সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ টাৰ্গেট JNU ৰ ছাত্ৰী

চেলা ৰশ্বিদ শ্ব’ৰা নামৰ এগৰাকী মহিলাই ২০১৯ চনত দিয়া দুটা টুইটাৰ আপডেটৰ বাবে আইনী প্ৰক্ৰিয়া আগবঢ়োৱাৰ অনুমতি দিছে দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাই।২০১৯ চনৰ ৩ ছেপ্তেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাত এক গোচৰ ৰুজু হৈছিল।ভাৰতীয় দণ্ডবিধিৰ ১৫৩(ক) ধাৰাত চেলা ৰশ্বিদ শ্ব’ৰাৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছিল।আলেখ আলোক শ্ৰীবাস্তৱ নামৰ এগৰাকী অধিবক্তাই এই গোচৰ ৰুজু কৰিছিল।বৰ্তমান এই গোচৰটোৰ তদন্তৰ বাবে গৃহবিভাগে অনুমোদন জনাইছে।ইতিমধ্যে উপৰাজ্যপাল চাক্সেনায়ো ৰশ্বিদৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়টোত অনুমোদন জনাইছে।ৰশ্বিদ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপসভাপতি৷ ক’ড অফ ক্ৰিমিনেল প্ৰচিডিয়ৰৰ ১৯৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।অভিযোগটোত অভিযোগকাৰীয়ে কৈছে “ ২০১৯ চনৰ ১৮ আগষ্টত কাশ্মীৰ নিবাসী চেলা ৰশ্বিদ নামৰ মহিলা গৰাকীয়ে ভাৰতীয় সেনাৰ বিৰুদ্ধে দুটা টুইট কৰিছিল।তাত তেওঁ লিখিছিল ” সশস্ত্ৰ বাহিনীৰ লোক সকল নিশাৰ ভাগত মানুহৰ ঘৰত প্ৰৱেশ কৰে,ল’ৰাবোৰক লৈ যায়,ঘৰবোৰ লণ্ডভণ্ড কৰে,চাউলবোৰ মজিয়াত পেলাই তাত তেল ঢালি সেইবোৰ নষ্ট কৰি পেলায়।”পুনৰ আন এটা টুইটত একেদিনাই দিনৰ ১২বজাত তেওঁ লিখিছিল ‘ ছ’ফিয়ানত থকা সেনাৰ শিবিৰলৈ ৪জন লোকক লৈ যোৱা হৈছিল।তেওঁলোকৰ কাষতে এটা মাইক থোৱা হৈছিল৷তাৰ পৰা এনেকুৱা কিছুমান শব্দ প্ৰতিধ্বনিত হৈছিল য’ত তেওঁলোকৰ আৰ্তনাদৰ শব্দ শুনা গৈছিল।প্ৰকৃততে ইয়াৰ জৰিয়তে নিকটৱৰ্তী অঞ্চলত এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা হৈছিল।”গৃহ বিভাগে বহুত পৰ্যবেক্ষণৰ অন্তত গোচৰটো সম্পৰ্কত কয় “ যিটো ঠাইৰ পৰা আৰু যিটো শৈলীৰে এই টুইট কৰা হৈছে তাৰ পৰাই এটা কথা স্পষ্ট যে এই অভিযোগবোৰ মিছা ।সকলো টুইটেই অপৰাধ নহয়।কিন্তু এনে টুইটবোৰ ধৰ্মীয় আৱেগ জড়িত আৰু শান্তি বিঘ্নিত কৰাৰ বাবে কৰা হৈছে।”

Leave A Reply

Your email address will not be published.