মোডীৰ বিৰুদ্ধে গৰ্জন ‘শূপৰ্ণখা’ৰ

Share This Article

২০১৮ চনত এই ‘শূপৰ্ণখা’ৰ আৱিৰ্ভাৱ হৈছিল সংসদত৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই নেত্ৰীগৰাকীক সমালোচনা কৰিছিল ‘শূপৰ্ণখা’ বুলি।এতিয়া তেওঁ আজিৰ পৰা ৫ বছৰৰ আগৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে৷এটা টুইটত নেত্ৰীগৰাকীয়ে লিখিছে ‘ময়ো চাওঁ কিমান খৰকৈ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰে।’
এই নেত্ৰীগৰাকী আন কোনো নহয়, তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰী।কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ২০১৮ চনৰ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।তাত প্ৰধানমন্ত্ৰী মোডীয়ে ৰামায়ণৰ এক ঐতিহাসিক চৰিত্ৰ শূপৰ্ণখাৰ লগত তেওঁক তুলনা কৰিছে। শূপৰ্ণখা তেওঁৰ বিকট হাঁহিৰ বাবে বিখ্যাত।’ সদনৰ মজিয়াত মোক শূপৰ্ণখাৰ লগত তুলনা কৰিছিল তেওঁ।মই তেওঁৰ বিৰুদ্ধে এক মানহানি গোচৰ তৰিম।চাওঁচোন এই বিচাৰ কিমান খৰতকীয়া হয়?’উল্লেখ্য যে ২০১৯ চনত কৰ্ণাটকৰ কোলাৰৰ এক নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘সকলো মোডীয়েই চোৰ কিয় হয় ‘বুলি প্ৰশ্ন কৰিছিল।তাৰ বিৰুদ্ধে গোচৰ তৰিছিল এগৰাকী মোডী উপাধিৰ বিধায়কে।ইয়াৰ পিছতেই চুৰাট আদালতে বৃহস্পতিবাৰে এক ৰায় প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীৰ সন্মান হানি কৰাৰ অপৰাধত দুই বছৰৰ কাৰাদণ্ডৰ কথা ঘোষণা কৰে।সেই সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীও আদালতত উপস্থিত আছিল আৰু তেওঁ কৈছিল যে তেওঁ আচলতে কাকো লক্ষ্য কৰি তেনে মন্তব্য ৰখা নাছিল।ইয়াৰ পাছতেই ৰেণুকা চৌধুৰীয়ে কয় ‘ ৰাহুল গান্ধীয়ে দুৰ্নীতিৰ বিৰুদ্ধে কৰা যুঁজখনত ক্ষমা নোখোজাৰ সিন্ধান্ত লৈছে৷তেওঁ সঁচা কথা কোৱাৰ বাবে ক্ষমা নোখোজে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.