বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

Share This Article

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এক ব্যতিক্ৰমী পদক্ষেপ।সমষ্টিবাসীৰ মাজত ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক প্ৰতিভা সন্ধানৰ উদ্দ্যেশ্যে প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ আয়োজন কৰিছে।দুটা পৰ্যায়ত অনুষ্ঠিত হব এই প্ৰতিযোগিতা।১৮, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত পঞ্চায়ত আৰু নগৰ পৰ্যায়ত অনুষ্ঠিত হব এই প্ৰতিয়োগিতা।তাৰ পিছতেই ২৬, ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হব এই প্ৰতিযোগিতা। সাহিত্য আৰু সংস্কৃতি প্ৰতিযোগিতা সমূহ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সোঁৱৰণী সাহিত্য সোঁৱৰণী ক্ষেত্ৰ বৰ্ডিং খেলপথাৰত হোৱাৰ বিপৰীতে ক্ৰীড়াবিদ বসৎ দৌলা সোঁৱৰণী ক্ৰীড়া ক্ষেত্ৰ দৰবাৰ খেলপথাৰত অনুষ্ঠিত হ’ব।প্ৰতিযোগিতাত ফুটবল, ভলীবল, কাবাদী, দৌৰ, শ্বটপুট, জেভলিং, চিত্ৰাংকন, তৰ্ক, ৰচনা, কুইজ, কবিতা আবৃত্তি, বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু গীত, ঢোল বাদন, হুচৰি, জেং বিহু আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.