নিযুক্তি পালে কিন্তু ভুৱা

Share This Article

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ বনবিভাগত বিয়াগোম নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে।শতাধিক প্ৰতাৰিত প্ৰাৰ্থীয়ে সামাজিক সংগঠনৰ সহায়ত মুখ্য বন সংৰক্ষকক দিয়ে স্মাৰক পত্ৰ।এই নিযুক্তি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে প্ৰাক্তন এছপিচিচিএফ অভিজিত ৰাভা, বনকৰ্মী সাধনা তিমুংপী আৰু এলড্ৰিন পাটৰ নামৰ এগৰাকী ব্যক্তিৰ ।মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ নিযুক্তিৰ বাবে নিবনুৱা যুৱক যুৱতীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতাৰিত প্ৰাৰ্থীৰ ।কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে কাৰ্বি আংলং টেৰিটৰিয়েল ছচিয়েল ছ’চাইটি চমুকৈ কাটছা নামৰ সংগঠনটোৱে।আজি কাৰ্বি আংলং বনবিভাগৰ মুখ্য বন সংৰক্ষক এছ এছ ৰাওৰ কাৰ্যালয়ত প্ৰতাৰিত চাকৰি প্ৰাৰ্থী আৰু পৰিয়ালৰ সদস্য সকলে উপস্থিত হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।২০২১ চনৰ ২৯ জুনত জিলা মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ পৰা এম আৰ, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ বাবে মুঠ ১৬৩ গৰাকী চাকৰি প্ৰাৰ্থীক দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন স্থানত নিযুক্তি প্ৰদান কৰা হৈছিল ।চাকৰি প্ৰাৰ্থী সকলে নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ গৈ এই নিযুক্তি পত্ৰ ভুৱা বুলি গম পায়।মূল অভিযুক্ত ৰূপে এলড্ৰিন পাটৰ নামৰ লোকজনক চিহ্নিত কৰিছে অভিযোগকাৰী সকলে।এলড্ৰিন পাটৰে বিগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধনশিৰি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল।সাধনা তিমুংপী নামৰ এগৰাকী ফৰেষ্টাৰৰ বিৰুদ্ধেও ডেৰলাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ।এই নিয়োগ পত্ৰ সমূহ অবৈধ আৰু ভিত্তিহীন বুলি উল্লেখ কৰি পিচিচিএফ কাৰ্যালয়ৰ পৰা এই নিয়োগ পত্ৰ সমূহ প্ৰদান কৰা হৈছিল বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে পিচিচিএফ ৰাওৱে ।কাৰ্বি আংলং জিলাত চাকৰি নি়যুক্তিৰ ক্ষেত্ৰত পৰিষদৰহে কৰ্তৃত্ব থাকে বুলি মন্তব্য কৰে তেওঁ।পৰিষদ এই নিয়োগ সন্দৰ্ভত অৱগত নাছিল বুলি জানিবলৈ দি বৰ্তমান এই অবৈধ নিযুক্তিৰ তদন্ত চলি থকা বুলি তেওঁ প্ৰকাশ কৰে ।নতুনকৈ গঠন হোৱা পশ্চিম কাৰ্বি আংলং জিলাত নিযুক্তিৰ ক্ষেত্ৰত এই অবৈধ নিযুক্তি পোৱা প্ৰতাৰিত যুৱক-যুৱতী সকলক চাকৰিত মকৰল কৰিব পাৰে নেকি সেই সন্দৰ্ভত তেওঁৰ কাৰ্যালয় আৰু পৰিষদে বিবেচনা কৰি থকা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.