সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰীৰ সৈতে বহুত কথা আছে …

অৰূপ কলিতা
সেই খেতিয়কজন ,বানে ধুই নিছে যাৰ কেবাবিঘা মাটিৰ খেতি৷ নতুনকৈ খেতিত নামিবৰ বাবে নাই কঠীয়া ৷ কৃষিমন্ত্ৰীয়ে কৈছে বিনামূলীয়াকৈ শালি ধানৰ কঠীয়া দিব বুলি ৷ বিনামূলীয়া নালাগে, লাগিলে উচিত দাম দিয়ে কিনিব ৷ কিন্তু কঠীয়াৰ ব্যৱস্থা কৰি দিয়ক ৷ পানী লাহে লাহে শুকাই গ’লেও কঠীয়াৰ অভাৱত ছন পৰি ৰ’ব খেতি মাটিডৰা ৷ কথাটো কাক ক’লে কাম হ’ব নাজানে তেওঁ ৷ গতিকে মুখ্যমন্ত্ৰীকে পোনপটীয়াকৈ ক’ব খোজে ৷ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ কথা আছে…৷
পলিটিক্স নজনা ,দুবেলা দুসাজ ভাত খুটি খুটি খোৱা এই দেশৰ এজন দুৰ্ভগীয়া নাগৰিক ৷ প্ৰতিবছৰে বানে জুৰুলা কৰে ৷ বছৰৰ তিথিৰ নিচিনাকৈ বান আহে , ঘৰ বাৰী বুৰ যায় আৰু তেওঁলোক মঠাউৰিত উঠেগৈ ৷ পানী এসময়ত শুকায় ,তেওঁলোক আকৌ ঘৰলৈ ওভতে ৷ ভাবিছিল গাঁৱৰে ‘ ককৈ ‘ মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই যাতনাৰ পৰা মুক্তি পাব ৷ আশাত বন্দী হৈ থাকোতেই চাৰিটাকৈ বছৰ উকলি গ’ল ৷এইবাৰ খহনীয়াত খেতি মাটি-ভেটি সমুদায় জাহ গ’ল ৷ টিভি , পেপাৰত দুৰ্দশাৰ কথা বহুত দেখালে -চাগে ককৈয়ে দেখা নাই ৷সেইবাবে মুখ্যমন্ত্ৰীক তেওঁ নিজে এবাৰ লগ পাব খোজে৷ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ কথা আছে…৷
দুই কৌটি চাকৰিৰ প্ৰতিশ্ৰুতিত মোহগ্ৰস্থ এজন অসমীয়া যুৱক ৷ চৰকাৰী চাকৰিৰ বাবে প্ৰায় প্ৰতিটো ইন্টাৰভিউ দিছে ৷ কোনোবাটোত যদি মন্ত্ৰী- এম এল এৰ ঘৰৰ মানুহে চাকৰি পালে , আন কোনোবাটোৰ ৰিজাল্ট আজি এবছৰ ধৰি নিদিলে ৷এতিয়া কাম কৰি আছিল মহানগৰীত ৷ ব্যক্তিগত খণ্ডত ৷ চাৰিটা মাহৰ লকডাউনে সকলোকে জুৰুলা কৰিলে ৷ কৰি থকা যৎসামান্য দৰমহাৰ চাকৰিটোও গ’ল ৷ প্ৰচণ্ড হতাশাই মন-মগজু ভাৰাক্ৰান্ত কৰি তুলিছে ৷ একো উৱাদিহ পোৱা নাই -কি হ’ব ,কি কৰিব ,কোন পথেৰে আগবাঢ়িব ৷ মুখ্যমন্ত্ৰীক এবাৰ অন্তত: তেওঁ লগ পাব খোজে , বহুত কথা আছে মুখ্যমন্ত্ৰীৰ লগত ….৷
চাৰিটা মাহ পাৰ হৈ গ’ল – এতিয়াও দোকানত বহি মাখি মাৰি থকাৰ বাহিৰে একো যেন কামেই নাই ৷ স্বাৱলম্বী হোৱাৰ ইচ্ছাৰে চাৰিআলিতে দিছিল হাৰ্ডৱেৰৰ দোকান ৷ লাহে লাহে ব্যৱসায় শিকিব আৰম্ভ কৰিছিলহে ৷ তাৰ লগে লগে আহিল ক’ৰোনা আৰু লকডাউন ৷ এতিয়া দোকান খোলা দিছে যদিও গ্ৰাহকৰ মুখ দেখাটো ভগৱানৰ সাক্ষাৎ লাভৰ নিচিনা কথা হৈ পৰিছে ৷ ইফালে ,বেংকে আকৌ কাটিবলৈ আৰম্ভ কৰিছে ঋণৰ ই এম আই ৷ ক্লাছ হওক বা নহওক- ল’ৰা ছোৱালীৰ স্কুলৰ ফীজটো দিবই লাগিব ৷ দেনা – পাওনাৰ হিচাপত পাবলগীয়াৰ ঘৰ শূণ্য – দিবলগীয়াৰ তালিকা বহুত দীঘল ৷ মাজতে শুনিলে ব্যৱসায়ীৰ লোকচানৰ জোৰা মাৰিবলৈ মোদী চৰকাৰে কেবালাখ টকাৰ সাহায্য দিছে ৷ এতিয়ালৈ দেখোন তাৰো উম ঘাম নাই ৷ কি হ’ল এই বিশাল পেকেজৰ ,তেওঁলোকৰ বাবে কিবা ভাবিছে নেকি চৰকাৰে -কথাটো মুখ্যমন্ত্ৰীকে মুকলিকৈ সুধিব খোজে ৷ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰো কথা আছে….৷
মুখ্যমন্ত্ৰীৰ লগত বহুতৰ বহুত কথা আছে ৷ এই দুৰ্যোগৰ দিনত ৩ কৌটি ৩৩ লাখ মানুহৰ বেছিভাগৰে মুখ্যমন্ত্ৰীক কিবা নহয় কিবা ক’বলগীয়া আছে ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো মুখ্যমন্ত্ৰী সোণোৱালক অসমৰ ছাত্ৰ- ছাত্ৰী ,নাগৰিক সমাজৰ বহুত কথা ক’বলগীয়া আছে ৷ হৰিশংকৰ ব্ৰক্ষ্ম নেতৃত্বাধীন ভূমি সংস্কাৰ সমিতিৰ প্ৰতিবেদনৰ কি হ’ল ,জনজাতিকৰণৰ বাবে গঠন কৰা সিংলা সমিতিৰ প্ৰতিবেদন- হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীগোটৰ ৰিপ’ৰ্টৰ কি হ’ব ,অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন অমিত শ্বাহে ল’লেনে – এনে আৰু বহু কথাই মুখ্যমন্ত্ৰী গৰাকীক সুধিবলগীয়া আছে ৷ কিবা ক’বলৈ বা সুধিবলৈ যোৱা মানেই নিশ্চয় ‘ কা’ সমৰ্থন কৰাটো নুবুজাব ৷ বা কোনোবাই পূৰ্বৰ স্থিতি সলাই সমৰ্থন কৰিবও পাৰে৷ সময়ৰ লগে লগে মানুহৰ বুদ্ধি-বৃত্তিৰ বিকাশ হয়, স্থিতি সলনি হয় – ইয়াত আপত্তি -আলোচনা কৰিবলগীয়া বিশেষ নাই ৷ শেহতীয়াকৈ জুবিন গাৰ্গকলৈও বিভিন্ন মহলত ব্যাপক আলোচনা চলিছে ৷ আলোচনাৰ কেন্দ্ৰবিন্দু এখন বিশেষ ফটো ,য’ত সপৰিয়ালে জুবিন গাৰ্গক দেখা গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত ৷ আৰু মুখ্যমন্ত্ৰীৰ চকীখনত ধৰি আত্মবিশ্বাসেৰে থিয় হৈ আছে কা বিৰোধী আন্দোলনৰ অন্যতম নেতা জুবিন গাৰ্গ ৷ বহুতৰ খঙ উঠিল ৷ উত্তেজিত হৈ জুবিনক সমালোচনা কৰিবলৈ ল’লে ৷ গায়কজনে পাছদিনাই স্পষ্টীকৰণ আগবঢ়াই ক’লে – তেওঁ এক অৰ্থনৈতিক আন্দোলনৰ বাবেহে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে ,কা বিৰোধী স্থিতিত এতিয়াও অটল আছে ৷ কিন্তু সন্দিহান ৰাইজ তেতিয়াও আশ্বস্ত নহ’ল ৷ এইবাৰ বাৰে বাৰে সুধিলে- যিখন চৰকাৰক কেইদিনমান আগতে জুবিন গাৰ্গে ওফৰাই পেলোৱাৰ হুংকাৰ দিছিল , সোণোৱাল – শৰ্মাৰ ওপৰত প্ৰতিশোধ লোৱাৰ সকীয়নি দিছিল , সেই কথাবোৰত তেওঁৰ আজিৰ স্থিতি কি ? দ্বিধাহীন ভাষাৰে জুবিনে জনাই দিছে – মুখ্যমন্ত্ৰীৰ ব্যক্তিত্বৰ আলোকেৰে তেওঁ প্ৰভাৱিত, তেওঁ অসমৰ বাবে তেনে এজন মুখ্যমন্ত্ৰীয়ে বিচাৰে ৷ কথা ইমানতে স্পষ্ট ৷ জুবিনসহ অসমৰ সকলো শিল্পীৰ বাবেই বছৰটো অত্যন্ত বেয়া ৷ থিয়েটাৰবোৰ বন্ধ হৈ পৰিছে , বিহুৰ বতৰো এইবাৰ উকা -উৰুঙা হৈ ৰ’ল ৷ উপাৰ্জনৰ সকলো বাটেই বন্ধ ৷ গতিকে বিকল্পৰ সন্ধান কৰিবলগীয়া হৈছে ৷ সকলো শিল্পীৰে নিশ্চয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কিবা নহয় কিবা ক’বলগীয়া আছিল ৷ যিদৰে অসমৰ ছাত্ৰ-কৃষক – নিবনুৱা- ব্যৱসায়ী সকলোৰে মুখ্যমন্ত্ৰীৰ লগত কথা আছে ৷সকলোৰে বাবে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পোৱাটো সম্ভৱ নহয় ৷ কিন্তু মানুহজন জুবিন গাৰ্গ হ’লে কথাটো পৃথক ৷ সহজতে তেওঁ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পালে আৰু নিজৰ ব্যৱসায়ৰ বাবে সহায় – সহযোগ বিচাৰিলে ৷ এই কথাটো দুয়োপক্ষৰ পৰাই ব্যক্তিগত স্তৰত ৰখা হ’ল ৷ ৰাজহুৱা যেতিয়া হ’ল তেতিয়া জুবিনে অৰ্থনৈতিক বিপ্লৱৰ অজুহাত দিবলৈ বিচাৰিলে ৷ কিন্তু কৃষিপ্ৰধান অৰ্থনীতিৰ ৰাজ্য অসমত যিসময়ত ১.৫ লাখ হেক্টৰৰো অধিক খেতি মাটি পানীৰ তলত আছে , বানত ককবকাই থকা ৰাইজে যেতিয়া নতুনকৈ খেতিৰ বাবে কঠীয়া বিচাৰি হাবাথুৰি খাইছে – তেওঁলোকক বাদ দি কি অৰ্থনৈতিক বিপ্লৱৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ লগত কৰিলে -তাৰ কোনো বাখ্যা জুবিনৰ ওচৰত নাই ৷ সেইবোৰ কথা বাদেই দিলো – পোনপটীয়াকৈ ক’বলৈ গ’লে জুবিন গাৰ্গে নিজৰ ব্যৱসায়িক অংকত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে ৷ এয়া তেওঁৰ ব্যক্তিগত আৰু ব্যৱসায়িক সাক্ষাৎ ৷ যাৰ বাবে কম দিনৰ ভিতৰতে পূৰ্বৰ ৰাজনৈতিক স্থিতি সলনি কৰিবলগীয়া হ’ল ৷ এইদৰে তেওঁ আন আন শিল্পীসকলকো বাট এটা দেখুৱাই দিছে ৷ আন্দোলনৰ জঞ্জালখনৰ পৰা মুক্ত হোৱাৰ ৷ মুকলিকৈ আগৰ স্থিতিৰ পৰা আঁতৰি আহিবলৈ তেওঁ আনসকলক সাহস দিছে ৷ তেওঁলোকৰ আগত পথিকৃৎ হৈ থিয় দিছে ৷ এই সাহসতে কিছু সময় আগতে বিপিন চাউদাঙেও মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে ৷তেওঁ কি বিপ্লৱৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ,সেয়া অৱশ্যে এতিয়াও ৰাজহুৱা কৰা নাই ৷
আচলতে জুবিন গাৰ্গে দেখুৱাই দিয়া বাটটোত চলাতো বহুতৰ বাব অতি সহজ, আন বহুতৰ বাবে অত্যন্ত কঠিন ৷ মুখ্যমন্ত্ৰীক মনৰ কথা মুখামুখিকৈ ক’ব নোৱাৰিয়ে ছমাহ আগত ৰাজপথত টায়াৰ জ্বলাই কাৰ বিৰোধিতা কৰিছিল হাজাৰ হাজাৰ ৰাইজে ৷জুবিন গাৰ্গৰ কা বিৰোধী সভাত ঘন্টাৰ পাছত ঘন্টা উপস্থিত থাকি ৰাইজে এটাই আশা কৰিছিল- কেতিয়াবা মুখ্যমন্ত্ৰীক লগ পালে জুবিনে নিশ্চয় ৰাইজৰ মনৰ কথা তেওঁক জনাব ৷ মূক জনতাৰ মনৰ কথাবোৰ জুবিনে মুখ্যমন্ত্ৰীক ক’ব ৷ মুখ্যমন্ত্ৰীক ক’বলৈ বুকুত হাজাৰ কথা সাচি ৰখা এই মানুহবোৰক ইমান কম সময়ৰ ব্যৱধানত পাহৰি যাব পৰাটো কম সহজ কথা নহয় ৷ একেসময়তে আন কাৰোবাৰ ই অত্যন্ত কঠিনো ৷ হয়তো ব্ৰক্ষ্মপুত্ৰ গেষ্ট হাউচত ৰাইজৰ কথাই গুৰুত্ব নাপাব বুলিয়েই বহুতে তালৈ যোৱাৰ পৰা বিৰত থাকিব ৷ আন বহুতে সুৰসুৰীয়াকৈ গৈ নিজৰ ব্যৱসায়িক কথাবোৰ পাতি আহিব ৷ জুবিনে ইতিমধ্যে সেই পথ সাজি দিছে ৷ ….জুবিনৰ পাছে পাছে আৰু বহুতেই এতিয়া নতুন পথত খোজ ল’ব ৷ কিন্তু পথাৰত , মথাউৰিত , বিক্ৰীশূণ্য দোকানত , এমপ্ল্য়মেন্ট এক্সচেঞ্জৰ কিউত বহু লোক আগৰ দৰেই ৰৈ যাব ৷ মুখ্যমন্ত্ৰীক ক’বলগীয়া কথাবোৰ নোকোৱাকৈ থাকি যাব ৷অথচ তেওঁলোকৰ এতিয়াও মুখ্যমন্ত্ৰীক ক’বলৈ বহুত কথা আছে…৷

Leave A Reply

Your email address will not be published.