সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

Share This Article

টিপু চুলতান বন গয়া ৷

টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা তিনিটা নাম পছন্দ কৰিবলৈ দিয়া হ’ল ৷ তিৱাৰীয়ে ক’লে – ‘অখিলেশ  নামটোৱে ভাল লাগিব ৷’ টিপু সেই নামেৰেই স্কুললৈ গ’ল ৷ কলেজ , বিশ্ববিদ্যালয় উত্তীৰ্ণ হ’ল ৷ জীৱনৰ ৩৮ বছৰ বয়সত দেশৰ বৃহত্তম ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’ল ৷ টিপু মুখ্যমন্ত্ৰী হ’ল , স্কুলৰ লগৰবোৰে হৰ্ষোল্লাস কৰিলে – টিপু বন গয়া চুলতান ৷

সেই টিপুৰ কেৰিয়াৰ আজি অস্তাচলত ৷ ক্ৰমাগত দুটাকৈ নিৰ্বাচনত পৰাজয়ে তেওক কঠিন অন্ধকাৰৰ সন্মুখত আনি থিয় কৰাইছে ৷  তাতোকৈ ডাঙৰ কথা তেওৰ পৰম্পৰাগত ভোটবেংক , প্ৰচলিত ৰণকৌশল সকলো অচল হৈ পৰিল বিজেপিৰ ধুমুহাৰ আগত৷

 

কৈ আছো অখিলেশ যাদৱৰ কথা ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী ৷ যিয়ে অলপতে জীৱনৰ আটাইতকৈ কঠিন নিৰ্বাচনী যুঁজখনত পৰাজিত হৈছে ৷ অখিলেশ যাদৱৰ বাবে এয়া কেৱল নিৰ্বাচন নাছিল , আছিল অস্তিত্ব প্ৰমান আৰু ৰক্ষাৰ মহাৰণ ৷ সেই ৰণত সদ্যহতে পৰাজিত হৈছে অখিলেশ যাদৱ৷

২০১৭ চনত সন্মুখত বিজেপিতকৈও ডাঙৰ প্ৰত্যাহ্বান আছিল নিজৰ পৰিয়াল ৷ খুড়াক শিৱপাল যাদৱ , দেউতাক মূলায়ম সিঙ যাদৱ , দলৰ ডাঙৰ নেতা ৰাম গোপাল যাদৱ , ক্ষমতাশালী মুছলমান নেতা আজম খান আৰু বহুতৰ অভিভাৱকত্ব মানি চলিবলগীয়া হৈছিল অখিলেশ যাদৱে ৷ এটা সময়ত সেই কৰ্তৃত্ব অস্বীকাৰ কৰিছিল ৷পৰিণতিত দল চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল ৷ আৰু তেনে এটা বিধ্বস্ত শিবিৰৰ নেতৃত্ব লৈ নতুনকৈ কেন্দ্ৰৰ ক্ষমতালৈ অহা বিজেপিৰ মুখামুখি হৈছিল অখিলেশ যাদৱ ৷

 

তাৰ আগলৈকে বিজেপি অখিলেশৰ মূল প্ৰতিদ্বন্দী নাছিল ৷ প্ৰতিদ্বন্দী আছিল দেউতাক মূলায়ম সিঙৰ সতীৰ্থসকল ৷ এসময়ত অমৰ সিঙক লৈ শংকিত হৈছিল অখিলেশ যাদৱ ৷ কাৰণ , অমৰ সিঙেই আছিল দিল্লীৰ ক্ষমতাৰ অলিন্দত মূলায়মৰ লাখুটি ৷ কিন্তু ২০০৯ চনত অমৰ সিঙ আৰু মূলায়ম সিঙ যাদৱৰ বিচ্ছেদ হয় ৷ ২০১২ চন অহালৈ মূলায়ম সিঙৰ ছাঁটোৰ দৰে হৈ পৰে অখিলেশ ৷ সেইগৰাকী মূলায়ম সিঙ যাদৱ , যাৰ পৰিচয় কেৱল অখিলেশ যাদৱৰ পিতৃ নহয় ৷ ৰাম মনোহৰ লোহিয়াৰ পৰা যি শিকিছিল ৰাজনীতিৰ আদিপাঠ ৷ ১৯৯২ চনত যিয়ে স্থাপন কৰিছিল সমাজবাদী পাৰ্টী ৷ নিজৰ সম্প্ৰদায় যাদৱৰ জনসংখ্যা মাত্ৰ ৮.৫ শতাংশ ৷কিন্তু উত্তৰ প্ৰদেশৰ দৰে জাতিবাদৰ ৰাজনীতি প্ৰচলিত ৰাজ্য এখনত দল গঠন কৰিয়েই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় ৷ পিতৃ মূলায়ম সিঙ যাদৱেই আছিল অখিলেশৰ আদিগুৰু ৷ ৩৫ বছৰ বয়সত যেতিয়া দলৰ প্ৰদেশ সভাপতিৰ দায়িত্ব লয় , তেতিয়া উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টী বিৰোধীৰ আসনত ৷দলৰ প্ৰতীক  চাইকেল লৈ অখিলেশে আৰম্ভ কৰিলে ‘চাইকেল যাত্ৰা’ ৷এই যাত্ৰাই অভিজ্ঞতা দিলে , সমাজৰ লগত একাত্ম হোৱাৰ সুযোগ দিলে ৷ তেনেকৈয়ে ২০১২ চনত সমাজবাদী পাৰ্টী নিৰ্বাচনত বিজয়ী হ’ল আৰু টিপু মুখ্যমন্ত্ৰী হ’ল ৷

 

দিন যোৱাৰ লগে লগে আৰম্ভ হ’ল সংঘাত ৷ প্ৰথমতে দলৰ মজিয়াত , তাৰ পাছত পৰিয়ালৰ মাজত ৷২০১৩ চনৰ মুজাফৰনগৰৰ সাম্প্ৰদায়িক সংঘাতে তেতিয়ালৈকে ৰাজ্যখনো অস্থিৰ কৰি তুলিছে৷ একেসময়তে দেউতাক মূলায়ম সিঙ যাদৱ আৰু খুড়াক শিৱপাল যাদৱৰ সৈতে দূৰত্ব বাঢ়ি আহিল অখিলেশৰ ৷পৰিস্থিতিৰ অধিক অৱনতি ঘটিল তেতিয়া , যেতিয়া অমৰ সিঙ আকৌ কাষ চাপি আহিল মূলায়ম সিঙৰ ৷ এদিন এনে সময়ো আহি পৰিল যেতিয়া মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে তেও পিতৃৰ ঘৰ এৰি ওলাই আহিল ৷ মূলায়ম সিঙৰ চকুত অখিলেশ হৈ পৰিল এজন অবাধ্য পুত্ৰ সন্তান ৷ ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ টিকট বিতৰণক লৈ দুয়োৰে মাজত সৃষ্টি হ’ল তীব্ৰ সংঘাত ৷ আনকি দলৰ প্ৰতীক চিহ্ন ‘চাইকেল’ কাৰ ওচৰত থাকিব , তাক লৈও অনিশ্চয়তা আহি পৰিল ৷ অৱশেষত যেনিবা চাইকেলৰ কৰ্তৃত্ব অখিলেশেই লাভ কৰিলে৷ কিন্তু খুড়াক শিৱপাল যাদৱে গঠন কৰিলে নতুন দল ৷ এই সংঘাত , এই বিশৃংখলতাৰ পৰিণাম দেখা গ’ল ২০১৭ ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত ৷ মাত্ৰ ৪৭ খন আসনত সন্তুষ্ট থাকিল অখিলেশ যাদৱ ৷ উত্তৰ প্ৰদেশৰ ৰাজনীতিত ছুনামিৰ সৃষ্টি কৰি ক্ষমতালৈ আহিল বিজেপি ৷ মুখ্যমন্ত্ৰী হ’ল যোগী আদিত্যনাথ ৷

২০২২ত ভাগি চিগি টুকুৰা টুকুৰ হোৱা দলটোক একগোট কৰি আকৌ অখিলেশ সাজু হ’ল নিৰ্বাচনলৈ ৷ পৰিয়ালতন্ত্ৰৰ অভিযোগ দূৰ কৰিবলৈ নিৰ্বাচনৰ পৰাই পৰিয়ালক আঁতৰত ৰাখিলে ৷ গুণ্ডাগিৰিৰ কলংকৰ পৰা মুক্ত হ’বলৈ এসময়ৰ দলৰ ঘণিষ্ঠ মাফিয়াৰ বিৰুদ্ধেও শক্তিশালী প্ৰাৰ্থী থিয় কৰালে ৷ প্ৰতিটো সৰু বৰ জাতিক একেলগে সামৰি লোৱাৰ চেষ্টা চলালে ৷ কিন্তু আপ্ৰাণ যুঁজৰ পাছতো ব্যৰ্থ হ’ল অখিলেশ যাদৱ ৷ সামাজিক ন্যায়ৰ আধাৰত গঢ়ি উঠা তেওৰ দল আকৌ এবাৰ উত্তৰ প্ৰদেশত পৰাস্ত হ’ল ৷ লগে লগে প্ৰশ্ন উঠিল – দেশত অপ্ৰাসংগিক হৈ পৰিল নেকি সমাজবাদৰ ৰাজনীতি ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.