সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তৃণমূল কংগ্ৰেছত ক্ষোভ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলে গ্ৰহণ কৰা কিছু পদক্ষেপক লৈ তীব্ৰ অসন্তুষ্টি আৰম্ভ হৈছে দলৰ ভিতৰচ’ৰাত।দলটোৰ পক্ষপাতিত্বমূলক পদক্ষেপক লৈ দলীয় নেতৃত্বক সমালোচনা কৰিছে বিৰোধী দল বিজেপিয়েও।উল্লেখ্য যে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ ৬ দিনৰ পিছতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পাৰ্থ ছেটাৰ্জীক দলৰ পৰা নিলম্বন কৰিছিল দলটোৱে।পাৰ্থ ছেটাৰ্জী আছিল পশ্চিমবংগৰ শিক্ষামন্ত্ৰী আৰু তেওঁ শিক্ষক নিযুক্তি কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত কাৰাগাৰত আছে৷যুৱ তৃণমূলৰ সম্পাদক কুন্তলক তেওঁৰ গ্ৰেপ্তাৰৰ ৫২ দিনত পিছত দলৰ পৰা বহিস্কাৰ কৰিছিল দলটোৱে৷আনহাতে,তৃণমূলৰ জিলা পৰিষদৰ সদস্য শান্তনু বেনাৰ্জীক গ্ৰেপ্তাৰৰ ৪ দিন পাছতেই দলৰ পৰা বহিস্কাৰ কৰিছিল।কিন্তু বীৰভুম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলৰ ক্ষেত্ৰত দলটোৰ স্থিতি একেবাৰে নৰম।তদুপৰি বিগত ১৭১ দিন জে’লবন্দী হৈ আছে পলাশীপাৰাৰ তৃণমূল বিধায়ক মাণিক ভট্টাচাৰ্য।কিন্তু এতিয়ালৈকে তেওঁৰ বিৰুদ্ধেও দলটোৱে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ।দলটোৰ এনেধৰণৰ পক্ষপাতমূলক আচৰণৰ বাবেই দলৰ ভিতৰত বৃদ্ধি পাইছে অসন্তুষ্টি।দলটোৰ শীৰ্ষ নেতৃত্বক এই ক্ষেত্ৰত আক্ৰমণৰ সুযোগ লৈছে বিৰোধী দল বিজেপিয়ে ।২৩২ দিন কাৰাগাৰত থকা গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত অনুব্ৰত মণ্ডলৰ ক্ষেত্ৰত মমতা বেনাৰ্জীৰ সহানুভূতিৰ বিষয়টোত প্ৰশ্ন তুলিছে বিৰোধীয়ে।কেন্দ্ৰীয় সংস্থাৰ ৰোষত পৰা ব্যক্তিক দলত ৰখা বিষয়টোক লৈ প্ৰতি দিনেই আক্ৰমণাত্মক হৈছে বিজেপি।আনহাতে,মুখ খুলিব নোখোজা তৃণমূলৰ কিছুসংখ্যক নেতায়ো মমতা বেনাৰ্জীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰাৰ সাহস গোটাব পৰা নাই যদিও ভিতৰি যে খড়গহস্ত হৈ আছে সেইটো স্পষ্ট।বিজেপিৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কয় ‘ অমিত শ্বাহৰ বিৰুদ্ধে বিজেপিয়ে কি ব্যৱস্থা ল’লে?আমিয়েই একমাত্ৰ দল যি দলৰ সদস্যৰ বিৰুদ্ধে ব্যৱস্থা লওঁ।পাৰ্থ ছেটাৰ্জী দলৰ মহাসচিব আছিল।পাৰ্থ আৰু অনুব্ৰতৰ ভিতৰত কাৰ পদবী ডাঙৰ আছিল?কিন্তু আমি পাৰ্থ ছেটাৰ্জীক লগে লগে দলৰ পৰা নিলম্বন কৰিছোঁ।আপোনালোকে অলপ দিন ধৈৰ্য্য ধৰক।ED,CBI এ তলব কৰিলেই দোষী নহয় !মোক এতিয়ালৈকে ৪ বাৰ মাতিছে ।মোকো তেতিয়া হ’লে দলৰ পৰা নিলম্বন কৰিব লাগিব !ৰাহুল গান্ধীকো মাতিছিল,তেন্তে তেওঁকো বহিস্কাৰ কৰি দিয়ক৷ED,CBI ভগবান নহয়।ই কেন্দ্ৰৰ আঙুলিৰ ঠাঁৰত নচা এজেন্সি।এই কেইটাই কেন্দ্ৰৰ নিৰ্দেশত যাকে মাতে তাকে দলবোৰে উলিয়াব লাগিব বুলি কথা নাই।’

Leave A Reply

Your email address will not be published.