সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তাৰালাংচ’ত আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ

আজিৰে পৰা ডিফুৰ তাৰালাংচ’ৰ বাকৰিত উৰিছে কাৰ্বি কলা-কৃষ্টি সংস্কৃতিৰ বিজয় ধ্বজা।১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে চলিব ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ।
পুৱাৰ ভাগত কাৰবি সকলৰ আদিগুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলিৰে আৰম্ভ হৈছে ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ।কাৰবি আংলঙৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক শিল্পীৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় মহোৎসৱৰ কাৰ্যসূচী।সাংস্কৃতিক শোভাযাত্ৰাটিৰ নেতৃত্ব বহন কৰে কাৰবি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰই।হেমফু মুক্ৰাং আচেথাই (মঞ্চত) শিল্পীসকল সমবেত হৈ বৰ্ণময় কৰি তোলে তাৰালাংচ’ৰ বাকৰি।কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰই কেচিএছৰ পতাকা উত্তোলন কৰাৰ পিছতে বেলুন উৰুৱাই শান্তিৰ বাৰ্তা প্ৰেৰণ কৰা হয়।৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ বাকৰিত নানা ধৰণৰ প্ৰদৰ্শনী, বিপনী, জনজাতীয় কলা -কৃষ্টি নৃত্য গীতেৰে মুখৰিত হৈ পৰে তাৰালাংচৰ বাকৰি।অহা বছৰ কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হব।মুখ্য অতিথি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে এই কথা অৱগত কৰে।কাৰবি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষত ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীৰ নিমন্ত্ৰণ কৰা হ’ব বুলি জানিবলৈ দিছে তুলিৰাম ৰংহাঙে।উদ্ধোধনী অনুষ্ঠাত জিলাখনৰ বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.