সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি কথা বেছিকৈ আৰু কি প্ৰয়োজনীয় কথা আটাইতকৈ কমকৈ উল্লেখ কৰিলে বাজেটত?

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ বাজেট।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট ভাষণ প্ৰদান কৰিছিল ৯১ মিনিট।আৰু এই ৯১ মিনিট অৰ্থাৎ ডেৰ ঘণ্টাত নিৰ্মলা সীতা ৰমনে উল্লেখ কৰিছিল ১০,৬৫০ টা শব্দ।তাৰ পাছতেই শাসক পক্ষ আৰু অন্য কিছু লোকে এয়া এক কল্যাণ বাজেট ৰূপে অভিহিত কৰিছে।দেশত এনেকুৱা কিছুমান মানুহ থাকে যিয়ে যি বাজেটই নহওঁক কিয় তেওঁলোকে সেয়া এক কল্যানকামী বাজেট ৰূপেই অভিহিত কৰে।লাগিলে সেই বাজেটৰ পৰা সাধাৰণ মানুহৰ যিমানেই অকল্যান নহওঁক কিয়।বাজেট সলনি হলেও তেওঁলোকৰ মতামত কেতিয়াও সলনি নহয়।কিন্তু বিত্ত মন্ত্ৰী সীতাৰমনে এই ১০,৬৫০ টা শব্দত কি কথা বেছিকৈ আৰু কি প্ৰয়োজনীয় কথা আটাইতকৈ কমকৈ উল্লেখ কৰিলে?
দেৰঘণ্টা সময় ধৈৰ্য্য ধৰি আপুনি নিশ্চয় নিৰ্মলা সীতাৰমনৰ বাজেটভাষণ শুনিছে।নিৰ্মলা সীতাৰমণে 1 ঘণ্টা 31 মিনিটৰ বাজেট ভাষণৰ সময়ছোৱাত মুঠ 10,650 টা শব্দৰ ভিতৰত বেছিভাগেই প্ৰায় 36 বাৰ ‘ডিজিটেল’ শব্দটোৰ উল্লেখ কৰিছিল।বেটি পঢ়াও বেটি বচাও শ্লগান দিয়া চৰকাৰখনৰ বাজেট ভাষণত ‘ছাত্ৰী’ আৰু ‘মহিলা’ শব্দটোয়ে মাত্ৰ এবাৰহে স্থান পালে।ইফালে কৃষকৰ আয় দুগুণ কৰাৰ কথা কোৱা,বাজেটক জনকল্যান কামী বাজেট ৰূপে অভিহিত কৰা বাজেট ভাষণত কৃষক,দৰিদ্ৰ,কৰোনা, নিযুক্তি,বিজুলী আদিৰ দৰে শব্দ অতি কম আছিল।তেওঁৰ গুৰুত্ব আছিল ‘ডিজিটেল’, ‘আন্তঃগাঁথনি’ আৰু ‘কৰ’ৰ দৰে শব্দৰ ওপৰত।এইবাৰৰ সীতাৰমণৰ বাজেট ভাষণ আছিল আটাইতকৈ চুটি। ইয়াৰ পূৰ্বে 2021 চনত, তেওঁ 1 ঘণ্টা 50 মিনিটৰ বাজেট ভাষণ ৰাখিছিল। ২০২০ চনত আটাইতকৈ দীঘল ২ ঘণ্টা ১৭ মিনিট আৰু ২০১৯ চনত ২ ঘণ্টা ৯ মিনিট আছিল তেওঁৰ বাজেট ভাষণ।
এইবাৰৰ 1 ঘণ্টা 31 মিনিটৰ বাজেট ভাষণত, বিদ্যুৎ, মহিলা আৰু শিক্ষাৰ্থী শব্দকেইটা মাত্ৰ এবাৰহে উচ্চাৰণ কৰা হৈছিল। ‘দৰিদ্ৰ’ আৰু ‘কোভিড’ শব্দটো দুবাৰ আৰু পানী পানী শব্দটো 3 বাৰ ব্যৱহাৰ কৰা হৈছিল। এইবাৰ বাজেটত ‘ৰোড’ শব্দটো মুঠ ৪ বাৰ ব্যৱহাৰ কৰা হৈছিল।’মহামাৰী’ আৰু ‘নিযুক্তি’ শব্দটো ৬ বাৰ উল্লেখ কৰা হৈছে।আনহাতে বিকাশ শব্দটো ১৬ বাৰ আৰু স্বাস্থ্য শব্দটো ১৭ বাৰ উল্লেখ কৰা হৈছিল।কিন্তু কৰ শব্দটো বাৰ উল্লেখ কৰা হৈছে ২২ বাৰ । আন্তঃগাঁথনি শব্দটো উল্লেখ কৰা হৈছে ৬ বাৰ।ডিজিটেল শব্দটো আটাইতকৈ বেছি 36 বাৰ ব্যৱহাৰ কৰা হৈছে।
মূল্য বৃদ্ধি সম্পৰ্কত কোনো কথা উল্লেখ নথকা এই বাজেটে মূল্যবৃদ্ধিত কেনেধৰণৰ প্ৰভাৱ পেলাব?
ডেৰ ঘন্টিয়া বাজেট ভাষণত মাত্ৰ দুবাৰ উচ্চাৰিত ছাত্ৰী, মহিলা,দৰিদ্ৰ শব্দকেইটাত দেশৰ ছাত্ৰী,মহিলা,দৰিদ্ৰতা সম্পৰ্কীয় সকলো দিশ সামৰিব পাৰিছেনে?
বাজেটত কোভিড সম্পৰ্কীয় কোনো ঘোষণা নথকাত আপোনাৰ মতামত কি?
এইবাৰ বাজেটত আটাইতকৈ বেছি গুৰুত্ব কোনটো বিষয়ত দিয়া হৈছে?
এই বাজেটক লৈ আপুনি সন্তুষ্ট নে?

- Donation -

Leave A Reply

Your email address will not be published.