তেলেংগনা হাইকোৰ্টৰ তীব্ৰ ভত্সৰ্নাৰ সন্মুখীন তেলেংগনা চৰকাৰ

Share This Article

কমসংখ্যক কোভিড-১৯ টেষ্ট কৰাৰ বাবে আদালতৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে তেলেংগনা চৰকাৰ। মংগলাবাৰে এটা জনস্বাস্থ্য সম্পৰ্কীয় শুনানিত হাইকৰ্টে কয় যে ৰাজ্য চৰকাৰে কমসংখ্যক টেষ্ট কৰি ক’ৰোনাক উপেক্ষা কৰিছে আৰু কমসংখ্যক কোভিড-১৯ৰ টেষ্টৰ বাবে অৰ্থনৈতিক বাধাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে চৰকাৰে। ৰাজ্যখনৰ মুখ্য বিচাৰপতি ৰাঘবেন্দ্ৰ সিং চৌহান আৰু বিচাৰপতি বি বিজয়সেন ৰেড্ডিৰ যৌথ বেঞ্চে তেলেংগনা চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁলোকৰ প্ৰশ্ন- কমসংখ্যক টেষ্ট কৰিলে কিদৰে গম পাব যে কিমান লোক দৰাচলতে ক’ৰোনাত সংক্ৰমিত হৈছে। তাৰপিছতেই আদালতে কে চন্দ্ৰচেখৰ ৰাওৰ চৰকাৰক লক্ষ্য কৰি কয় যে- সুশাসনৰ বাবে মানুহৰ জীৱনৰ মূল্য অতিকৈ গুৰুত্বপূৰ্ণ।
গোটেই দেশত যিদৰে ক’ৰোনা সংক্ৰমণৰ ঘটনা লক্ষাধিক হৈছেগৈ , তেনেসময়ত চাবলৈ গ’লে তেলেংগনাৰ পৰিসংখ্যা ইমান এটা চিন্তাজনক নহয়। কিন্তু বহুতৰ মতে বাস্তৱ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া। বিৰোধী আৰু বহু নাগৰিকৰ মতে টেষ্ট কম হোৱাৰ বাবেই সংক্ৰমণৰ সংখ্যা কম হৈছে। সেই কাৰণেই ৰাজ্যখনৰ প্ৰকৃত ছবিখন প্ৰকাশ হোৱা নাই।
এনে পৰিপ্ৰেক্ষিততেই ন্যায়ালয়ত প্ৰফেছৰ পি এল বিশ্বেশ্বৰ ৰাও-এ এক জনস্বাৰ্থজনিত আবেদন কৰিছে । অন্য ৪টাকৈ গোচৰো ৰুজু হৈছে হাইকোৰ্টত। আবেদনকাৰীসকলৰ দাবী- তেলেংগনাৰ বহু এলেকা ৰেড জ’ন ঘোষণা কৰিলেও উপযুক্ত সংখ্যক টেষ্ট কৰোৱা নাই ৰাজ্য চৰকাৰে। অৱশ্যে ৰাজ্য চৰকাৰৰ এডভোকেট জেনেৰেল বিএছ প্ৰসাদে দাবী কৰে যে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ICMR-এ জাৰি কৰা নিয়ম অনুসৰিয়ে সকলো স্থিতিত কাম-কাজ চলাই যোৱা হৈছে।
কিন্তু তেলেংগনা চৰকাৰৰ কাম-কাজত একেবাৰেই সন্তুষ্ট নহয় তেলেংগনা হাইকোৰ্ট। এই মাহৰ প্ৰথমৰ পৰা ২৫ মেলৈকে তেলেংগনাৰ লগতে নিৰ্মল আৰু সূৰ্যপেট জিলাত কিমান সংখ্যক কৰোনা টেষ্ট কৰোৱা হল,তাৰ তথ্য বিচাৰিছে হাইকাৰ্টে। কিন্তু তেলেংগনা চৰকাৰে মৃতদেহৰ ওপৰত কৰোনা টেষ্ট কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই।
বিগত মাহত ৰাজ্যখনৰ স্বাস্থবিভাগে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছিল। তেলেংগনা চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক লৈ আলোচনাত মিলিত হৈছে। কিন্তু ৰাজ্য চৰকাৰৰ এই আদেশ খাৰিজ কৰি ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে শবদেহ পৰিয়ালক দিয়াৰ পূৰ্বে কোভিড-১৯ টেষ্ট কৰিব লাগিব। লগতে প্ৰবাসী শ্ৰমিকৰ সংখ্যাৰ লগেত তাৰ ভিতৰত কিমান সংখ্যকৰ টেষ্ট কৰোৱা হৈছে, তাৰ সন্দৰ্ভতো তলব কৰিছে ৰাজ্য চৰকাৰখনক।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.