সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিঃশেষ হ’ব গণতন্ত্ৰ !

সম্পূৰ্ণ দুটা বছৰৰ পিছত ৱাশ্বিংটন ডি চিত সংঘটিত ঘটনাৰ পুনৰাবৃত্তি ঘটিছে ব্ৰাজিলৰ ব্ৰাছিলিয়াত।ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভৱন আৰু উচ্চতম ন্যায়ালয় লণ্ডভণ্ড কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সমৰ্থকে।দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জায়েৰ বলচনাৰ’ৰ সমৰ্থকে দেওবাৰে এনেদৰে ভাঙি চূৰমাৰ কৰিলে দেশখনৰ সন্মানীয় উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰপতি ভৱন।এনে এক ঘটনা ৱাশ্বিংটন ডি চিত সংঘটিত হৈছিল দুটা বছৰ পূৰ্বে৷ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ সমৰ্থকে ভাঙি লণ্ডভণ্ড কৰিছিল ৰাষ্ট্ৰপতিৰ কাৰ্যালয়।ব্ৰাজিলৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা ডা চিলভাই এই আক্ৰমণক ‘ফেচিষ্ট ‘ আক্ৰমণ আখ্যা দিছে।দেওবাৰে সেউজীয়া আৰু হালধীয়া ৰঙৰ পতাকা লৈ ব্ৰাছিলিয়াৰ ৰাষ্ট্ৰপতি ভৱন আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সমৰ্থকে৷ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ সমৰ্থকে ৰাষ্ট্ৰপতি ভৱন আৰু উচ্চতম ন্যায়ালয়ৰ অট্টালিকাৰ দুৱাৰ-খিৰিকী ভঙাৰ লগতে অগ্নি সংযোগ কৰে।২০২১ বৰ্ষৰ ৬ জানুৱাৰীত এনে এক ঘটনাৰ সাক্ষী হৈছিল আমেৰিকা৷প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সমৰ্থকে ইউএছ কেপিটেল বিল্ডিঙত আক্ৰমণ চলাইছিল বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বিৰোধিতা কৰি।ঘটনা সংঘটিত হোৱাৰ সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি লুলা ব্ৰাজিলৰ ৰাজধানী চহৰ ব্ৰাচিলিয়াৰ পৰা যথেষ্ট দূৰত অৱস্থিত আৰাৰাকুৰাত আছিল।অঞ্চলটোৰ বানবিধস্ত এলেকাবোৰ তেওঁ পৰিদৰ্শন কৰি আছিল আৰু সেই সময়ত তেওঁ চৰকাৰৰ আন সকলৰ ওপৰত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব ন্যস্ত কৰিছিল।উল্লেখযোগ্য যে বলচনাৰ’কক পৰাস্ত কৰি বিগত সপ্তাহত লুলাই ব্ৰাজিলৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।বৰ্তমানৰ ৰাষ্ট্ৰপতি লুলাই কয় “ এনেকুৱা ফেচিষ্ট ফেনাটিক দেশত আগতে কেতিয়াও নাছিল।”বিগত ৩০ অক্টোবৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত বলচনাৰ’ পৰাস্ত হৈছিল যদিও অতি কম ভোটত বৰ্তমানৰ ৰাষ্ট্ৰপতি লুলা জয়লাভ কৰা বাবে তেওঁৰ সমৰ্থকে এই নিৰ্বাচনী ফলাফল মানি লোৱা নাছিল।প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ সমৰ্থকে ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ কংগ্ৰেছ বিল্ডিং দখল কৰি দেশখনত সামৰিক হস্তক্ষেপ দাবী কৰে দেওবাৰে।প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ উদণ্ড সমৰ্থকে কংগ্ৰেছ বিল্ডিঙৰ দুৱাৰ -খিৰিকী ভাঙি লণ্ডভণ্ড কৰাৰ ওপৰিও অশ্বাৰোহী আৰক্ষীকো মাৰধৰ কৰে।প্ৰাক্তন ৰাষ্ট্ৰপতিৰ উদণ্ড সমৰ্থক চাৰাহ লীমাই কয় যে তেওঁলোকে এই অন্যায় পন্থাৰে অনুষ্ঠিত।উল্লেখযোগ্য যে বলচনাৰ’কক পৰাস্ত কৰি বিগত সপ্তাহত লুলাই ব্ৰাজিলৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।বৰ্তমানৰ ৰাষ্ট্ৰপতি লুলাই কয় “ এনেকুৱা ফেচিষ্ট ফেনাটিক দেশত আগতে কেতিয়াও নাছিল।”বিগত ৩০ অক্টোবৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত বলচনাৰ’ পৰাস্ত হৈছিল যদিও অতি কম ভোটত বৰ্তমানৰ ৰাষ্ট্ৰপতি লুলা জয়লাভ কৰা বাবে তেওঁৰ সমৰ্থকে এই নিৰ্বাচনী ফলাফল মানি লোৱা নাছিল।প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ সমৰ্থকে ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তা বেষ্টনী পাৰ হৈ কংগ্ৰেছ বিল্ডিং দখল কৰি দেশখনত সামৰিক হস্তক্ষেপ দাবী কৰে দেওবাৰে।প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ উদণ্ড সমৰ্থকে কংগ্ৰেছ বিল্ডিঙৰ দুৱাৰ -খিৰিকী ভাঙি লণ্ডভণ্ড কৰাৰ ওপৰিও অশ্বাৰোহী আৰক্ষীকো মাৰধৰ কৰে।প্ৰাক্তন ৰাষ্ট্ৰপতিৰ উদণ্ড সমৰ্থক চাৰাহ লীমাই কয় যে তেওঁলোকে এই অন্যায় পন্থাৰে অনুষ্ঠিত নিৰ্বাচনী ফলাফল মানি নলয়।ৰাষ্ট্ৰপতি ভৱন আৰু ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ আক্ৰমণৰ ঘটনাক সমগ্ৰ বিশ্বই কঠোৰ ভাষাৰে সমালোচনা কৰিছে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ব্ৰাজিলৰ ঘটনাক গৰিহণা দি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলাক টেগ কৰি টুইটাৰত লিখিছে“ গণতান্ত্ৰিক পন্থাক সকলোৱে সন্মান দিয়া উচিত৷ব্ৰাচিলিয়াত সংঘটিত ঘটনাক লৈ মই গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছোঁ৷ব্ৰাজিল কৰ্তৃপক্ষৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে।”ৰাষ্ট্ৰপতি পদৰ পৰাজিত প্ৰাৰ্থী বলচনাৰ বৰ্তমান ফ্লৰিডাত থকা বুলি সংবাদপত্ৰত প্ৰকাশ পাইছে৷বিগত ডিচেম্বৰ মাহৰ পৰাই তেওঁ তাতেই আছে বুলিও বাতৰিত প্ৰকাশ।নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি বলচনাৰ প্ৰায় এটা মাহ তাতেই থাকিব।দেশ এৰাৰ সময়ত তেওঁ তেওঁৰ সমৰ্থক সকলক শান্তিপূৰ্ণ পৰিস্থিতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছিল ।দেওবাৰে আবেলি তেওঁ টুইটাৰত লিখিছে ‘ শান্তিপূৰ্ণ প্ৰতিবাদ গণতন্ত্ৰৰ এটা অংশ।’বৰ্তমান অৱশ্যে দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন।

Leave A Reply

Your email address will not be published.