সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷
-এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে ভাইৰাছৰ লগত সহৱস্থানৰ উপায় উলিয়াবলৈ তেওঁ সকলোকে আহ্বান জনাইছে৷ যাতে বিশ্বৰ ৭.৮ মিলিয়ন মানুহে জীয়াই থাকিবলৈ এনে উপায় অৱলম্বন কৰিব পাৰে৷ প্ৰথম পৰ্যায়ত ক’ৰোনাৰ সংক্ৰমন ভাৰত সফল হোৱা বুলি মন্তব্য কৰি ডেভিড নাবাৰোৱে কয় যে পৰৱৰ্তী পৰ্যায়ত যাতে সামাজিক সংক্ৰমন নহয় তাৰ বাবে স্থানীয় প্ৰশাসনসমূহক সাজু কৰিব লাগিব৷ প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদক ক’ৰোনাৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে সক্ষম ৰূপত গঢ়ি তুলিব লাগিব৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.