কিহৰ ছদ্মবেশত আছে অমৃতপাল সিং?

Share This Article

বিগত ১৮ মাৰ্চৰ পৰা পলাই থকা অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীয়ে তালাচী অভিযান জোৰদাৰ কৰিছে যদিও কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই।’ৱাৰিছ পাঞ্জাৱ দে’ৰ মূৰব্বী অমৃতপাল সিঙৰ ১৮ মাৰ্চৰ পৰা আৰক্ষীয়ে কোনো সন্ধান লাভ কৰা নাই।খালিস্তানী নেতাগৰাকীয়ে জলন্ধৰৰ গুৰুদ্বাৰটোত তেওঁৰ সহযোগী সকলৰ লগত প্ৰায় এঘণ্টা সময় কটাইছিল।তাত তেওঁ নিজৰ শিখ পোচাক সলাইছিল আৰু শ্বাৰ্ট,পেণ্ট আৰু গোলপীয়া পাগুৰি পিন্ধি লৈছিল৷সেই পিংক পাগুৰিটো আছিল গ্ৰান্থিৰ পুত্ৰৰ।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অমৃতপাল সিঙে জলন্ধৰৰ গ্ৰান্থিৰ ফোন নম্বৰ ব্যৱহাৰ কৰি হাৰিয়ানাৰ ৰেৱাৰীৰ এজন ব্যক্তিৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছে৷তেওঁ তেওঁৰ দুগৰাকী সমৰ্থকক ফোন কৰি দুখন মটৰ চাইকেল যোগাৰ কৰিবলৈ কৈছিল।সেইদিনা আছিল গ্ৰান্থিৰ পুত্ৰৰ বিবাহৰ দিন।সেই সময়ত তেওঁলোকৰ গুৰুদ্বাৰ চৌহদলৈ যথেষ্ট সংখ্যক অতিথি আহিছিল আৰু তেওঁলোকে অমৃতপালকো তেনে কোনো অতিথি বুলিয়েই ভাবি লৈছিল।অমৃতপালে গুৰুদ্বাৰত প্ৰৱেশ কৰাৰ পাছত বন্দুক দেখুৱাই ভীতি প্ৰদৰ্শন কৰিছিল৷অমৃতপালে ফোনটো ব্যৱহাৰ কৰি এৰি থৈ গুছি গৈছিল৷আৰক্ষীয়ে বৰ্তমান অমৃতপাল সিঙে ব্যৱহাৰ কৰা ফোনটো তন্ন তন্নকৈ পৰীক্ষা কৰিছে।গুৰুদ্বাৰৰ ধৰ্মগুৰুজনে কয় যে তেওঁ ব্ৰীজা কাৰখন গুৰুদ্বাৰৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত ৰখাইছিল।গাড়ীখনৰ পৰা আৰক্ষীয়ে এটা ৰাইফল আৰু কেইবাখনো তৰোৱাল উদ্ধাৰ কৰিছে৷পঞ্জাব আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে লুক আউট নটিছ জাৰি কৰিছে।বিমানবন্দৰবোৰতো ৰেড এলাৰ্ট জাৰি কৰিছে।এতিয়ালৈকে এই সম্পৰ্কত ১৫৪ জন খালিস্তানী সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.