সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

অৰূপ কলিতা

টিপু চুলতান বন গয়া ৷

টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা তিনিটা নাম পছন্দ কৰিবলৈ দিয়া হ’ল ৷ তিৱাৰীয়ে ক’লে – ‘অখিলেশ  নামটোৱে ভাল লাগিব ৷’ টিপু সেই নামেৰেই স্কুললৈ গ’ল ৷ কলেজ , বিশ্ববিদ্যালয় উত্তীৰ্ণ হ’ল ৷ জীৱনৰ ৩৮ বছৰ বয়সত দেশৰ বৃহত্তম ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’ল ৷ টিপু মুখ্যমন্ত্ৰী হ’ল , স্কুলৰ লগৰবোৰে হৰ্ষোল্লাস কৰিলে – টিপু বন গয়া চুলতান ৷

- Donation -

সেই টিপুৰ কেৰিয়াৰ আজি অস্তাচলত ৷ ক্ৰমাগত দুটাকৈ নিৰ্বাচনত পৰাজয়ে তেওক কঠিন অন্ধকাৰৰ সন্মুখত আনি থিয় কৰাইছে ৷  তাতোকৈ ডাঙৰ কথা তেওৰ পৰম্পৰাগত ভোটবেংক , প্ৰচলিত ৰণকৌশল সকলো অচল হৈ পৰিল বিজেপিৰ ধুমুহাৰ আগত৷

 

কৈ আছো অখিলেশ যাদৱৰ কথা ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী ৷ যিয়ে অলপতে জীৱনৰ আটাইতকৈ কঠিন নিৰ্বাচনী যুঁজখনত পৰাজিত হৈছে ৷ অখিলেশ যাদৱৰ বাবে এয়া কেৱল নিৰ্বাচন নাছিল , আছিল অস্তিত্ব প্ৰমান আৰু ৰক্ষাৰ মহাৰণ ৷ সেই ৰণত সদ্যহতে পৰাজিত হৈছে অখিলেশ যাদৱ৷

২০১৭ চনত সন্মুখত বিজেপিতকৈও ডাঙৰ প্ৰত্যাহ্বান আছিল নিজৰ পৰিয়াল ৷ খুড়াক শিৱপাল যাদৱ , দেউতাক মূলায়ম সিঙ যাদৱ , দলৰ ডাঙৰ নেতা ৰাম গোপাল যাদৱ , ক্ষমতাশালী মুছলমান নেতা আজম খান আৰু বহুতৰ অভিভাৱকত্ব মানি চলিবলগীয়া হৈছিল অখিলেশ যাদৱে ৷ এটা সময়ত সেই কৰ্তৃত্ব অস্বীকাৰ কৰিছিল ৷পৰিণতিত দল চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল ৷ আৰু তেনে এটা বিধ্বস্ত শিবিৰৰ নেতৃত্ব লৈ নতুনকৈ কেন্দ্ৰৰ ক্ষমতালৈ অহা বিজেপিৰ মুখামুখি হৈছিল অখিলেশ যাদৱ ৷

 

তাৰ আগলৈকে বিজেপি অখিলেশৰ মূল প্ৰতিদ্বন্দী নাছিল ৷ প্ৰতিদ্বন্দী আছিল দেউতাক মূলায়ম সিঙৰ সতীৰ্থসকল ৷ এসময়ত অমৰ সিঙক লৈ শংকিত হৈছিল অখিলেশ যাদৱ ৷ কাৰণ , অমৰ সিঙেই আছিল দিল্লীৰ ক্ষমতাৰ অলিন্দত মূলায়মৰ লাখুটি ৷ কিন্তু ২০০৯ চনত অমৰ সিঙ আৰু মূলায়ম সিঙ যাদৱৰ বিচ্ছেদ হয় ৷ ২০১২ চন অহালৈ মূলায়ম সিঙৰ ছাঁটোৰ দৰে হৈ পৰে অখিলেশ ৷ সেইগৰাকী মূলায়ম সিঙ যাদৱ , যাৰ পৰিচয় কেৱল অখিলেশ যাদৱৰ পিতৃ নহয় ৷ ৰাম মনোহৰ লোহিয়াৰ পৰা যি শিকিছিল ৰাজনীতিৰ আদিপাঠ ৷ ১৯৯২ চনত যিয়ে স্থাপন কৰিছিল সমাজবাদী পাৰ্টী ৷ নিজৰ সম্প্ৰদায় যাদৱৰ জনসংখ্যা মাত্ৰ ৮.৫ শতাংশ ৷কিন্তু উত্তৰ প্ৰদেশৰ দৰে জাতিবাদৰ ৰাজনীতি প্ৰচলিত ৰাজ্য এখনত দল গঠন কৰিয়েই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় ৷ পিতৃ মূলায়ম সিঙ যাদৱেই আছিল অখিলেশৰ আদিগুৰু ৷ ৩৫ বছৰ বয়সত যেতিয়া দলৰ প্ৰদেশ সভাপতিৰ দায়িত্ব লয় , তেতিয়া উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী বিৰোধীৰ আসনত ৷দলৰ প্ৰতীক  চাইকেল লৈ অখিলেশে আৰম্ভ কৰিলে ‘চাইকেল যাত্ৰা’ ৷এই যাত্ৰাই অভিজ্ঞতা দিলে , সমাজৰ লগত একাত্ম হোৱাৰ সুযোগ দিলে ৷ তেনেকৈয়ে ২০১২ চনত সমাজবাদী পাৰ্টী নিৰ্বাচনত বিজয়ী হ’ল আৰু টিপু মুখ্যমন্ত্ৰী হ’ল ৷

 

দিন যোৱাৰ লগে লগে আৰম্ভ হ’ল সংঘাত ৷ প্ৰথমতে দলৰ মজিয়াত , তাৰ পাছত পৰিয়ালৰ মাজত ৷২০১৩ চনৰ মুজাফৰনগৰৰ সাম্প্ৰদায়িক সংঘাতে তেতিয়ালৈকে ৰাজ্যখনো অস্থিৰ কৰি তুলিছে৷ একেসময়তে দেউতাক মূলায়ম সিঙ যাদৱ আৰু খুড়াক শিৱপাল যাদৱৰ সৈতে দূৰত্ব বাঢ়ি আহিল অখিলেশৰ ৷পৰিস্থিতিৰ অধিক অৱনতি ঘটিল তেতিয়া , যেতিয়া অমৰ সিঙ আকৌ কাষ চাপি আহিল মূলায়ম সিঙৰ ৷ এদিন এনে সময়ো আহি পৰিল যেতিয়া মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে তেও পিতৃৰ ঘৰ এৰি ওলাই আহিল ৷ মূলায়ম সিঙৰ চকুত অখিলেশ হৈ পৰিল এজন অবাধ্য পুত্ৰ সন্তান ৷ ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ টিকট বিতৰণক লৈ দুয়োৰে মাজত সৃষ্টি হ’ল তীব্ৰ সংঘাত ৷ আনকি দলৰ প্ৰতীক চিহ্ন ‘চাইকেল’ কাৰ ওচৰত থাকিব , তাক লৈও অনিশ্চয়তা আহি পৰিল ৷ অৱশেষত যেনিবা চাইকেলৰ কৰ্তৃত্ব অখিলেশেই লাভ কৰিলে৷ কিন্তু খুড়াক শিৱপাল যাদৱে গঠন কৰিলে নতুন দল ৷ এই সংঘাত , এই বিশৃংখলতাৰ পৰিণাম দেখা গ’ল ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত ৷ মাত্ৰ ৪৭ খন আসনত সন্তুষ্ট থাকিল অখিলেশ যাদৱ ৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিত ছুনামিৰ সৃষ্টি কৰি ক্ষমতালৈ আহিল বিজেপি ৷ মুখ্যমন্ত্ৰী হ’ল যোগী আদিত্যনাথ ৷

২০২২ত ভাগি চিগি টুকুৰা টুকুৰ হোৱা দলটোক একগোট কৰি আকৌ অখিলেশ সাজু হ’ল নিৰ্বাচনলৈ ৷ পৰিয়ালতন্ত্ৰৰ অভিযোগ দূৰ কৰিবলৈ নিৰ্বাচনৰ পৰাই পৰিয়ালক আঁতৰত ৰাখিলে ৷ গুণ্ডাগিৰিৰ কলংকৰ পৰা মুক্ত হ’বলৈ এসময়ৰ দলৰ ঘণিষ্ঠ মাফিয়াৰ বিৰুদ্ধেও শক্তিশালী প্ৰাৰ্থী থিয় কৰালে ৷ প্ৰতিটো সৰু বৰ জাতিক একেলগে সামৰি লোৱাৰ চেষ্টা চলালে ৷ কিন্তু আপ্ৰাণ যুঁজৰ পাছতো ব্যৰ্থ হ’ল অখিলেশ যাদৱ ৷ সামাজিক ন্যায়ৰ আধাৰত গঢ়ি উঠা তেওৰ দল আকৌ এবাৰ উত্তৰ প্ৰদেশত পৰাস্ত হ’ল ৷ লগে লগে প্ৰশ্ন উঠিল – দেশত অপ্ৰাসংগিক হৈ পৰিল নেকি সমাজবাদৰ ৰাজনীতি ?

Leave A Reply

Your email address will not be published.