বিহুৰ প্ৰস্তুতি পাহাৰতো

Share This Article

ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ তিনিআলিত ।পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন ।ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ মাজত মাথো কেইটামান দিন । অসমৰ চহা জীৱনৰ জাতীয় উৎসৱৰ ভিতৰত মাঘৰ বিহু হৈছে অন্যতম ৷ ইয়াকে লৈ ইতিমধ্যে অসমৰ চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে। ঠায়ে ঠায়ে চলিছে মেজিঘৰ বনোৱা তথা পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰাৰ বাবে বিশেষ প্ৰস্তুতি । মাঘ বিহুৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ তিনিআলিৰ ৰাইজেও এইবেলি মাঘৰ বিহুক আদৰিবৰ কাৰণে বিশেষভাবে তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে।।প্ৰতিবছৰৰ দৰে এই বছৰো উদযাপন কৰিবলৈ ওলাইছে বাপতি সাহোন মাঘৰ বিহু কিন্তু প্ৰথম বাৰৰ বাবে এয়া এক ব্যতিক্ৰমী ৰূপত ।উল্লেখযোগ্য যে আগন্তুক ১৩ , ১৪ আৰু ১৫ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰজাপথাৰ তিনিআলি কৃষি ক্ষেত্ৰত মাঘ বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে কৃষি ক্ষেত্ৰত লাইখুঁটাও স্থাপন কৰা হৈছে ।এই সংক্ৰান্তত উদযাপন সমিতিৰ সভাপতি তথা ৰজাপথাৰ তিনিআলি অঞ্চলৰ বিশিষ্ট ব্যক্তি উমেশ কাকতিয়ে কয় যে বিশ্বায়নৰ প্ৰভাৱ আমাৰ গাওঁ অঞ্চলত পৰিছে । সংস্কৃতিক আমি ধৰি ৰাখিব লাগিব ।জ্যেষ্ঠজনৰএ প্ৰতি যি সন্মান, পৰম্পৰাগত আমাৰ যি মিলাপ্ৰীতি , সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত আমি যি পদক্ষেপ ল’ব লাগে, এই সকলোখিনি যাতে গাঁও অঞ্চলৰ পৰাই আৰম্ভ হয় ।আমি সেই মেচেজ দিব বিচাৰিছোঁ যে আমি ভেম পৰিত্যাগ কৰি স্ব উপাৰ্জিত পৰিশ্ৰমেৰে সংস্কৃতিক সংৰক্ষণ কৰিব লাগে। সংস্কৃতি ভোগৰ কাৰণে নহয়, আমাৰ মাজত যি অমিল আছে, সেইবোৰ আমি পৰিহাৰ কৰি ভাতৃত্ববোধেৰে থাকিব লাগিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.