সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘নিজকে ৰামভক্ত বুলি ভৱাসকল মূৰ্খ’

নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে ভগৱান ৰামক কেৱল হিন্দুৰে ভগৱান নহয় বুলি কয়।যিসকলে ৰামক হিন্দুৰ বুলি দাবী কৰি আহিছে তেওঁলোকে কেবল ভোটৰ কাৰণেহে ৰামক তেওঁলোকৰ বুলি দাবী কৰে।এগৰাকী পাকিস্তানী লেখকৰ উদ্ধৃতি দি ফাৰুক আব্দুল্লাই কয় ভগৱান ৰাম সকলোৰে বাবে ভগৱান আৰু তেওঁক আল্লাই সকলোকে শুদ্ধ পথ দেখুওৱাবৰ বাবে পৃথিৱীলৈ পঠিয়াইছে।
আব্দুল্লাই কয় ‘ মই আপোনালোকক ক’ব বিচাৰোঁ যে ৰাম কেৱল হিন্দুৰ ভগৱান নহয়।সেই ধাৰণাটো আমি সলনি কৰিব লাগিব।ভগৱান ৰাম সকলোৰে ভগৱান।মুছলমান,খ্ৰীষ্টান সকলোৰে ভগৱান এই ৰাম।ঠিক সেইদৰে আল্লাও সকলোৰে ভগৱান।এগৰাকী বিখ্যাত পাকিস্তানী লেখক যিগৰাকীয়ে অলপ দিন আগত মৃত্যুক সাৱটিলে তেওঁ কৈছিল যে ভগৱান ৰামক আমাক সকলোকে ভাল পথ দেখুৱাবলৈ ভগৱানে দূত হিচাপে পৃথিৱীলৈ পঠিয়াইছে।সেয়ে যিসকলে নিজক কেৱল ভগৱান ৰামৰ ভক্ত বুলি ভাৱে সেইসকল প্ৰকৃততে মুৰ্খ।তেওঁলোকে ৰামক বিক্ৰী কৰিব বিচাৰে,তেওঁৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা-আন্তৰিকতা নাই৷তেওঁলোকে ক্ষমতাৰ বাবেহে তেনে কৰে।’ফাৰুক আব্দুল্লাই লগতে কয় ‘ৰাম মন্দিৰ নিৰ্বাচনৰ সময়ত উদ্বোধন কৰা হ’ব৷ইয়াৰ বাবে বহু ধনো ব্যয় কৰা হ’ব।’তেওঁ লগতে কয় ‘ সদায় আপোনালোকে ভোটৰ ক্ষমতাৰ কথা মনত ৰাখিব।সৰ্বশক্তিমান বৃটিছক কেনেকৈ স্বাধীনতা সংগ্ৰামীসকলে একেলগ হৈ খেদি পঠিয়ালে সেই কথা আপোনালোকে উপলব্ধি কৰিব।সেই স্বাধীনতা সংগ্ৰামী সকলে ঐক্যবদ্ধ হওঁতে কেতিয়াও ধৰ্ম,জাতিক লৈ ভিন্নতা থকাৰ কথাটো অনুভৱ কৰা নাছিল।সদায় সেই স্বাধীনতা সংগ্ৰামীসকলক মনত পেলাব কাৰণ তেওঁলোকৰ বাবেই আপোনালোকে ভোটাধিকাৰ লাভ কৰিছে।’

Leave A Reply

Your email address will not be published.