সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দোষ কাৰ-চৰকাৰ নে ৰাজ্যপালৰ?

ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত শেহতীয়াকৈ বৃদ্ধি পাইছে তিক্ততা৷শেহতীয়াকৈ তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বৃদ্ধি পাইছে ব্যৱধান ।তামিলনাডুৰ শাসক দল ডিএমকেই ৰাজ্যপালে প্ৰচলিত নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।তামিলনাডুৰ ৰাজ্যপাল গৰাকীয়ে বিধানসভাৰ অধিৱেশনৰ আৰম্ভণিতে দিবলগীয়া ভাষণত চৰকাৰে লিখি দিয়া ভাষণ পাঠ কৰাৰ সলনি নিজাকৈ ভাষণ পাঠ কৰিছিল৷অৱশ্যে শাসক দলৰ এই অভিযোগৰ বিপৰীতে ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জনোৱা হৈছে যে চৰকাৰী বাবে তেওঁৰ ভাষণ প্ৰস্তুত কৰি দিলেও ৰাজ্যপালৰ সাংবিধানিক অধিকাৰ থাকে যাৰ জৰিয়তে তেওঁ নিজে উপযুক্ত বুলি বিবেচনা কৰা বিষয় ভাষণত ক’ব পাৰে৷তেওঁ সংক্ৰান্তিৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা পত্ৰসমূহত তামিলনাডুৰ ৰাজ্যপাল বুলি লিখাৰ পৰিবৰ্তে তামিলাগামৰ ৰাজ্যপাল বুলি লিখিছিল।আনকি ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত তামিলনাডুৰ চৰকাৰক “ শ্ৰেষ্ঠ ড্ৰাবিড়িয়ান মডেল” বুলি উল্লেখ কৰিবলৈ আপত্তি কৰিছিল। এখন ৰাজ্যৰ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পৰ্ক সদায় সুস্থ হোৱা উচিত।প্ৰথম কথা ৰাজ্যপাল সাংবিধানিকভাৱে চৰকাৰৰ এক অংশ৷তেওঁ সেয়ে তেওঁৰ ভাষণত ‘মোৰ চৰকাৰ’ বুলি উল্লেখ কৰিব লাগে৷এজন সাংবিধানিক মূৰব্বী আৰু নিৰ্বাচিত প্ৰতিনিধিৰ মাজত সুসম্পৰ্কৰ জৰিয়তে যাতে ৰাজ্যখনৰ কামকাজবোৰ আগুৱাই নিব পাৰে,তাৰবাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হয়।
দ্বিতীয় কথা হ’ল সাংবিধানিক পদত থকা ব্যক্তিজন ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য থকা ব্যক্তি হোৱা অনুচিত।কেৱল তামিলনাডুতেই নহয়,ইয়াৰ আগতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ৰাজস্থানৰ ৰাজ্যপালৰ লগত হৈছিল সংঘাত।সংঘাতৰ কাৰণ আছিল সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো মুখ্যমন্ত্ৰী গেহলটক ৰাজ্যপালে একেবাৰে কম সময়ৰ জাননী দি সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ নিৰ্দেশ দিছিল।২০০৬ চনত উত্তৰ প্ৰদেশৰ প্ৰয়াত মুখ্যমন্ত্ৰী মুলায়েম সিং যাদৱেও ৰাজ্যপাল ভি ৰাজেশ্বৰৰ বিৰুদ্ধে তেওঁৰ চৰকাৰ ভঙাৰ অভিযোগ তুলিছিল।কেৰালাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ মতবিৰোধ বহুত পুৰণি৷আনকি তেওঁলোকৰ সংঘাত কেৰালা উচ্চ ন্যায়ালয় পাইছেগৈ।কেৰালাৰ ৰাজ্যপালগৰাকীয়ে ৯ গৰাকী উপাচাৰ্যক একেলগে ইস্তফা দিবলৈ কোৱাক লৈ হৈছিল মতবিৰোধ।ৰাজ্যপাল আৰু চৰকাৰৰ মাজৰ মতবিৰোধৰ ঘটনা প্ৰকৃতাৰ্থত দুৰ্ভাগ্যজনক।সংবিধানত ৰাজ্যপাল আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক আৰু ক্ষমতা স্পষ্টকৈ উল্লেখ কৰা আছে।ইয়াত আনকি সময় অনুসৰি সালসলনি কৰাৰ বিষয়টোও আছে।ৰাজ্যপালৰ পদবীটো গুৰুত্বপূৰ্ণ আৰু যথেষ্ট দায়িত্বশীল।ৰাজ্যপাল পদৱীটো সন্মানৰ যোগ্য কিন্তু তেওঁ ভুল ক’লেও শুদ্ধ বুলি ধৰিবই লাগিব বুলি কোনো কথা নাই।

Leave A Reply

Your email address will not be published.