Investigative reporting with dedication.

এবছৰৰ বাবে স্থগিত হ’ল অসম সাহিত্য সভাৰ অধিৱেশন। অকল অধিৱেশনেই নহয় এবছৰৰ বাবে বৃদ্ধি কৰা হ’ল বৰ্তমানৰ কাৰ্যকালত থকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল। বৰ্তমান কাৰ্যকালত থকা সমিতিখনে সময়ত সভাৰ অধিৱেশন, সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰাৰ বাবে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱা মাজতে সভাৰ কাৰ্যকাল আৰু এবছৰৰ বৃদ্ধি কৰি দিছে। ইয়াৰ মাজতে অসম সাহিত্য সভা ৰাজনীতিৰ মেৰপাকত সোমোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, নাৰায়ণপুৰত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈকে অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হোৱা কথা আছিল। কিন্তু ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত নহ’ল অধিৱেশন। উল্লেখ্য যে, বৰ্তমানৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল ২০২৩ চনৰ ৪ ফেব্ৰুৱাৰীলৈকে।




