচাপ অহা ১০ মাৰ্চৰ ভোটগণনাৰ দিনটোত স্পষ্ট হৈ পৰিব ৷
- Donation -