ক’ৰোনাত আক্ৰান্ত চীনৰ গুৱাংঝৌলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানচালক

Share This Article

এয়াৰ ইণ্ডিয়াৰ ৫জন বিমানচালক আৰু ২ জন টেকনিচিয়ানসহ মুঠ ৭জনৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিমান উৰণৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰা পৰীক্ষণত ধৰা পৰিছে এই কথা। ইয়াৰ পিছতেই তেঁওলোকক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি আটাইকেইজন মুম্বাইৰ বাসিন্দা। বোয়িং ৭৮৭ ড্ৰিমলাইনৰ বিমানচালক কেইজনে ২০ এপ্ৰিলত শেষৰটো উৰণ সম্পন্ন কৰিছিল। দিল্লীৰ পৰা চীনৰ গুৱাংঝৌলৈ ঔষধ আৰু চিকিৎসাজনিত সা-সামগ্ৰী লৈ গৈছিল বিমান চালক কেইজনে। শনিবাৰে দেশৰ ৭৭গৰাকী বিমানচালকক কোভিড-১৯ৰ পৰীক্ষা কৰা হৈছিল। ইয়াৰ পাছতেই ৫জন পাইলটসহ দুজনকৈ টেকনিচিয়ানৰ শৰীৰত ধৰা পৰে কোভিড-১৯ পজিটিভ। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী কৰ্মীৰ মতে এই খবৰ লাভ কৰাৰ পিছত কিছু বিমানচালক শংকিত হৈছে। আনহাতে ‘বন্দে ভাৰত’ মিশ্যনৰ পৰিপ্ৰেক্ষিতত নিউয়ৰ্কলৈ যাবলগা হ’ব কেইবাগৰাকী বিমানচালক,য’ত ক’ৰোনাৰ প্ৰভাৱ যথেষ্ট। এই লৈ চিন্তিত হৈছে কিছু বিমানচালক।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.