সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি কয় যে শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা ব্যৱস্থা পৰ্যাপ্ত নহয়৷ এই পৰিস্থিতিৰ সলনি কৰাৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বিনামূলীয়া যাত্ৰা ,আশ্ৰয় আৰু ভোজনৰ ব্যৱস্থা চৰকাৰে কৰা উচিত ৷ ন্যায়াধীশ অশোক ভূষণ , সঞ্জয় কিষণ কৌল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি কয়,”দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা মজদুৰসকলৰ সমস্যাৰ বিষয়টো ন্যায়ালয়ে গুৰুত্বসহকাৰে লৈছে ৷ টেলিভিছন আৰু বাতৰি কাকতত শ্ৰমিকসকলে খোজকাঢ়ি বা চাইকেলেৰে দীঘলীয়া পথ অতিক্ৰম কৰাৰ খবৰ নিতৌ প্ৰকাশ হৈ আছে ৷এয়া অতি দুৰ্ভাগ্যপূৰ্ণ ৷সমাজৰ এই লোকসকলক চৰকাৰৰ বিশেষ সহায়ৰ প্ৰয়োজন আছে ৷ ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও মজদুৰসকলৰ সহায় হোৱাকৈ পদক্ষেপ লোৱা উচিত ৷” উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰক জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.