সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নাগৰিকত্বৰ যুঁজত হাৰ মানি কিয় আত্মহত্যা কৰিলে মাণিক দাসে ?

নাগৰিকত্বৰ যুঁজত হাৰ মানি আত্মহত্যা কৰিলে অসমৰ এজন ৬০ বছৰীয়া লোকে ৷ নিজৰ আৰু জীয়ৰীৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰি এই লোকজনে আত্মহত্যা কৰিবলগীয়া হোৱাৰ বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি , অসমৰ মৰিগাঁও জিলাৰ এজন লোকে এই কঠিন সিদ্ধান্ত লয় ৷ তেওৰ নাম মাণিক দাস ৷ বয়স ৬০ ৷ ঘৰ মৰিগাঁৱৰ বৰখাল গাৱত ৷ বৃত্তিত এজন মাছ বেপাৰী ৷ পত্নী , দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰে মাণিক দাসৰ ভৰপূৰ সংসাৰ চলি আছিল ৷ কিন্তু হঠাৎ বিদেশী ন্যায়াধিকৰণৰ পৰা ২০১৯ চনত এখন নটিচ আছে মাণিক দাসৰ ঘৰলৈ ৷ য’ত তেওক নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিবলৈ কোৱা হয় ৷ মাণিক দাসৰ পৰিয়ালৰ সকলো লোকৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছিল ৷ কিন্তু তাৰ পাছতো তেওক নাগৰিকত্বৰ প্ৰমান ন্যায়াধিকৰণত দিবলৈ কোৱা হ’ল ৷ এই কথা সদৰী কৰি মাণিক দাসৰ পুত্ৰ কাৰ্তিক দাসে কয় যে তেওৰ পিতৃ সকলো শুনানিত উপস্থিত আছিল ৷ কিন্তু আইনী যুঁজৰ বাবে প্ৰয়োজন হোৱা টকা পইচা তেও যোগাৰ কৰিব নোৱাৰা হৈ আহিছিল ৷ যাৰ বাবে হতাশো হৈ পৰিছিল ৷ জাগীৰোডত শুকান মাছ বেছি মাণিক দাসে তেওৰ পৰিয়ালেই চলাব নে নাগৰিকত্বৰে প্ৰমান দিব ৷ এনে এক অৱস্থাত হতাশগ্ৰস্থ হৈ অৱশেষত তেও আত্মহত্যাৰ সিদ্ধান্ত লয় ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি মাণিক দাস যোৱা দেওবাৰৰ পৰাই নিখোজ হৈ আছিল ৷ মঙলবাৰে তেওৰ মৃতদেহ উদ্ধাৰ হয় ঘৰৰ সমীপতে ৷ পৰিয়ালে জনোৱা মতে নাগৰিকত্ব প্ৰমানৰ আইনী প্ৰক্ৰিয়াত ১ লাখতকৈও অধিক ধন ব্যয় হোৱাত তেও মানসিকভাৱে ভাগি পৰিছিল ৷ যাৰ বাবে আত্মহত্যাৰ পথ বাচি লয় ৷ ইফালে আৰক্ষীৰ মতে পাৰিবাৰিক কাৰণতহে মাণিক দাসে আত্মহত্যা কৰিছে ৷ এই ঘটনাই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.