Investigative reporting with dedication.

শনিবাৰে পুৱাৰ ভাগতে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত বিদ্যুতস্পৃষ্ট হৈ এজন শ্ৰমিক মৃত্যু মুখত পৰে।প্ৰাপ্ত খবৰ অনুসৰি শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ডিফু নগৰ মাজমজিয়াত স্থিত লিটল ড্ৰেগন নামৰ হোটেলৰ ছাদত । দুই দিন হাজিৰা কৰা শ্ৰমিক ক্ৰমে মিৰিক মমিন (35) আৰু অৰুণ মোমিন (45) হোটেলখনৰ ছাদৰ ওপৰত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হয় ।দুয়ো ডিফুৰে বাসিন্দা বুলি জানিব পৰা গৈছে।ঘটনা সংঘটিত হোৱাৰ লগে লগে দুয়োকে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ লৈ যোৱা হয় যদিও মিৰিক মোমিন চিকিৎসালয়লৈ গৈ পোৱাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটি লয় । আনহাতে অৰুণ মোমিন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত আৰু হাস্পাতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । ইপিনে মৃত মিৰিক মোমিনক ডিফু চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিএমচিএইছৰ অধ্যক্ষ ডাঃ শুভ্ৰজিৎ ডেকাই জানিবলৈ দিয়া অনুসৰি বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা লোক দুজনৰ এজন মৰিক মমিন চিকিৎসালয়লৈ আনি থকা অৱস্থাতে মৃত্যু হয় আৰু আনজন অৰুণ মোমিনৰ সোঁহাত আৰু সোঁভৰি জলি জখম প্ৰাপ্ত হয় । আহত অৰুণ মোমিনক ডিএমচিএইছৰ শৈল্য ৱাৰ্ডত ভৰ্তি কৰা হৈছে আৰু যাৱতীয় চিকিৎসা প্ৰদান কৰা হৈ আছে । তেওঁ বৰ্তমান বিপদমুক্ত বুলি কয় অধ্যক্ষ গৰাকীয়ে ।




