সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা এম্বুলেঞ্চেৰে ঘূৰি আহিছিল। চাৰিদিনৰ মূৰত অসম পোৱাত লোকজনক পুত্ৰৰ সৈতে যোৱা ৯ মে’ৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰাখিছিল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.