সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘দোকানত কোনো মুছলমান কৰ্মী নাই’ বিজ্ঞাপন দি গ্ৰেপ্তাৰ বেকাৰিৰ মালিক

‘জৈন বেকাৰছ্ এণ্ড কনফেকছনাৰিজ’৷ চেন্নাইৰ টি নগৰৰ এখন বেকাৰি। বেকাৰিৰ স্বত্ত্বাধিকাৰীয়ে দোকানৰ সন্মুখত আঁৰি দিয়ে এক বিজ্ঞাপনৰ হ’ৰ্ডিং। বিজ্ঞাপনটোত কোৱা হয় -‘জৈন কৰ্মীয়ে খাদ্য প্ৰস্তুত কৰে। দোকানত কোনো মুছলমান কৰ্মী নাই’।
কিন্তু কিয় বেকাৰীৰ মালিকে দিলে এই বিজ্ঞাপন?
ঘটনাৰ আৰম্ভ হয় – হোৱাটছ‌এপৰ এক মেছেজক লৈ। মেছেজত কোৱা হয় -বেকাৰীখনত মুছলমান কৰ্মী আছে। সেইবাবে তাৰ পৰা খাদ্য সামগ্ৰী কিনা নহ’ব। এই হোৱাটছ‌এপ্ মেছেজৰ সূত্ৰ ধৰি বেকাৰীৰ স্বত্ত্বাধিকাৰীজনলৈ আহে বিভিন্নজনৰ ফোন। সকলোৱে জানিব বিচাৰে এটাই কথা- বেকাৰীখনত মুছলমান কৰ্মী সঁচাকৈয়ে আছে নেকি? অৱশেষত বেকাৰীৰ স্বত্ত্বাধিকাৰীজনে দোকানৰ সন্মুখত আঁৰি দিয়ে এই বিশেষ হ’ৰ্ডিং।
লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ‘দোকানত মুছলমান কৰ্মচাৰী নাই’ বুলি লিখা থকা সেই বিশেষ হ’ৰ্ডিংখনৰ ফটো। এই বিজ্ঞাপনক লৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে স্বত্ত্বাধিকাৰী জনৰ বিৰুদ্ধে।এতিয়া বেকাৰিৰ মালিক ৰঙাঘৰৰ আলহী। ধৰ্মৰ অৱমাননা আৰু বিশৃংখলৰ প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বেকাৰীখনৰ গৰাকীক।
ইয়াৰ পূৰ্বেও মধ্যপ্ৰদেশৰ ইন্দোৰত এখন গাঁৱত ‘মুছলমানৰ প্ৰৱেশ নিষেধ’ বুলি অঁৰা এখন পোষ্টাৰ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। ক’ৰোনাৰ সংকটৰ সময়ত এটা বিশেষ ধৰ্মৰ প্ৰতি বিদ্বেষ বাঢ়িছে বুলি বহুলোকে অভিযোগ উত্থাপন কৰি আহিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.