অৰুণাচলৰ কথাই ‘আমনি’ কৰে আমেৰিকাকো !

Share This Article

আমেৰিকাৰ ছিনেটত স্থান পাইছে অৰুণাচল প্ৰদেশৰ প্ৰসংগই।অৰুণাচল প্ৰদেশ ভাৰতৰ এক অংগ,এই কথাত সন্মতি প্ৰকাশ কৰিছে আমেৰিকাৰ ছিনেটে।ডেমক্ৰেটিক ছিনেটৰ জেফ মাৰ্কলে,ৰিপাব্লিকান ছিনেটৰ বিল হাগেৰ্ট আৰু আন এগৰাকী ছিনেটৰে অৰুণাচল প্ৰদেশ সন্দৰ্ভত এক স্থিতি গ্ৰহণ কৰিছে।তেওঁলোকে অৰুণাচল প্ৰদেশক ভাৰতৰ এখন ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে।ছিনেটৰৰ এই সিন্ধান্তৰ লগত শেহতীয়াকৈ ভাৰত -চীন সীমান্তত চলা সীমান্ত সংঘাতৰ বিষয়টো জড়িত হৈ আছে।’এই প্ৰস্তাৱৰ পৰা এটা কথা স্পষ্ট যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ এখন ৰাজ্য অৰুণাচলক ইয়াৰ অংশ বুলি ভাৱে।ই কেতিয়াও চীনৰ অংশ হ’ব নোৱাৰে।আমেৰিকাই আগন্তুক দিনত এইক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহায় -সহযোগিতা আগবঢ়াব।এইক্ষেত্ৰত যদি একে মনোভাৱাপন্ন আন দেশেও সহযোগিতা আগবঢ়াই তেন্তেএইক্ষেত্ৰত আমেৰিকাৰ কোনো আপত্তি নাথাকিব।’এই প্ৰস্তাৱত চীনৰ আগ্ৰাসী ৰূপটোক কঠোৰ ভাষাৰে সমালোচনা কৰা হয়।তদুপৰি চীনৰ সামৰিক সেনা বাহিনীক নিয়ন্ত্ৰণ ৰেখাত প্ৰৱেশ কৰোৱাই বলপূৰ্বকভাৱে গাঁও স্থাপন কৰাটোক কঠোৰ ভাষাৰে সমালোচনা কৰা হয়।প্ৰস্তাৱটোত ভাৰতে চীনৰ নিৰাপত্তা বাহিনীৰ ভাবুকিৰ পৰা নিজ দেশক ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰা হয়।এই প্ৰস্তাৱৰ জৰিয়তে ভাৰত-চীনৰ সম্পৰ্ক মজবুত কৰাৰ সিন্ধান্তও গ্ৰহণ কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.