দণ্ডনীয় অপৰাধৰ অভিযোগ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে

Share This Article

বিগত বর্ষৰ দিপাৱলীত জম্মু কাশ্মীৰলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷২০২১ চনৰ ৪ নবেম্বৰত জম্মু কাশ্মীৰৰ নৌশেৰাত ভাৰতীয় সেনাৰ সৈতে দিপাৱলী উদযাপন কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷ভাৰতীয় সেনাৰ সৈতে দিপাৱলী উদযাপন কৰি নৰেন্দ্ৰ মোদীয়ে কৈছিল,আমাৰ সেনা জোৱান সকল মা ভাৰতীৰ ৰক্ষা কবচ৷মই প্ৰতিবাৰেই সীমান্তত আমাৰ সেনা জোৱান সকলৰ সৈতে দিপাৱলী উদযাপন কৰো৷আজি মই আমাৰ কোটি কোটি জনতাৰ আর্শীৰবাদ লৈ ইয়ালৈ আহিছো৷
হয়তু আপোনালকেই সিদিনা টেলিভিচনৰ পর্দাত সেনাৰ পোচাক পৰিহিত নৰেন্দ্ৰ মোদীক দেখা পাইছিল জম্মু কাশ্মীৰত৷কিন্তু তাতেই দণ্ডনীয় অপৰাধ সংঘটিত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷কাৰণ আদালতে সেনাৰ পোচাক পৰিধান কৰাৰ দণ্ডনীয় অপৰাধৰ এক অভিযোগত এতিয়া জাননী প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীৰ কার্যালয়লৈ৷উত্তৰ প্ৰদেশৰ এখন জিলা আদালতে এই জাননী প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ কার্যালয়লৈ৷

অধিবক্তা ৰাকেশ নাথ পাণ্ডেই উত্তৰ প্ৰদেশৰ প্ৰায়াগৰাজ জিলা আদালতত এই সন্দর্ভত বিগত বর্ষৰ ডিচেম্বৰ মাহত দাখিল কৰিছিল আবেদন৷আবেদনত কোৱা হৈছিল যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰত সেনাৰ পোচাক পৰিধান কৰাটো ভাৰতীয় দণ্ডবিধি আইনৰ ১৪০ ধাৰাৰ অধীনত দণ্ডনীয় অপৰাধ৷সেই আবেদেন পর্যবেক্ষণৰ পিছতেই জিলা আদালতখনৰ ন্যায়াধীশ নলীন কুমাৰ শ্ৰীবাস্তবে প্ৰধানমন্ত্ৰী মোদীৰ কার্যালয়লৈ প্ৰেৰণ কৰিছে জাননী৷এই সন্দর্ভত আগন্তুক ২ মার্চত শুনানীৰ দিন ধার্য কৰিছে আদালতে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.