সোণৰ খনিতেই সোণৰ কণী বিচাৰিব ৰাহুল গান্ধীয়ে !

Share This Article

হয়,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জীৱনলৈ আকস্মিকভাৱে পৰিবৰ্তন অনা স্থানডোখৰেই আছিল সোণৰ খনিৰ বাবে বিখ্যাত কৰ্ণাটকৰ কোলাৰ।সেই কোলাৰতেই লাগিছিল ৰাহুল গান্ধীৰ জীৱনৰ ‘শনি’।২০১৯ চনত কৰ্ণাটকৰ কোলাৰত প্ৰদান কৰা এক নিৰ্বাচনী ভাষণৰ বাবে ৰাহুল গান্ধীয়ে হেৰুৱাবলগীয়া হ’ল সাংসদ পদ,তেওঁৰ চৰকাৰী বাসভৱন সকলো।প্ৰধানমন্ত্ৰী মোডীৰ উপাধি সন্দৰ্ভত আগবঢ়োৱা বিতৰ্কিত মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে গুজৰাটৰ বিধায়ক পূৰ্ণেশ মোডীয়ে তৰিছিল মানহানিৰ গোচৰ।বিগত ২৩মাৰ্চত চুৰাটৰ আদালতে এই গোচৰৰ ৰায় প্ৰদান কৰে।ৰায় অনুসৰি ৰাহুল গান্ধীৰ দুবছৰ কাৰাদণ্ড বিহা হয়।ইয়াৰ এদিন পিছতেই অৰ্থাৎ ২৪ মাৰ্চত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হয় আৰু ২৭ মাৰ্চত তেওঁৰ চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়ে লোকসভাৰ সচিবালয়ে।ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পিছতে দেশৰ প্ৰায় ১৭ টা বিৰোধী দলে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে।কংগ্ৰেছৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা আপ আৰু তৃণমূল কংগ্ৰেছেও বিৰোধী দলৰ ঐক্যবদ্ধ প্ৰতিবাদত অংশ লয়।শাসক দলৰ হঠকাৰী সিন্ধান্তই কিন্তু ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনৰ ওপৰত নঞৰ্থক প্ৰভাৱৰ পৰিবৰ্তে যেন কিছু সদৰ্থক প্ৰভাৱহে পেলোৱা আৰম্ভ কৰিলে।ঘূৰাই পেলালে যেন ৰাহুল গান্ধীৰ ৰাজনৈতিক জীৱনৰ ৰথৰ চকৰি !

উল্লেখ্য যে কৰ্ণাটকত অহা ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ৰাজ্যখনত বৰ্তমান বিজেপিৰ শাসন চলি আছে।কৰ্ণাটকত কংগ্ৰেছ ,বিজেপিৰ ওপৰিও জনতা দল (এছ) শক্তিশালী দল।ইতিমধ্যে মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইৰ সংগ ত্যাগ কৰিছে কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধায়কে।শুকুৰবাৰৰ দিনটোতো ৫ বাৰৰ বিধায়ক গোপালকৃষ্ণই বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদানৰ সিদ্ধান্ত লয়।বিধায়কগৰাকীয়ে সদৰী কৰা অনুসৰি আন কেইবাগৰাকীও বিজেপি বিধায়কে কংগ্ৰেছত যোগদান কৰিব।কৰ্ণাটকৰ নিৰ্বাচনে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ এক পটভূমি তৈয়াৰ কৰিব।সেয়ে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই কৰ্ণাটকৰ নিৰ্বাচনী যুঁজক এক অগ্নিপৰীক্ষা হিচাপে গ্ৰহণ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.