শক্তিহীন চীন কিন্তু কিয়?

Share This Article

ক’ভিডৰ সমস্যাই জুৰুলা কৰা দেশ চীনত দেখা দিছে এক নতুন সমস্যা।বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ চীনত দেখা দিছে এক ভয়ংকৰ সমস্যাই।অভাৱনীয়ভাৱে হ্ৰাস পাইছে দেশখনৰ জনসংখ্যা।২০২২ চনৰ শেষৰ ভাগত বেইজিঙৰ জনসংখ্যা ১হেজাৰ ৪১১কোটি ৭৫ লাখ হৈছেগৈ।মঙলবাৰে ৰাষ্ট্ৰীয় ব্যুৰ’ৰ পৰিসংখ্যা অনুসৰি বিগত বৰ্ষৰ তুলনাত দেশখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৮ লাখ ৫০ হাজাৰ কম।নেশ্যনেল ব্যুৰ’ৰ পৰিসংখ্যা অনুসৰি দেশখনত ২০২২ চনত জন্মৰ সংখ্যা ৯.৫৬ মিলিয়ন আৰু মৃত্যুৰ সংখ্যা ১০.৪১ মিলিয়ন ।১৯৬০ চনতো এবাৰ চীনৰ জনসংখ্যা এনেদৰে হ্ৰাস পাইছিল ।১৯৮০ চনত চীনে জনসংখ্যা ভয়াবহ বৃদ্ধিৰ বাবে ‘এক সন্তান নীতি’ৰ প্ৰচলন কৰিছিল৷কিন্তু জনসংখ্যা হ্ৰাস হোৱাত ১৯৮০ চনৰ জনসংখ্যা নীতি ২০১৬ চনত সলাবলগীয়া হৈছিল।২০১৬ চনত চ পুনৰ ৩ টা জনসংখ্যা নীতি প্ৰচলন কৰে চীনে।দেশখনত জনসংখ্যা হ্ৰাস হোৱাৰ প্ৰধান কাৰণ হ’ল দেশখনৰ মহিলাসকল শিক্ষিত হোৱাৰ লগতে বিভিন্ন স্থানত কৰ্মত নিয়োজিত হ’ল।তদুপৰি চীনৰ জনতাই যুগ যুগ ধৰি এটা সন্তান নীতিৰ লগত সহজ হৈ পৰা বাবেও আচলতে দেশখনৰ জনসংখ্যা হ্ৰাস পাইছে।অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ গৱেষক জিউজিয়ান পেঙে কয় ” চীনৰ লোকসকল বহুদিন ধৰি সৰু পৰিয়ালৰ লগত অভ্যস্ত ।চীনৰ চৰকাৰে খুব সোনকালে জন্মহাৰ বৃদ্ধিৰ বাবে কোনো নীতি গ্ৰহণ নকৰিলে চীনত ভয়াবহ সমস্যাৰ সৃষ্টি হ’ব।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.