সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ছপা মাধ্যমৰ সংকট

“সৌৰভ কুমাৰ চলিহাক এবাৰ সোধোতে কৈছিল, তেওঁ হেনো লিখে ছপা আখৰত নিজৰ নামটো দেখিবলৈ। এতিয়া হয়তো ছপাবলৈ বুলিয়েই লিখা-মেলা কৰা মানুহৰ সংখ্যা নোহোৱা হ’ব। এফালৰ পৰা এগাল মানুহৰ চাকৰি নোহোৱা হ’ব। আন ফালে নতুন নতুন চাকৰি ওলাব। এফালে মাৰে, এফালে বাঢ়ে। খালী কথাটো হ’ল – ছপা মাধ্যমৰ ইন্তেকাল আপুনি মানি ল’ব পাৰিব নে নাই!”- ৰাহুল গৌতম শর্মাৰ কলমত

                                                                                        ছপা মাধ্যমৰ সংকট

- Donation -

লেখক ৰাহুল গৌতম শর্মা

হঠাতে এদিন খবৰ ওলাল, সাদিন কাকতখন হেনো বন্ধ হৈ যাব। ফেচবুকত হাহাকাৰ লাগিল। ফেচবুক এখন এনেকুৱা ঠাই, জুই য’তেই নালাগক, ধোঁৱা তাত ওলাবই ওলাব। কোনোদিনে কাকতখন নপঢ়া মানুহেও আৱেগবিহ্বল টোকা-মন্তব্য প্ৰকাশ কৰিলে। খেনোৱে লেখিলে, সাদিন মৰাই ভালেই হৈছে, প্ৰজন্মৰ পাছত প্ৰজন্ম হেনো নষ্ট কৰি আহিছিল কাকতখনে। পাছত গম পোৱা গ’ল যে, সাদিনৰ প্ৰকাশন বন্ধ হোৱা নাই, চৰিত্ৰহে সলনি হৈছে, সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা বিজ্ঞপ্তি জাৰি কৰা হ’ল – সাদিন বন্ধ হোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি ঘোষণা কৰা হ’ল। বহু লোকে ক’লে যে সাদিন এতিয়াৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া পৰিপূৰিকা হিচাপে প্ৰকাশ পাব। বাস্তৱিকতে সাদিন কেনেদৰে প্ৰকাশিত হ’ব এতিয়াও স্পষ্ট হৈ উঠা নাই। যা হওক, কোনো লোকে সাদিন মৰা বুলি আনন্দ পালেও বাস্তৱতে সাদিন মৰা নাই। এইটো ঠিক যে, বেছিভাগ কৰ্মচাৰীকেই চাটাই কৰাটো স্পষ্ট হৈ পৰিছে। তেওঁলোকৰ চাকৰি যোৱাটোক লৈ কোনোবাই নাচ-গান কৰিলেও কৰিব পাৰে, সকলোৰে নিজ নিজ ৰুচি-অভিৰুচি।
সাদিন বন্ধ হ’ব বুলি ওলোৱা খবৰটোৱে অসমীয়া বাতৰিকাকতসমূহৰ অৱস্থাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি দিলে। কোৰোণাৰ এই গোটেই সংকটটো আৰম্ভ হওতেই কোনোবাই ভুচুংকৈ খবৰ উলিয়াই দিলে যে বাতৰিকাকতৰ পৰা হেনো ভাইৰাছটো সংক্ৰমিত হ’ব পাৰে। কাকতবোৰৰ প্ৰচলন সংখ্যা হোৰাহোৰে ঘাটিবলৈ ধৰিলে। সকলো কাকতৰ স্বত্বাধিকাৰী মিলি বিজ্ঞাপন দিলে মানে দিলে, প্ৰচলন সংখ্যা বঢ়াৰ কোনো নাম-গোন্ধেই দেখা নগ’ল। ট্ৰিবিউন গোষ্ঠীৰ দৰে সংবাদ প্ৰতিষ্ঠানো কঁপি উঠিল। আমাৰ অসমৰ দৰে সম্ভ্ৰান্ত বাতৰিকাকত মাত্ৰ বিছ-ত্ৰিছ হাজাৰৰ মাজত প্ৰচলন হ’বলৈ ধৰিলে। ছপাশাল বন্ধ কৰি দিয়াৰ লগে লগে, বিহু সংখ্যাৰ আলোচনীৰ প্ৰকাশ বন্ধ হৈ গৈছিল, সাতসৰী-গৰীয়সীৰ দৰে আলোচনীৰো এটা সংখ্যা নোলাল। প্ৰান্তিকৰ, যি প্ৰান্তিকে আজি কেইমাহমানৰ আগলৈকে ই-মেইলত লেখাই গ্ৰহণ কৰা নাছিল, এতিয়া অনলাইন সংস্কৰণ দেখিবলৈ পোৱা গ’ল। সকলো দেখি বুজা গ’ল – বহু মানুহে অভ্যাসতে ঘৰত কাকত এখন ৰাখিছিল, এই যি এৰা পৰিল, পৰিলেই। এনে সময়ত, অসমীয়া ছপা মাধ্যমৰ ভৱিষ্যত বৰ আশাব্যঞ্জক যে নহয়, সেয়া বুজিবলৈ সাধাৰণ সম্ভাৱিতাৰ জ্ঞানেই যথেষ্ট।
অসমত এনেই সাধাৰণ অৱস্থাত আটাইতকৈ বেছি চলা অসমীয়া কাকতখন হ’ল অসমীয়া প্ৰতিদিন। ডেৰ লাখমান কপী বিক্ৰী হয়। চাৰে তিনি কোটি মানুহৰ ৰাজ্যত আটাইতকৈ বেছি চলা অসমীয়া কাকতখনৰ প্ৰচলন সংখ্যা ডেৰ লাখ, নিশ্চয়কৈ ছপা আখৰৰ প্ৰতি মোহগ্ৰস্ত জাতিৰ নিদৰ্শন নহয়। অসমীয়া কাকতসমূহৰ একোটা ৱেবচাইটো আছে। আগেয়ে বিনামূলীয়া আছিল। অসমীয়া প্ৰতিদিনৰটোত কেইমাহমানৰ পৰা দাম ধৰি দিয়া হৈছে। বাকী কাকতবোৰে সেইটো কৰা নাই। মানুহে মোবাইলত বা কম্পিউটাৰতে পঢ়িছে। সাত-আঠ টকা খৰচ কৰি ছপা কাগজখন কিনাৰ যুক্তিযুক্ততা নোহোৱা হৈ পৰিছে। কাকতবোৰে কি কৰিব লাগে বুজি পোৱা নাই। বহু কাকতৰ পৰা প্ৰুফৰীডাৰৰ চাকৰি চাটাই হৈ গৈছে। লাহে লাহে, সকলোৱে কম্পিউটাৰত লিখিবলৈ শিকিলে ডিটিপি অপাৰেটৰৰ চাকৰিকেইটাও যাব। এনেকৈ লাহে লাহে কাকতকেইখন মৰিবগৈ। অন্ততঃ ছপা মাধ্যমত মৰিব, অনলাইন প্ৰকাশ পালেও। বিখ্যাত ইংৰাজী বাৰ্তালোচনী আউটলুকৰ ইতিমধ্যেই ছপা সংস্কৰণত তলা লাগিছে। আমাৰ ইয়াত লাগিবলৈ বৰ বেছি সময় নাই।
এনে এটা সময়ত ৱেৱ পৰ্টেলৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে। এসময়ত পিচিঅ’ খোলাৰ নিচিনাকৈ এতিয়া ফেচবুকত পেজ খুলি সকলো সাংবাদিক হৈছে। যিয়ে যি পায় তাকে লিখিছে, প্ৰকাশ কৰিছে। আগতে বহু ধনী মানুহে ক’লা টকা বগা কৰিবলৈ কাকতৰ ব্যৱসায়ত পইচা লগাইছিল – এতিয়া তেনে লোকে ৱেব পৰ্টেলত পইচা লগাবলৈ আৰম্ভ কৰিছে। অনলাইন লিখা-মেলা কৰি বিখ্যাত সাহিত্যিকৰ জন্ম হৈছে। মানুহে পঢ়িছে, আঁকোৱালি লৈছে। কাকতৰ সম্পাদনাৰ লগত ৰাজনৈতিক হিচাপ-নিকাচ থাকে। চৰকাৰী বিজ্ঞাপন নোহোৱাকৈ আঞ্চলিক ভাষাৰ বাতৰিকাকত চলাই ৰখাটো টান। সেয়ে সকলো কথা প্ৰকাশ নাপায়। অনলাইন লিখা-মেলা কৰাসকলে তেনে অসুবিধা জয় কৰিছে। একে সময়তে, বহুতে জাবৰ লিখিছে। ভালেই হৈছে, অন্ততঃ কাগজৰ অপচয় হোৱা নাই।
লকডাউন ঘোষণা হোৱাৰ পাছতে হঠাতে দেখা গ’ল – যেনি তেনি অসমীয়া কিতাপৰ পিডিএফ ঘূৰিবলৈ ধৰিছে। মানুহে কিতাপ পঢ়িব খোজা নাই, তেনে নহয়, কিন্তু কিনি পঢ়িব খোজা নাই। তাতকৈয়ো ডাঙৰ কথা, ছপা-বন্ধা কিতাপ এখন পঢ়িবলৈ যিমান প্ৰস্তুতি, আয়োজন আৰু ঠাই লাগে, মোবাইলত পঢ়িলে নালাগে। অসমীয়া কিতাপৰ পাঠক এনেয়েও কম। পিডিএফ ওলোৱাৰ কাৰবাৰটো আৰম্ভ হোৱাৰ লগে লগে গম পোৱা গ’ল – এই ব্যৱসায়ত পইচা লগোৱাসকলৰ পইচা পানীত পৰিল। অনুৰাধা শৰ্মা পূজাৰীৰ দৰে লেখক, পুথি প্ৰকাশক সংস্থাৰ ধীৰাজ গোস্বামী আদিসকলে এনে কাম বন্ধ কৰিবলৈ হাত যোৰ কৰি আহ্বান জনালে। কোনে শুনে? অসমীয়া গান-চিনেমাৰ অস্থি উটুৱাই হাত নোধোৱালৈকে পাইৰেচী বন্ধ হোৱা নাছিল। ছপা কিতাপক মাৰিহে পিডিএফ-ৰ কাৰবাৰ বন্ধ হ’ব। লকডাউন শেষ হয় মানে মানুহৰ হাতত টকা-পইচাও নাথাকিবগৈ। গ্ৰন্থমেলাত আচাৰ কিনিবলৈ আগতে যিখিনি মানুহ গৈছিল, সেইখিনিও নোযোৱা হ’ব।
সৌৰভ কুমাৰ চলিহাক এবাৰ সোধোতে কৈছিল, তেওঁ হেনো লিখে ছপা আখৰত নিজৰ নামটো দেখিবলৈ। এতিয়া হয়তো ছপাবলৈ বুলিয়েই লিখা-মেলা কৰা মানুহৰ সংখ্যা নোহোৱা হ’ব। এফালৰ পৰা এগাল মানুহৰ চাকৰি নোহোৱা হ’ব। আন ফালে নতুন নতুন চাকৰি ওলাব। এফালে মাৰে, এফালে বাঢ়ে। খালী কথাটো হ’ল – ছপা মাধ্যমৰ ইন্তেকাল আপুনি মানি ল’ব পাৰিব নে নাই!

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.