১০ দিনত ৯ বিজেপি নেতাক কিয় খেদিলে ৰাইজে ?

Share This Article

দেশৰ বৃহত্তম ৰাজ্যখনৰ নিৰ্বাচনত সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষনীয় হৈ পৰিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ কিন্তু তাৰ পূৰ্বে এতিয়া জনতাৰ ৰোষৰ সন্মুখীন হৈছে শাসকীয় বিজেপি দলৰ বিধায়ক তথা প্ৰাৰ্থীসকল ৷ বিগত ১০ টা দিনত ৯ গৰাকী বিজেপি নেতাই জনতাৰ ৰোষত পৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
দিল্লীত কৃষক আন্দোলন চলি থকা সময়ৰ পৰাই উত্তৰ প্ৰদেশৰ কৃষকসমাজ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল ৷ বিজেপি নেতাক গাঁৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছিল ৷ কৃষক বিদ্ৰহত সেও মানি কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিলেও যদিও কৃষকৰ ক্ষোভৰ উপশম ঘটা নাই ৷ নিৰ্বাচনৰ সময়তো দেখা গৈছে উত্তৰ প্ৰদেশৰ গাঁৱৰ ৰাইজৰ ক্ষোভৰ প্ৰতিফলন ৷ ইজনৰ পাছত সিজন বিজেপি নেতাক গাঁৱৰ পৰা খেদাই পঠিয়াইছে কৃষক সমাজে ৷ ৰাইজৰ ক্ষোভৰ পৰা সাৰি যোৱা নাই উত্তৰ প্ৰদেশৰ উপ –মুখ্যমন্ত্ৰীও৷ বিগত ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ উপ – মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য উপস্থিত হৈছিল নিজৰ বিধানসভা সমষ্টি গুলামীপুৰত ৷ কিন্তু সমষ্টিত উপস্থিত হোৱাৰ লগে লগে মহিলাসকলে কেশৱ প্ৰসাদ মৌৰ্যৰ বিৰুদ্ধে মুকলিকৈ শ্ল’গান দিবলৈ আৰম্ভ কৰে ৷ উপ – মুখ্যমন্ত্ৰী গৰাকীয়ে মহিলাসকলক বুজাবলৈ চেষ্টা কৰে যদিও তেওলোক শান্ত নহ’ল ৷ এই ভিডিও চোছিয়েল মেডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে ৷ তাৰ পাছতে ৰাইজৰ খঙ ক্ষোভৰ মুখামুখি হ’বলগীয়া হ’ল আন এজন বিজেপি এম এল চি সুৰেন্দ্ৰ চৌধুৰী ৷ তেও প্ৰয়াগৰাজ জিলাৰ এম এল চি ৷ কেশৱ প্ৰসাদ মৌৰ্যৰ হৈ প্ৰচাৰ চলাবলৈ ২৯ জানুৱাৰীত উপস্থিত হৈছিল অফজলপুৰত ৷ কিন্তু ৰাইজে তেওক গাৱত প্ৰৱেশেই কৰিবলৈ নিদিলে ৷ বিজেপি এম এল চি জনে ৰাইজক বুজাবলৈ চেষ্টা কৰে যে বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মান কৰিছে ৷ গতিকে সকলোৱে বিজেপিক সমৰ্থন দিয়া উচিত ৷ কিন্তু তাৰ পাছতো অফজলপুৰৰ ৰাইজে সুৰেন্দ্ৰ চৌধুৰীক গাঁৱত সোমাবলৈ নিদিলে ৷উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ পাছত এজনৰ পাছত আনজন বিধায়কে খেদা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত ৷ জালোনৰ উৰয় বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক গৌৰী শংকৰ বৰ্মাকো ২৯ জানুৱাৰীৰ দিনা ৰাইজে ওভতাই পঠিয়াই ৷ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত তেও নিজ বিধানসভা সমষ্টিত উপস্থিত হৈছিল ৷ কিন্তু ভোটাৰ ৰাইজে বিগত পাঁচ বছৰত এটাও পথ নিৰ্মান নকৰাৰ অভিযোগ উত্থাপণ কৰি মুকলিকৈ ক্ষোভ উজাৰে ৷ ২৫ জানুৱাৰীত বুলন্দচহৰ অঞ্চলৰ স্যানা বিধানসভা সমষ্টিৰ বিধায়ক দেবেন্দ্ৰ সিঙ উপস্থিত হৈছিল এখন গাৱত ৷ কিন্তু বিধায়কক দেখাৰ লগে লগে স্থানীয় ৰাইজে শ্ল’গান দি ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে ৷ ৰাইজৰ অভিযোগ – বিগত পাঁচ বছৰত না এটা পথ নিৰ্মান কৰিলে , না পানীযোগানৰ ব্যৱস্থা কৰিলে ৷ ৰাইজৰ ক্ষোভ দেখি বিধায়ক দেবেন্দ্ৰ সিঙে হাতযোৰ কৰি ক্ষমা বিচাৰে আৰু গাৱৰ পৰা ওলাই আহে ৷ ৰাইজৰ ভয়ত পলায়ন কৰা বিধায়কে আকৌ নিজ সমষ্টিৰ জনতাৰ ওপৰতে গোচৰ তৰাৰ ঘটনাও সংঘটিত হৈছে উত্তৰ প্ৰদেশত ৷ মুজাফ্ফৰপুৰ অঞ্চলৰ খতোলী সমষ্টিৰ বিজেপি বিধায়ক বিক্ৰম চেইনী ২০ জানুৱাৰীত প্ৰচাৰ চলাবলৈ উপস্থিত হৈছিল মনবৰপুৰ গাৱত ৷ কিন্তু বিধায়কক দেখি গাৱৰ ৰাইজে মুৰ্দাবাদ ধ্বনি দিবলৈ আৰম্ভ কৰে ৷ সেইদিনা বিধায়ক বিক্ৰম চেইনী গাৱখনৰ পৰা উভতি আহে যদিও ২৯ জানুৱাৰীত আকৌ এবাৰ উপস্থিত হয় একেখন গাৱত ৷ এইবাৰ গাৱৰ ৰাইজে তেওক আগভেটি ধৰি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে ৷ স্থানীয় ৰাইজ আৰু বিজেপি কৰ্মীৰ মাজত হতাহতিও লাগে ৷ এই ঘটনাত বিধায়কগৰাকীৰ গাড়ীৰ এখন আইনা চূৰ্ণ বিচূৰ্ণ হৈ যায় ৷ তাৰ পাছত বিধায়কে নিজ সমষ্টিৰ ভোটাৰৰ ওপৰতে গোচৰ তৰে ৷ বিজেপি বিধায়কক খেদি পঠিওৱাৰ ঘটনা ইমানতে শেষ নহয় ৷
মেৰঠৰ চিবলখাছ সমষ্টিৰ বিজেপি প্ৰাৰ্থী মনিন্দৰ পাল ৷ ২১ জানুৱাৰীত তেও নিজ সমষ্টিৰ পথোনী গাৱত উপস্থিত হৈছিল ৷ কিন্তু মনিন্দৰ পালৰ সন্মুখতে ৰাইজে আৰ এল ডি দলৰ মুৰব্বী জয়ন্ত চৌধুৰী জিন্দাবাদ ধ্বনি দিবলৈ আৰম্ভ কৰে ৷ পৰিস্থিতি অনুকূল নেদেখি মনিন্দৰ পাল গাৱখনৰ পৰা উভতি আহে ৷
আছমোলী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন্দ্ৰ সিঙো অনুৰূপ বিক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ২১ জানুৱাৰীত তেও শকৰপুৰ গাৱত উপস্থিত হোৱাৰ লগে লগে গাৱৰ ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে ৷ ভোটাৰসকলে মুকলি ক্ষোভ উজাৰি কয় যে গাজীপুৰ বৰ্ডাৰত বিজেপিয়ে কৃষকৰ বাবে ৰাস্তাত গজাল পুতিছিল ৷ গাৱৰ ৰাইজে সেই কথা এতিয়াও পাহৰি যোৱা নাই ৷ গতিকে এইবাৰ কোনেও বিজেপিক ভোট নিদিয়ে ৷ফিৰোজাবাদৰ জছৰানা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানবেন্দ্ৰ সিঙৰ পত্নী জ্যোতি কিৰণ নিৰ্বাচনী প্ৰচাৰৰ বাবে সমষ্টিত উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদৰ সন্মুখীন হয় ৷ যাৰ বাবে বিজেপি প্ৰাৰ্থীৰ পত্নী সমষ্টিৰ পৰা উভতি যাবলগীয়া হয় ৷ প্ৰেমপাল ধনগৰৰ দৰে বিজেপি প্ৰাৰ্থীক আকৌ নিজ দলৰ কৰ্মকৰ্তাই সমষ্টিত প্ৰৱেশত বাধা দিয়াৰ অভিযোগ উঠিছে ৷এনেদৰেই ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত মাত্ৰ ১০ দিনত ৯ বিজেপি নেতাই জনতাৰ পৰা খেদা খাবলগীয়া হৈছে ৷ আন দলৰ কোনো প্ৰাৰ্থীৰ ক্ষেত্ৰতে এনে বিৰোধিতা দেখা হোৱা নাই ৷ বিজেপিৰ বিৰুদ্ধে জনতাৰ এই ক্ষোভ ভোটলৈ ৰূপান্তৰ হ;লে বিজেপি যে কঠিন সময়ৰ মুখামুখি হ’ব লাগিব , তাত তিলমানো সন্দেহ নাই ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.